শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’লৰ এটা ডবা নিৰ্মাণৰ বাবদ কিমান কোটি টকা খৰচ হয় জানেনে?

প্ৰায় সকলো লোকে জানে যে ৰে'লত যাত্ৰা কৰিবলৈ মুঠ তিনি প্ৰকাৰৰ ডবা ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ কোচৰ দাম নিৰ্ভৰ কৰে সেইবোৰৰ ধৰণৰ ওপৰত।

ৰে’লৰ এটা ডবা নিৰ্মাণৰ বাবদ কিমান কোটি টকা খৰচ হয় জানেনে?
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 30 Jul 2025 18:09 PM

বিশ্বৰ ভিতৰতে ভাৰতত চতুৰ্থ বৃহত্তম ৰে’লৱে নেটৱৰ্ক আছে। দেশৰ বিভিন্ন পথত প্ৰতিদিনে প্ৰায় ১৮ হাজাৰ ৰে’ল চলাচল কৰে। যিয়ে প্ৰতিদিনে প্ৰায় ৪ কোটি যাত্ৰীক গন্তব্যস্থানলৈ অনা-নিয়া কৰে। ৰে’লত যাত্ৰী কঢ়িয়াই নিব পৰাকৈ ডবা নিৰ্মাণ হয়। ইয়াৰ ভিতৰত জেনেৰেল, শ্লীপাৰ আৰু এচি এই তিনিধৰণৰ কোচ বা ডবা থাকে। আপুনিও হয়তো বহুবাৰ ৰে’লযোগে ভ্ৰমণ কৰিছে।  কিন্তু কেতিয়াবা ভাবি চাইছেনে আপুনি যাত্ৰা কৰা সেই ৰে’লৰ ডবাটো নিৰ্মাণৰ নামত কিমান টকা খৰচ হয়। বহুতে নাজানে ৰে’লত ডবা বনাবলৈ কিমান খৰচ হয়?

ৰে’লত এচি ডবা এটাৰ খৰচ কিমান?

প্ৰায় সকলো লোকে জানে যে ৰে’লত যাত্ৰা কৰিবলৈ মুঠ তিনি প্ৰকাৰৰ ডবা ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ কোচৰ দাম নিৰ্ভৰ কৰে সেইবোৰৰ ধৰণৰ ওপৰত। সাধাৰণভাৱে ক’বলৈ গ’লে ৰে’লত এচি ডবা বনাবলৈ প্ৰায় ২.৮ৰ পৰা ৩ কোটি টকা খৰচ হয়। শ্লীপাৰ কোচ বনাবলৈ ১.২৫ কোটি টকা খৰচ হয়।

তদুপৰি বন্দে ভাৰতৰ ৰে’লৰ ডবা বনাবলৈ প্ৰায় ১ কোটি টকা খৰচ হয়। সেই ক্ষেত্ৰত সমগ্ৰ ৰে’লখনৰ খৰচ প্ৰায় ১১০ৰ পৰা ১২০ কোটি টকা।  আচলতে খৰচ নিৰ্ভৰ কৰে কোচৰ ডিজাইন, ইয়াৰ সুবিধা আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত। যদি ষ্টেইনলেছ ষ্টীল আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়, তেন্তে ইয়াৰ খৰচ বৃদ্ধি পাব পাৰে। একে সময়তে যদি বায়’-টয়লেটৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, তেন্তে খৰচ বেছি হ’ব পাৰে।