শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত প্ৰধানমন্ত্ৰীয়ে দিলে সফলতাৰ খতিয়ান, মহিলা উদ্যোগীৰ প্ৰসঙ্গত কৰিলে এনে মন্তব্য

নিজ ভাষণত তেওঁ ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ এক খতিয়ান দাঙি ধৰে। ভাষণত তেওঁ বিশেষকৈ মহিলা উদ্যমীসকলৰ অৱদান আৰু দেশৰ অৰ্থনীতিলৈ অহা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে।

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত প্ৰধানমন্ত্ৰীয়ে দিলে সফলতাৰ খতিয়ান, মহিলা উদ্যোগীৰ প্ৰসঙ্গত কৰিলে এনে মন্তব্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীImage Credit source: X/ Narendra Modi
Monjit Dutta
Monjit Dutta | Published: 16 Jan 2026 18:02 PM

আজি ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস (National Startup Day)। এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব সফলতাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজ ভাষণত তেওঁ ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ এক খতিয়ান দাঙি ধৰে। ভাষণত তেওঁ বিশেষকৈ মহিলা উদ্যমীসকলৰ অৱদান আৰু দেশৰ অৰ্থনীতিলৈ অহা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। এই দিনটোৰ ১০ম বৰ্ষপূৰ্তিৰ ঐতিহাসিক ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত কিদৰে বিশ্বৰ এখন আগশাৰীৰ ষ্টাৰ্টআপ হাবত পৰিণত হৈছে, তাৰ সবিশেষ ব্যাখ্যা কৰে।

ষ্টাৰ্টআপ ইণ্ডিয়াত নাৰী শক্তিৰ জয়জয়কাৰ

প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতেই ষ্টাৰ্টআপ ইণ্ডিয়াৰ সফলতাত মহিলাসকলৰ ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰে। তেওঁ জনায় যে বৰ্তমান ভাৰতৰ ৪৫ শতাংশতকৈও অধিক ষ্টাৰ্টআপত অতি কমেও এগৰাকী মহিলা সঞ্চালক বা প্ৰতিষ্ঠাপক আছে। প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ দেশৰ কন্যা সন্তানে এই বিশাল পৰিৱৰ্তনত এক বৃহৎ ভূমিকা পালন কৰিছে।”

১০ বছৰীয়া যাত্ৰাৰ সফলতা

যোৱা এটা দশকত ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশটোৱে কেনেকৈ ক্ৰমান্বয়ে বিকাশ লাভ কৰিছে, সেই বিষয়ে ক’বলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইটামান গুৰুত্বপূৰ্ণ পৰিসংখ্যা দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে ১০ বছৰ পূৰ্বে দেশত ৫০০ টাৰো কম ষ্টাৰ্টআপ আছিল।

কিন্তু বৰ্তমান এই সংখ্যাই ২ লাখৰ সীমা অতিক্ৰম কৰিছে বুলি তেওঁ কয়। একেদৰে, ২০১৪ চনত দেশত মাত্ৰ ৪টা ইউনিকৰ্ণ (Unicorn) আছিল, এই সংখ্যা এতিয়া প্ৰায় ১২৫টা সক্ৰিয় ইউনিকৰ্ণলৈ বৃদ্ধি পাইছে। ভাৰতৰ এই অভাবনীয় অগ্ৰগতিক সমগ্ৰ বিশ্বই এতিয়া বিষ্ময় আৰু শ্ৰদ্ধাৰে লক্ষ্য কৰিছে বুলি তেওঁ দোহাৰে।

২০২৫ চনৰ নতুন অভিলেখ আৰু নিযুক্তি

প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে কেৱল যোৱা ২০২৫ বৰ্ষটোতে দেশত প্ৰায় ৪৪,০০০ নতুন ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনি আৰম্ভ হোৱাৰ পৰা যিকোনো এটা বৰ্ষত হোৱা এয়া সৰ্বাধিক বৃদ্ধি। এই পৰিসংখ্যাই ভাৰতীয় ষ্টাৰ্টআপৰ সফলতাৰ প্ৰমাণ দিয়ে।

লগতে এনে তথ্যই প্ৰমাণ কৰে যে ভাৰতীয় ষ্টাৰ্টআপসমূহে কেৱল উদ্ভাৱনতে মনোনিৱেশ কৰা নাই, বৰঞ্চ দেশৰ নিবনুৱা সমস্যা সমাধান আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো এক মুখ্য চালিকা শক্তি হিচাপে কাম কৰিছে। বৰ্তমানৰ ষ্টাৰ্টআপসমূহ ইউনিকৰ্ণ হোৱাৰ লগতে আইপিঅ’ (IPO) মুকলি কৰি অৰ্থনীতিৰ মূলসুঁতিত খোপনি পুতিছে।

সৰু চহৰৰ পৰা উদ্ভাৱনৰ জোৱাৰ

ষ্টাৰ্টআপ খণ্ডৰ আন এক ইতিবাচক দিশ উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন চিন্তা আৰু ব্যৱসায়সমূহ কেৱল বেংগালুৰু, দিল্লী বা মুম্বাইৰ দৰে মহানগৰীতে আবদ্ধ হৈ থকা নাই। আজি ভাৰতৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ পৰাও হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।

ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশে যে আজি দেশৰ প্ৰতিটো কোণৰ যুৱক-যুৱতীৰ বাবে সমান সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, সেয়া প্ৰমাণ কৰিছে। এই সৰ্বাংগীন বিকাশে ভাৰতৰ সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিছে বুলি ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।