ফেচবুকত ৮০ বছৰীয়া বৃদ্ধৰ প্ৰেম! ৪ গৰাকী মহিলাৰ বাবে হেৰুৱালে প্ৰায় ৯ কোটি টকা…
২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ৮.৭ কোটি টকা ট্ৰেন্সফাৰ হৈছিল আৰু এই সকলোবোৰ ৭৩৪ বাৰত কৰা হৈছিল। সঞ্চয়ৰ সকলোখিনি হেৰুৱাই তেওঁৰ বোৱাৰীৰ পৰা ২ লাখ টকা ধাৰ লৈ পুত্ৰৰ পৰা ৫ লাখ টকা বিচাৰিছিল। তেতিয়া পুত্ৰৰ সন্দেহ হ’ল আৰু তেওঁ ঘটনাৰ আঁৰৰ গোটেই সত্যতা জানিব পাৰিলে।

অসাৱধানভাৱে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাটো কিমান বিপদজনক হ’ ব পাৰে তাৰ উদাহৰণ আমি বহুতো পায় থাকো। কিন্তু তাৰ পিছতো যেন বাৰে বাৰে এনোবোৰ ঘটনা সংঘটিত হৈ থাকে। এইবাৰ বন্ধুত্বৰ অজুহাতত এজন ৮০ বছৰীয়া বৃদ্ধৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মুম্বাইত বাস কৰা বৃদ্ধজনৰ পৰা ৭৩৪ বাৰত প্ৰায় ৮.৭ কোটি টকা জব্দ কৰা হৈছে। এই ঘটনাৰ আৰম্ভণি হৈছিল ২০২৩ চনৰ এপ্ৰিল মাহত, যেতিয়া বৃদ্ধজনে ফেচবুকত শৰ্ৱী নামৰ এগৰাকী মহিলালৈ বন্ধুত্বৰ অনুৰোধ প্ৰেৰণ কৰিছিল। প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে সেই অনুৰোধ নাকচ কৰিছিল যদিও কিছুদিন পিছত সেই একেগৰাকী মহিলাই নিজেই তেওঁক বন্ধুত্বৰ অনুৰোধ পঠিয়াইছিল। লাহে লাহে কথা-বতৰা আৰম্ভ হ’ল, যিটো পিছত হোৱাটছএপত উপনীত হ’ল।
শৰ্ৱীয়ে নিজৰ বিষয়ে কয় যে তেওঁ নিজেই বিবাহ বিচ্ছেদ আৰু দুটা সন্তানৰ মাতৃ। বহু সমস্যাৰ সন্মুখীন হোৱা বুলি দাবী কৰে মহিলাগৰাকীয়ে। কেতিয়াবা শিশুৰ অসুখৰ অজুহাতত কেতিয়াবা আৰ্থিক সংকটৰ অজুহাতত তেওঁ বাৰে বাৰে বৃদ্ধজনৰ পৰা টকা বিচাৰি থাকিল, আৰু প্ৰতিবাৰেই তেওঁ মহিলাগৰাকীক সহায় কৰিবলৈ মান্তি হয়।
কেনেকৈ আৰম্ভ হ’ল প্ৰৱঞ্চনা?
কথাটো ইয়াতেই ক্ষান্ত নাথাকিল। কিছু সময়ৰ পাছত কবিতা নামৰ আন এগৰাকী মহিলাই কথা-বতৰাত যোগ দিলে। অশ্লীল মেছেজ পঠিয়াই তাৰ পিছত অসুস্থ শিশুটিৰ চিকিৎসাৰ নামত টকা বিচাৰিছিল। ইয়াৰ পিছতে ডিনাজ নামৰ এগৰাকী মহিলা আগবাঢ়ি আহিল, যিয়ে নিজকে শৰ্ৱীৰ ভগ্নী বুলি পৰিচয় দিলে। তেওঁ ক’লে যে শৰ্ৱীৰ মৃত্যু হৈছে আৰু মৃত্যুৰ আগতে তেওঁৰ হাস্পাতালৰ বিল পৰিশোধৰ দায়িত্ব বৃদ্ধজনৰ হাতত অৰ্পণ কৰিছিল।
হোৱাটছএপৰ মেছেজৰ স্ক্ৰীণশ্বট পঠিয়াই ডিনাজে বৃদ্ধ লোকজনক পতিয়ন নিয়াইছিল আৰু তেওঁৰ পৰা টকা লৈছিল। বৃদ্ধজনে টকা ঘূৰাই দিয়াৰ কথা কওঁতে তেওঁ আত্মহত্যাৰ ভাবুকি দিলে। ইয়াৰ পিছত কাহিনীটোত জেচমিন নামৰ এগৰাকী মহিলা প্ৰৱেশ ঘটে, যিয়ে নিজকে ডিনাজৰ বন্ধু বুলি পৰিচয় দি সহায়ৰ বাবে কাতৰ অনুৰোধ কৰিছিল।
কিমান টকা দিলে?
বৃদ্ধজনে তেওঁলৈও টকা পঠিয়াই দিলে। ইটোৰ পিছত সিটো নতুন চৰিত্ৰ আহি থাকিল আৰু বৃদ্ধ লোকজনো প্ৰৱঞ্চনাৰ জালত আবদ্ধ হৈ থাকিল। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ৮.৭ কোটি টকা ট্ৰেন্সফাৰ হৈছিল আৰু এই সকলোবোৰ ৭৩৪ বাৰত কৰা হৈছিল। সঞ্চয়ৰ সকলোখিনি হেৰুৱাই তেওঁৰ বোৱাৰীৰ পৰা ২ লাখ টকা ধাৰ লৈ পুত্ৰৰ পৰা ৫ লাখ টকা বিচাৰিছিল। তেতিয়া পুত্ৰৰ সন্দেহ হ’ল আৰু তেওঁ ঘটনাৰ আঁৰৰ গোটেই সত্যতা জানিব পাৰিলে।
সত্য ওলোৱাৰ পিছত বৃদ্ধজন ইমানেই থতমত খালে যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ’ল। চিকিৎসকে জনোৱা মতে, তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত, যিটো ৰোগত স্মৃতিশক্তি আৰু বুজাবুজিৰ ক্ষমতা ক্ৰমান্বয়ে কমি যায়। ২২ জুলাইত বৃদ্ধসকলে চাইবাৰ ক্ৰাইম হেল্পলাইনত এই সন্দৰ্ভত অভিযোগ দিছিল। ইয়াৰ পিছতে ৬ আগষ্টত এফআইআৰ ৰুজু হৈছিল।আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই সমগ্ৰ গোচৰটোত চাৰিগৰাকী মহিলাৰ নাম চৰ্চালৈ আহিছে। অৱশ্যে সন্দেহ হৈছে যে আটাইকেইটা নাম এজনী মহিলাৰে হ’ব পাৰে।
লগতে পঢ়ক: শোকাৱহ! মূৰৰ ওপৰতে ভাঙি পৰিল দেৱাল, শিশুসহ ৭ জনৰ মৃত্যু, আবদ্ধ বহু…