শোকাৱহ! মূৰৰ ওপৰতে ভাঙি পৰিল দেৱাল, শিশুসহ ৭ জনৰ মৃত্যু, আবদ্ধ বহু…
প্ৰায় ১০ জন লোক দেৱালৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৭ জনৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অভিযানত লিপ্ত হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু সাহায্য দল।

দিল্লীৰ জয়তপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ইয়াত দেৱাল ভাঙি মৃত্যু হয় ৭ জন লোকৰ । বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা। ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে। নিহতসকলৰ ভিতৰত ৩ জন পুৰুষ, ২ গৰাকী মহিলা আৰু ২টা শিশু আছে।
দক্ষিণ-পূব অতিৰিক্ত ডিচিপি ঐশ্বৰ্য শৰ্মাই কয়, “ইয়াত এটা পুৰণি মন্দিৰ আছে আৰু ইয়াৰ কাষতে পুৰণি বস্তি আছে য’ত জাৱৰৰ ব্যৱসায়ীসকল থাকে। নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেৱালখন ভাঙি পৰে। আৱদ্ধ হৈ থকা ৮ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।” তেওঁ আৰু কয়, “আমি এতিয়া এই বস্তিসমূহ খালী কৰিছো যাতে ভৱিষ্যতে এনে কোনো ঘটনা সংঘটিত নহয়।”
#UPDATE | Seven people have died in the wall collapse incident in Harinagar, Jaitpur, including 3 men, 2 women and 2 girls: Delhi Police https://t.co/B9F9TE4LTk
— ANI (@ANI) August 9, 2025
জানিব পৰা মতকে ভাঙি পৰিছে হৰিনগৰৰ বাবা মোহন ৰাম মন্দিৰৰ সমীপৰ সমাধিস্থলৰ দেৱাল । প্ৰায় ১০ জন লোক দেৱালৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ইতিমধ্যে ৭ জনৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অভিযানত লিপ্ত হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু সাহায্য দল।
মৃতকৰ সবিশেষ
পুৰুষ – শ্বাবিবুল (৩০), ৰবিবুল (৩০), মুট্টু আলী (৪৫)
মহিলা – ৰুবিনা (২৫), ডলী (২৫)
শিশু – ৰুখছানা (৬), হাছিনা (৭)
আহত – হাচিবুল
শুকুৰবাৰৰ নিশাৰ পৰা বৰষুণ
শুকুৰবাৰে নিশাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত বৰষুণ হৈ থকাৰ বাবেই ৰাখীবন্ধনৰ পুৱা বহু অঞ্চল পানীৰে বুৰ গৈছে। শনিবাৰে পুৱা ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উত্তৰ, পশ্চিম, দক্ষিণ, দক্ষিণ-পূব আৰু মধ্য দিল্লীৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছিল যদিও পিছত ইয়াক হালধীয়া সতৰ্কতালৈ হ্ৰাস কৰি ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।
বতৰ বিভাগে ভাগ কৰা তথ্য অনুসৰি শনিবাৰে পুৱা ৮.৩০ বজালৈকে যোৱা ২৪ ঘণ্টাত সফদাৰজংস্থিত দিল্লীৰ প্ৰাথমিক বতৰ কেন্দ্ৰত ৭৮.৭ মিলিমিটাৰ (মি.মি.), প্ৰগতি ময়দানত ১০০ মিলিমিটাৰ, লোধি পথৰ এলেকা ৮০ মিলিমিটাৰ, পুছাত ৬৯ মিলিমিটাৰ আৰু পালামত ৩১.৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।