শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

স্বামী চকিদাৰ, পত্নী MBBS! এটা কোঠাৰ ভিতৰত সংঘটিত কৰিলে ডাঙৰ কাণ্ড…

পুনৰ পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। প্ৰায় ৪ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল যুৱক-যুৱতী। শেহতীয়াকৈ পত্নীয়ে এম বি বি এছৰ বাবে নিৰ্বাচিত হৈছিল। যাৰ পাছত স্বামীৰ প্ৰতি তেওঁৰ আচৰণ সলনি হৈছিল।

স্বামী চকিদাৰ, পত্নী MBBS! এটা কোঠাৰ ভিতৰত সংঘটিত কৰিলে ডাঙৰ কাণ্ড…
মধ্যপ্ৰদেশত ঘটনা
barasha-sarma
Barasha Sarma | Updated On: 22 Oct 2025 22:49 PM

পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এহাল স্বামী-স্ত্ৰীয়ে গ্ৰহণ কৰিলে জীৱনৰ চৰম পন্থা। জানিব পৰা মতে, পত্নী এগৰাকী এম বি বি এছৰ ছাত্ৰী আৰু স্বামীয়ে ডেলিভাৰী বয় হিচাপে কাম কৰিছিল। কিন্তু এতিয়া দুয়ো জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে স্বামীয়ে এখন নোট লিখি থৈ যায়, য’ত উল্লেখ কৰে যে, স্বামীয়ে পত্নী আৰু শাহুৱেকৰ পৰৱৰ্তিত ব্যৱহাৰৰ পৰা বিচলিত হৈ পৰিছিল। যাৰ বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ইয়াৰ পৰিণতিত গ্ৰহণ কৰে চৰম সিদ্ধান্ত। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বাৰবাণী জিলাৰ সেনাধোৱাত।

আচৰণ সলনি হৈছিল

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, বুধবাৰে দুপৰীয়া সন্ধোৱা গ্ৰাম্য থানাৰ এলেকাত অৱস্থিত এটা অট্টালিকাৰ ৯ নম্বৰ কোঠাত দুটা মৃতদেহ উদ্ধাৰ হয়। চাৰিবছৰ আগতে বিবাহ পাশত আৱদ্ধ হোৱা স্বামী-স্ত্ৰীয়ে কোঠাটোত ভাড়াতীয়া হিচাপে বাস কৰিছিল। সেই ঘৰটোতে দুয়ো চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাড়াঘৰৰ মালিকে অৱগত কৰে। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে, প্ৰতাপ বৰদে নামৰ লোকজনে ডেলিভাৰী বয় আৰু একেটা অট্টালিকাতে চকিদাৰ হিচাপে কাম কৰিছিল। তেওঁ বিএডৰ অধ্যয়নো কৰি আছিল। ইফালে তেওঁৰ পত্নীয়ে এইবাৰ ৰেৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ বাবে নিৰ্বাচিত হৈছিল।

নোটখনত আৰু উল্লেখ আছিল যে, এম বি বি এছত আসন লাভৰ পাছত প্ৰতাপৰ পত্নী আৰু শাহুৱেকৰ আচৰণ সম্পূৰ্ণ সলনি হৈছিল। প্ৰতাপে লিখিছিল- তেওঁ পত্নীৰ অধ্যয়নত যথেষ্ঠ সহায় কৰিছিল কিন্তু তাৰ পাছতো পত্নীৰ আচৰণ সলনি হৈছিল। ইয়াক লৈ তেওঁ ভাগি পৰিছিল। প্ৰায়ে দুয়োৰে মাজত কাজিয়া লাগিছিল।

আৰক্ষীৰ মতে, যোৱা নিশা দুয়োৰে মাজত বিবাদ হৈছিল। সেই কাজিয়াৰ পৰিণতিতে দুয়ো খঙতে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়়কঃ ইজৰাইল আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল নহয়ঃ নেতানিয়াহু