শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
Manas Borah
Manas Borah | Edited By: Raj Saikia | Updated On: 22 Apr 2025 13:07 PM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

১) অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৪০৬,৫৬৪ গৰাকী পৰ্যটকক আদৰণি জনাই এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে । ইয়াৰে ১৭,৬৯৩ জন বিদেশী পৰ্যটক ।

২)পুনৰ বিজেপি-ৰাভা হাছং যৌথ মঞ্চৰ দখলত ৰাভা হাছং ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ । ৩৬ খন পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৩ খন আসনত জয়লাভ এনডিএ প্ৰাৰ্থীৰ ।

৩) ১ ব’হাগৰ পৰা সকলো চৰকাৰী জাননী/অধিসূচনা ইংৰাজীৰ উপৰিও অসমীয়াত প্ৰকাশ পাব । লগতে বিটিআৰৰ বাবে বড়ো আৰু বৰাক উপত্যাকাৰ বাবে বাংলা ভাষাত প্ৰকাশ পাব জাননী। সিদ্ধান্ত কেবিনেটৰ ।

৪) কোচ ৰাজবংশীলোকৰ বিদেশী ন্যায়াধীকৰণৰ নাথাকিব গোচৰ । ২৮ হাজাৰ কোচ ৰাজবংশী লোকৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত কেবিনেটৰ।

৫) দেশৰ ৰাজধানীত অসম প্ৰদেশ কংগ্ৰেছৰ ৩৬ জিলাৰ সভাপতিৰ সৈতে বৈঠক কেন্দ্ৰীয় নেতৃত্বৰ । জিলা পৰিচালনা কমিটীয়ে পৰিচালনা কৰিব পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ । নিৰ্দেশ কংগ্ৰেছৰ ।

৬) ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক । ইয়াৰ পাছতে এয়া এক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰীৰ । উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে বিৰোধী !

৭) দুই শতাংশকৈ বৃদ্ধি পালে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ । চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব কেবিনেটৰ এই সিদ্ধান্ত ।

৮) বহু অপেক্ষাত বেংককত বৈঠকত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন মুৰব্বী মহম্মদ ইউনুছ । বৈঠকত বিদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ।

ইয়াৰ লগতে আপোনাৰ আজি শনিবাৰৰ দিনটো কেনে যাব ? চাওক দিনটোৰ ৰাশিফল…

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…