শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Rah-Veer Scheme: মোদী চৰকাৰৰ নতুন আঁচনি ‘ৰাহবীৰ’! এইসকলে লাভ কৰিব ২৫,০০০ৰ পৰা ১.৫০ লাখ টকা…

Rah-Veer Scheme: কেন্দ্ৰৰ মোদী চৰকাৰে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ন কৰে। পুনৰ চৰকাৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। ৰাহবীৰ নামৰ এই আঁচনিৰ সহায়ত ২৫ হাজাৰৰ পৰা ১ লাখ ৫০ হাজাৰ টকা চৰকাৰে প্ৰদান কৰিব।

Rah-Veer Scheme: মোদী চৰকাৰৰ নতুন আঁচনি ‘ৰাহবীৰ’! এইসকলে লাভ কৰিব ২৫,০০০ৰ পৰা ১.৫০ লাখ টকা…
ৰাহবীৰ আঁচনিImage Credit source: social media
Barasha Sarma
Barasha Sarma | Published: 09 Jan 2026 12:36 PM

শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে পথ দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ বাবে নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ কৰিব। দিল্লীত অনুষ্ঠিত হোৱা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰী আৰু পৰিবহণ উন্নয়ন পৰিষদৰ ৪৩ সংখ্যক বৈঠক অংশগ্ৰহণ কৰি এই  মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ কয় যে, এই আঁচনিৰ অধীনত পথ দুৰ্ঘটনাত পতিতসকলে কমেও ৭ দিনৰ বাবে ১ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব। ইয়াৰোপৰি কোনো ব্যক্তিয়ে ভুক্তভোগীক চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিলে ২৫,০০০টকা পুৰস্কাৰ দিয়া হ’ব।

এই আঁচনিখনৰ নাম হ’ব ৰাহবীৰ আঁচনি (Rah-Veer Scheme)। শেহতীয়াকৈ এই আঁচনিৰ পাইলট প্ৰজেক্ট উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সফলতাৰে সম্পূৰ্ণ কৰা হৈছে।

চৰকাৰে প্ৰৱৰ্তন কৰিব V2V আঁচনি

মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰ (৯জানুৱাৰী)য়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনা ৰোধৰ বাবে বাহন-বাহন (V2V) যোগাযোগ প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। ইয়াৰ সহায়ত যান-বাহনসমূহে এখনে আনখনৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব। ইয়াৰ ফলত চালকসকলে গতি, অৱস্থান,ত্বৰণ, ব্ৰেকিং, আৰু অদৃশ্য ঠাইত বাহনৰ হঠাতে দেখা দিয়াৰ বিষয়ে বাস্তৱ সময়ৰ সতৰ্কবাণী লাভ কৰিব।

এই প্ৰযুক্তিৰ ফলত চালকসকলে সময়মতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু দুৰ্ঘটনাৰ আশংকা কৰিব। ইয়াৰ বাবে ইতিমধ্যে দূৰসংযোগ বিভাগৰ সৈতে যৌথ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,দূৰসংযোগ বিভাগে V2V ৰ বাবে ৩০ মেগাহাৰ্টজ স্পেকট্ৰম (৫.৮৭৫-৫.৯০৫ গিগাহাৰ্টজ) ব্যৱহাৰৰ বাবে নীতিগত অনুমোদন দিছে।

গাডকাৰীয়ে কয় যে, দেশত প্ৰতিবছৰে ৫ লাখ দুৰ্ঘটনা সংঘটিত হয় যাৰ ফলত প্ৰায় ১.৮ লাখ লোকে প্ৰাণ হেৰুয়ায়। ইয়াৰ ৬৬ শতাংশ ১৮ৰ পৰা ৩৩ বছৰৰ ভিতৰত। গতিকে দুৰ্ঘটনা ৰোধৰ বাবে আগন্তুক বাজেটত মটৰ গাড়ী আইনৰ সংশোধনী উত্থাপন কৰিলৈ চৰকাৰে প্ৰস্তুতি চলাই আছে। পথ দুৰ্ঘটনা যাতে ৰোধ কৰিব পাৰি তাৰ বাবে চৰকাৰে প্ৰায় ৬১ টা সংশোধনী আনিব বুলি তেওঁ কয়।

 

অন্য খবৰ পঢ়কঃ কোনটো বেংকত ধন জমা ৰাখিলে সবাতোকৈ বেছি লাভ হ’ব? জানক সকলো…