আলফা(স্বা)ৰ শিবিৰত কৰা আক্ৰমণত জড়িত আছে নেকি অসম আৰক্ষী? স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই…
ম্যানমাৰস্থিত আলফ(স্বা)ৰ শিবিৰত ভয়ংকৰ ড্ৰ'ণ আক্ৰমণ। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে এই কথা ঘোষণা কৰে আলফা(স্বা)য়ে। এতিয়া এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত শৰ্মাই কয় যে, আলফা (স্বা)ৰ বিবৃতিযোগে তেওঁ এই আক্ৰমণৰ বিষয়ে অৱগত হৈছে। কিন্তু এতিয়ালৈকে সেনাৰ তৰফৰ পৰা কোনো তথ্য লাভ কৰা নাই। এই বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে বুলি শৰ্মাই কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “অলপ আগতে আলফাৰ এটা বিবৃতিৰ দ্বাৰা খবৰটো জানিব পাৰিছো যে নিশা কোনোবাই ড্ৰ’ণ আক্ৰমণ, বিস্ফোৰণ সংঘটিত কৰিছে বুলি। অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে। এনে ঘটনা সংঘটিত হ’লে সাধাৰণতে সেনাই বিবৃতি জাৰি কৰে। কিন্তু এতিয়ালৈকে সেনাই কোনো বিবৃতি প্ৰকাশ কৰা নাই। গতিকে বিয়লিলৈ বিষয়টো ক্লিয়াৰ হ’ব”।
উল্লেখ্য যে, কালি নিশা ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ সংঘটিত হয়। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আলফা (স্বা)য়ে। এই আক্ৰমণৰ ফলত লেফটেনেন্ট জেনেৰেল নয়ন অসম নিহত হোৱা বুলি নিশ্চিত হৈছে। আলফা (স্বা)য়ে দাবী কৰা অনুসৰি, প্ৰায় ১০০ ৰো অধিক ড্ৰ’ণেৰে আক্ৰমণ চলাই ভাৰতীয় সেনাই। আলফা (স্বা)য়ে প্ৰেছ বিবৃতিক উল্লেখ কৰে যে- সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰিছে। য’ত ১৯ গৰাকীকৈ আলফা (স্বা)ৰ বিষয়া-সদস্য আহত হৈছে।
এই ঘটনাৰ কিছু সময় পাছত আন এক বিবৃতি প্ৰকাশ কৰে আলফা (স্বা)য়ে। য’ত লিখে- সংগঠনৰ লেঃজেঃ নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ মাজতে পুনৰ মিছাইল আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসম নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এই আক্ৰমণত সাধাৰণ লোকো আহত হোৱা বুলি দাবী কৰে আলফা (স্বা)য়ে। ইয়াৰোপৰি কয় যে, এই আক্ৰমণৰ আলফা (স্বা)য়ে প্ৰতিশোধ ল’ব।
আনহাতে এই ঘটনাক লৈ বৰ্তমান পৰ্যন্ত কোনো তথ্য প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই। গতিকে এই আক্ৰমণ কোনে কৰিলে, কেনেকৈ সংঘটিত হল এয়া সকলো সন্দেহৰ আৱৰ্তত। সেনাৰ বিবৃতিৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।