প্ৰথমে বিদ্যালয়ৰ পৰা লৈ আহিল! পাছত ১৪ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ ভয়ংকৰ কাণ্ড…
আজিকালি পিতৃ-মাতৃৰ হাততো যেন সুৰক্ষিত নহয় সন্তান। বিগত সময়চোৱাত পোহৰলৈ অহা বহু ঘটনাই এই কথাকে যেন প্ৰমাণ কৰিছে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আপোনাক আচৰিত কৰি তুলিব।

দেশত প্ৰায় প্ৰতিদিনে কিছুমান ভয়ংকৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে সম্পৰ্কৰ ওপৰতো ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। মাত্ৰ ৫০০ টকাৰ বাবে এজন পিতৃৰ হাতত প্ৰাণ গ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ। জানিব পৰা মতে, কন্যাই পিতৃৰ পকেটৰ পৰা ৫০০ টকা চুৰি কৰিছিল। যাৰ শাস্তি হিচাপে পিতৃয়ে কন্যাক মৃত্যু দিয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত।
কিশোৰীক হত্যাৰ অভিযোগ উত্থাপন হোৱা পিতৃগৰাকী অজয় শৰ্মা বুলি চিনাক্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। তথ্য অনুসৰি ২৬ ছেপ্টেম্বৰৰ সন্ধিয়া আৰক্ষীয়ে এটা পুখুৰীৰ পৰা কিশোৰী এগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত এই মৃতদেহটো অজয় শৰ্মাৰ কন্যাৰ বুলি চিনাক্ত হয়। মৃতদেহ উদ্ধাৰৰ সময়ত কিশোৰীগৰাকীয়ে স্কুলৰ ইউনিফৰ্ম পিন্ধি আছিল আৰু দেহত বহু দাগ স্পষ্ট হৈ আছিল।
যাৰ বাবে আৰক্ষীয়ে লগে লগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি পিতৃক গ্ৰেপ্তাৰ কৰে। এই পাষাণ পিতৃয়ে পাছত আৰক্ষীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰে। জেৰাৰ সময়ত অজয় শৰ্মাই কয় যে, বৃহস্পতিবাৰে তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত কন্যাক স্কুললৈ আনিবলৈ গৈছিল। কিন্তু ঘৰলৈ লৈ যোৱাৰ পৰিবৰ্তে তেওঁ কন্যাক নিজৰ ফাৰ্মলৈ লৈ যায়। তাৰ পাছতে তেওঁ কন্যাক ডিঙি চেপি হত্যা কৰে আৰু পুখুৰীত দলিয়াই দিয়ে।
ঘটনা সন্দৰ্ভত অজয় শৰ্মাই কয় যে, কন্যাই প্ৰায়ে তেওঁৰ পকেটৰ পৰা টকা চুৰি কৰিছিল। কেইবাবাৰো ইয়াৰ বাবে কন্যাক তেওঁ বুজাইছিল যদিও লাভ হোৱা নাছিল। কিছুদিন পূৰ্বে কন্যাই পুনৰ ঘৰৰ পৰা ৫০০ টকা চুৰি কৰে। যাৰৰ বাবে পিতৃয়ে এই কাণ্ড সংঘটিত কৰে। কন্যাৰ মৃত্যু সন্দৰ্ভত মাতৃয়ে কয় যে, স্কুলৰ পৰা তেওঁৰ কন্যা আলহীৰ ঘৰলৈ যোৱা বুলি স্বামীয়ে তেওঁক বিপথে পৰিচালিত কৰিছিল। কিন্তু পাছত এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়ক- পদপিষ্টৰ ঘটনাত ৩৯ জনৰ মৃত্যুৰ পৰা ভাৰত-পাকিস্তানৰ মেচলৈ…দিনটোৰ খবৰ…