পদপিষ্টৰ ঘটনাত ৩৯ জনৰ মৃত্যুৰ পৰা ভাৰত-পাকিস্তানৰ মেচলৈ…দিনটোৰ খবৰ…
Top 9: তামিলনাডুত সংঘটিত পদপিষ্টৰ ঘটনাত এতিয়ালৈক ৩৯ জনৰ মৃত্যু হৈছে। ইফালে এতিয়াও আই চি ইউত ভৰ্তি হৈ আছে ৫১ জন লোক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
১)মন কী বাত অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, “জুবিন গাৰ্গৰ অকাল মৃত্যুত জনতাই গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে আৰু সদায় থাকিব। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি থাকিব। তেওঁ আছিল সাংস্কৃতিক আইকন”।
২) জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অব্যাহত আছে SIT ৰ তদন্ত। আজি পুনৰ এছ আই টিৰ কাৰ্যালয়ত হাজিৰ হয় নিশিতা গোস্বামী, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। উল্লেখ্য যে, এই আটাইকেইজনে জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল। আনকি জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ত শেখৰ গোস্বামীক সাঁতুৰি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছিল।
৩)বিশিষ্ট প্ৰযোজক, পৰিচালক তিমথী দাস হাঞ্চেৰ মৃত্যু। গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। জানিব পৰা মতে,দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। চিকিৎসাধীন অৱস্থাতে হাঞ্চে মৃত্যুক সাৱতে। পৰিচালকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ।
৪) তিনি অক্টোবৰত বিটিচি প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ পূৰ্বে তেওঁ আজি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনায়। উক্ত দিনটোত ৰাজ্যপালৰ জন্মদিন। গতিকে তেওঁ কোকৰাঝাৰতে ৰাজ্যপালৰ জন্মদিন পালন কৰিব বুলি কয়। ইফালে মুখ্যমন্ত্ৰী সন্দৰ্ভত কয় যে, মুখ্যমন্ত্ৰী অসমৰ বচ,তেখেতক নিমন্ত্ৰণ নজনালে কেনেকৈ হ’ব ।
৫) জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য আছিল বুলি চৰ্চা চলিছে। এই সন্দৰ্ভত বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, “তিনি চাৰি বছৰ পূর্বে যুৱ মর্চাৰ কিবা দায়িত্বত আছিল বুলি মই শুনিছো ৷ মই কোনোদিন লগ পোৱা নাই। এতিয়া কোনো দায়িত্বত নাই আৰু সদস্যও নহয়। তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে। দোষী কেতিয়াও সাৰি নাযায়। কোঠৰতকৈ কঠোৰ শাস্তি পাব”।
৬)তামিলনাডুৰ পদপিষ্ট ঘটনাত মৃত্যুৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি। ইফালে এতিয়াও আই চি ইউত আছে ৫১ জন। উল্লেখ্য যে, শনিবাৰে তামিলনাডুৰ কৰুৰত তমিলগা বেত্ৰী কাজগম নামেৰে এক বিজয় ৰেলী অনুষ্ঠিত হৈছিল। এই ৰেলী অভিনেতা বিজয়ে অনুষ্ঠিত কৰিছিল। এই ৰেলীত প্ৰায় ২৭,০০০ লোক উপস্থিত হৈছিল। য’ত পদপিষ্ট হৈ এতিয়ালৈকে ৩৯ জনে মৃত্যুক সাৱতিছে।
৭)আজি এছিয়া কাপ ২০২৫ ত আজি হ’ব ৰোমাঞ্চকৰ খেল। ৪১ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি ভাৰত আৰু পাকিস্তান মুখামখি হ’ব। সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে এছিয়া কাপত ভাৰতে ৮ বাৰ পদক লাভ কৰিছে। ইফালে পাকিস্তানে ২ বাৰ জয়ী হৈছে। এইবাৰ খিতাপ কাৰ হাতলৈ যায় সেয়া হ’ব লক্ষণীয়।
৮) বিচিচিআইৰ নতুন সভাপতি মিথুন মানহাছ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই তথ্য প্ৰকাশ কৰিছে। মিথুন মানহাছ হৈছে বি চি চি আইৰ সভাপতি হোৱা তৃতীয়জন ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে সৌৰভ গাংগুলী আৰু ৰোজাৰ বিন্নীয়ে এই দায়িত্ব পালন কৰিছিল। তেওঁ বিন্নীৰ স্থান লৈছে। ইফালে বিচিচিআইৰ সচিব হৈ থাকিব অসমৰ দেৱজিৎ শইকীয়া।
৯) ক্ৰমান্বয়ে কাষ চাপি আহিছে আমেৰিকা আৰু পাকিস্তান। শেহতীয়াকৈ পুনৰ ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান অসীম মুনিৰ। এই সময়চোৱাত মুনিৰে ট্ৰাম্পক পাকিস্তানৰ খনিৰ ধাতু, ৰেয়াৰ আৰ্থ আৰু বহুমূলীয়া তথা বিৰল কিছুমান শিল দেখুয়ায়। গতিকে দুই দেশৰ মাজত পুনৰ কিবা চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।