আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে উচ্চ স্তৰীয় কমিটী গঠনঃ কোন কোন থাকিব এই কমিটীত, চাওক…
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এখন উচ্চ স্তৰীয় কমিটী গঠন কৰিছে। এই উচ্চ স্তৰীয় কমিটীয়ে বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এছ অ’ পি আৰু বিস্তৃত নিৰ্দেশনা প্ৰদান কৰিব। এই কমিটীৰ নেতৃত্বত থাকিব কেন্দ্ৰীয় গৃহ সচিব, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰ।

যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ শোকাৱহ দৃশ্য এতিয়াও পাহৰিব পৰা নাই দেশে। এই বিমান দুৰ্ঘটনা দেশৰ ইতিহাসৰে এক বৃহৎ ট্ৰেজেডী হিচাপে পৰিগণিত হৈছে। দুৰ্ঘটনাত প্ৰায় ২৭০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমানে আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰণ আৰম্ভ কৰাৰ ঠিক পিছতে দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাৰ পিছতে স্বাভাৱিকতেই সকলোৰে মনত এক প্ৰশ্নই দোলা দিছিল, কি কাৰণত সংঘটিত হ’ল এই বিমান দুৰ্ঘটনা?
এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ এতিয়া অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এখন উচ্চ স্তৰীয় কমিটী গঠন কৰিছে। এই উচ্চ স্তৰীয় কমিটীয়ে বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এছ অ’ পি আৰু বিস্তৃত নিৰ্দেশনা প্ৰদান কৰিব। এই কমিটীৰ নেতৃত্বত থাকিব কেন্দ্ৰীয় গৃহ সচিব, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰ।
ভাৰত চৰকাৰৰ সামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সচিব, ৰাজ্যিক গৃহ বিভাগৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব/যুটিয়া সচিব, গুজৰাট চৰকাৰৰ প্ৰতিনিধি, গুজৰাটৰ ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া কৰ্তৃপক্ষৰ প্ৰতিনিধি, আহমেদাবাদৰ আৰক্ষী আয়ুক্ত, পৰিদৰ্শন আৰু নিৰাপত্তা সঞ্চালক প্ৰধান, ভাৰতীয় বায়ুসেনাৰ সঞ্চালক প্ৰধান, অসামৰিক বিমান নিৰাপত্তা ব্যুৰোৰ সঞ্চালক প্ৰধান, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান, আই বিৰ বিশেষ সঞ্চালক, ভাৰত চৰকাৰ ফৰেনছিক বিজ্ঞান সেৱা সঞ্চালকালয়ৰ সঞ্চালক এই কমিটীত থাকিব।
বিমান বিশেষজ্ঞ, দুৰ্ঘটনা তদন্তকাৰী আৰু আইনী উপদেষ্টাকে ধৰি সমিতিখনে উপযুক্ত বুলি বিবেচিত আন যিকোনো সদস্যকো সমিতিখনত অন্তৰ্ভুক্ত কৰিব পাৰিব। অন্যান্য বিষয়ৰ লগতে বিমানৰ তথ্য, ককপিটৰ ভইচ ৰেকৰ্ডাৰ, বিমানৰ ৰক্ষণাবেক্ষণৰ ৰেকৰ্ড, সাক্ষীৰ সাক্ষ্যকে ধৰি সকলো তথ্য কমিটীৰ ওচৰত থাকিব। কমিটীয়ে তিনি মাহৰ ভিতৰত এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব।
উল্লেখ্য যে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৭১ আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল। কিন্তু উৰণৰ ঠিক পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখনত মুঠ ২৪২ জন লোক আছিল। ইয়াৰে মাত্ৰ এগৰাকী যাত্ৰীৰহে প্ৰাণ ৰক্ষা পৰে। বিমানখন এক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৱাসত বাগৰি পৰাৰ ফলত চিকিৎসা বিজ্ঞানৰ বহুকেইজন শিক্ষাৰ্থীৰো মৃত্যু ঘটে।