শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পত্নীক পঢ়োৱাৰ নামত খৰচ কৰিলে ৫ লাখ টকা! চাকৰি লাভৰ পাছতেই দিলে এৰি, এতিয়া স্বামী থাকে ভাড়াঘৰত…

পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্বামীৰ। পত্নীয়ে তেওঁক হত্যা কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। পৰিস্থিতি এনে হৈছে যে স্বামীয়ে এতিয়া ভাড়াঘৰত বাস কৰে।

পত্নীক পঢ়োৱাৰ নামত খৰচ কৰিলে ৫ লাখ টকা! চাকৰি লাভৰ পাছতেই দিলে এৰি, এতিয়া স্বামী থাকে ভাড়াঘৰত…
প্ৰতীকী ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Jul 2025 15:51 PM

স্বামী-স্ত্ৰীৰ সম্পৰ্ক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু একাংশ লোকে ইয়াক কলংকিত কৰাৰ কোনো সুযোগ এৰি নিদিয়ে। বিগত কিছু সময়ৰ পৰা মহিলাৰ লগতে পুৰুষৰ লগত হোৱা অত্যাচাৰৰ বহু খবৰ পোহৰলৈ আহিছে। কেতিয়াবা যদি পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কোনো স্বামীয়ে চৰম পন্থা গ্ৰহণ কৰে, কেতিয়াবা আকৌ পত্নীয়ে স্বামীৰ নৃশংস হত্যা কৰে। ইয়াৰ মাজতে পুনৰ এনে এক খবৰ পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই নাৰ্ছৰ চাকৰি পোৱাৰ লগে লগে ১১ বছৰীয়া সম্পৰ্ক ভাঙি পেলায়। এই ঘটনা উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ।

পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসহায় স্বামীয়ে। তেওঁ অভিযোগ উত্থাপন কৰিছে যে, পত্নীয়ে তেওঁৰ হত্যা কৰাৰ চেষ্টা কৰিছে। যাৰ বাবে এতিয়া তেওঁ সুৰক্ষাৰ বাবে আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। আৰক্ষীক তেওঁ কয় যে, ”ছাৰ মই পত্নীক পঢ়াইছিলো। নাৰ্ছিঙৰ কোৰ্চৰ বাবে ৫ লাখ টকা খৰচ কৰিছিলো। কিন্তু চাকৰি পোৱাৰ লগে লগে  পত্নীয়ে এৰি থৈ গ’ল। এতিয়া তেওঁ প্ৰেমিকৰ সৈতে লিভ ইন ৰিলেশ্যনত থাকে। আনিক মোক হত্যা কৰিব বিচাৰে”।

এই ঘটনা মাঝোলা থানা এলেকাৰ। অঞ্চলটোত বাস কৰা সন্ত পালে ২০১৪ চনত পম্মি সাগৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।দুয়োৰে দুটা সন্তানো আছে। সকলো ঠিকেই চলি আছিল কিন্তু এদিন পত্নীয়ে কৈছিল যে তেওঁৰ পঢ়া-শুনা কৰিবলৈ মন যায়। স্বামীয়েও তেওঁৰ কথা মান্তি হয় আৰু নাৰ্ছিঙৰ কোৰ্চত নাম লগাই দিলে। পত্নীক পঢ়োৱাৰ নামত তেওঁৰ প্ৰায় ৫ লাখ টকা খৰচ হয়। কিন্তু চাকৰি লাভ কৰাৰ পাছতেই তেওঁক এৰি যায়। কিয়নো নাৰ্ছিঙৰ কোৰ্চ কৰি থকাৰ সময়ত পাম্মিৰ মনোজ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এই যুৱকজনৰ সৈতে এতিয়া পম্মি লিভ ইনত আছে।

অভিযোগ অনুসৰি, বহুদিন পূৰ্বেই স্বামীয়ে পম্মীৰ সম্পৰ্কৰ কথা গম পাইছিল। স্বামীয়ে তেতিয়া পম্মীক বুজাইছিল আৰু মনোজৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। পম্মীয়ে তেতিয়া স্বামীক বিপদে পৰিচালিত কৰিবলৈ মনোজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এয়া আছিল ২০২৩ চনৰ কথা। কিন্তু মনে মনে দুয়ো সম্পৰ্কত আছিল।

ইয়াৰ পাছতে পম্মিয়ে চাকৰি লাভ কৰে। সমান্তৰালকৈ দুই স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লাগিবলৈ আৰম্ভ কৰে। সন্ত পালে অভিযোগ কৰা অনুসৰি, ২১ জুনত পম্মীৰ ভাতৃয়ে তেওঁক মাৰপিট কৰে। তেতিয়া পম্মিয়ে কয় যে, এতিয়া আৰু তেওঁ সন্ত পালক ভাল নাপায়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া সন্ত পালে এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়া পৰিস্থিতি এনে হৈ পৰিছে যে তেওঁৰ পত্নী ঘৰত থাকে আৰু তেওঁ নিজে ভাড়াঘৰত থাকে। পত্নীয়ে তেওঁক হত্যা কৰিব পাৰে বুলি ভয় খাই তেওঁ পৃথকে বাস কৰি আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ ইনষ্টাগ্ৰামত চিনাকী, ৮ লাখ টকাৰ ধাৰ! কিয় যুৱতীয়ে জালত পেলালে যশ দয়ালক? এজাহাৰ দাখিল…