শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইণ্ডিগ’ই যাত্ৰীক ঘূৰাই দিলে ৬১০ কোটি টকা আৰু ৩০০০ বেগ…

Indigo: এতিয়াও সম্পূৰ্ণৰূপে সমস্যা সমাধান হোৱা নাই ইণ্ডিগ'ৰ। কিন্তু সঠিক পথত অহাৰ বাবে বিমান সংস্থাটোৱে চেষ্টা অব্যাহত ৰাখিছে। আজি ইণ্ডিগ'ই প্ৰায় ৬১০ কোটি টকা যাত্ৰীক ঘূৰাই দিলে।

ইণ্ডিগ’ই যাত্ৰীক ঘূৰাই দিলে ৬১০ কোটি টকা আৰু ৩০০০ বেগ…
ইণ্ডিগ'
barasha-sarma
Barasha Sarma | Published: 07 Dec 2025 21:02 PM

হাজাৰ হাজাৰ বিমান বাতিল, ছয় দিন ধৰি যাত্ৰীৰ মাজত দেখা দিয়া হাহাকাৰৰ পাছত এতিয়া ইণ্ডিগ’ই পুনৰ সঠিক পথত অহাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। দেওবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে বিমানবন্দৰৰ পৰিচালককে ধৰি সকলো সংশ্লিষ্ট বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ইণ্ডিগ’ই বিমান বাতিল হোৱা সন্দৰ্ভত মেছেজ বা কলযোগে প্ৰতিগৰাকী যাত্ৰীক অৱগত কৰিব লাগে। ইয়াৰোপৰি বেছি পলম হোৱা বা বাতিল হোৱা বিমানৰ বাবে সকলো ধন ঘূৰাই দিবলৈ আজি নিশা ৮ বজাৰ ভিতৰত প্ৰক্ৰিয়াকৰণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে, বিমান নেটৱৰ্ক এতিয়া সম্পূৰ্ণ স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু যেতিয়ালৈকে সম্পূৰ্ণ ঠিক নহয় তেতিয়ালৈকে চেষ্টা অব্যাহত থাকিব।

৬১০ কোটি টকা ঘূৰাই দিলে যাত্ৰীক

দেওবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰে যে, ইণ্ডিগ’ই বিমান বাতিল বা পলম হোৱাৰ বাবে যাত্ৰীসকলক মুঠ ৬১০ কোটি টকা ঘূৰাই দিছে। ইয়াৰোপৰি আৱদ্ধ হৈ থকা যাত্ৰীসকলক ৩০০০ বেগ ঘূৰাই দিছে। বাকী সকলো বেগ ৪৮ ঘন্টাৰ ভিতৰত ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

পুনৰ বিমান চলাচল

সংকটৰ মাজতো ইণ্ডিগ’indigoই বিমানৰ চলাচল বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৩৮টা গন্তব্যস্থানৰ ভিতৰত ১৩৭টালৈ বিমান সেৱা পুনৰ আৰম্ভ কৰিছে। আজি ১৬৫০ খনতকৈও অধিক বিমান চলাচল কৰিছে। কালি ১৫০০ খন বিমান চলিছিল। বিমানৰ চলাচল ৩০ ৰ পৰা ৭৩ শতাংশলৈ বৃদ্ধি পাইছে। ৰিফাণ্ড আৰু সামগ্ৰী ঘূৰোৱা সন্দৰ্ভতো কাম চলি আছে।

 

অন্য খবৰ পঢ়কঃ গৌৰৱী পিতৃ! মুখ্যমন্ত্ৰীৰ পুত্ৰই বাহৰেইনত সম্পূৰ্ণ কৰিলে আইৰনমেন ৭০.৩…