শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দ্বাদশ নথি হিচাপেহে ব্যৱহাৰ কৰা হ’ব আধাৰ কাৰ্ড, সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

বিহাৰত নিৰ্বাচন আয়োগে SIR চলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগে আধাৰ কাৰ্ডক দ্বাদশ নথি হিচাপে বিবেচনা কৰি এই আদেশ সম্পৰ্কীয় তথ্য নিজৰ ৱেবছাইটত ৰাজহুৱা কৰিব লাগে।

দ্বাদশ নথি হিচাপেহে ব্যৱহাৰ কৰা হ’ব আধাৰ কাৰ্ড, সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ
আধাৰ সন্দৰ্ভত নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 08 Sep 2025 17:22 PM

বিহাৰত SIR সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে এক ডাঙৰ নিৰ্দেশ। সোমবাৰে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ডক নিৰ্বাচনী বিষয়াসকলে দ্বাদশ নথি হিচাপে গণ্য কৰিব।

আধাৰ কাৰ্ডৰ সত্যতা আৰু বাস্তৱতা পৰীক্ষা কৰাৰ অধিকাৰ বিষয়াসকলৰ হাতত থাকিব। উচ্চতম ন্যায়ালয়ে কয় যে ইয়াক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা নহ’ব। নিৰ্বাচন আয়োগে এই আদেশ সম্পৰ্কীয় তথ্য নিজৰ ৱেবছাইটত ৰাজহুৱা কৰিব লাগে।

নিৰ্বাচন আয়োগৰ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে আধাৰ নাগৰিকত্বৰ নহয়, পৰিচয়ৰ প্ৰমাণ হ’ব পাৰে। আনহাতে বিপক্ষৰ অধিবক্তা কপিল ছিবালে জোৰ দি কয় যে এয়া দ্বাদশ নথি হ’ব, যিটো তেওঁলোকে মানি ল’ব লাগিব। গোপাল শংকৰনাৰায়ণে প্ৰশ্ন কৰে যে তেওঁলোকে কিয় বিৰোধিতা কৰিছে? ন্যায়াধীশ কাণ্টে কয় যে যদি ইয়াক দ্বাদশ নথি বুলি গণ্য কৰা হয়, তেন্তে ইয়াত কি সমস্যা আছে?

কোনে কি যুক্তি দিলে?

দ্বিবেদীয়ে কয় যে ইয়াক পাছপ’ৰ্টৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে কয় যে যদি কোনোবাই আধাৰৰ সৈতে আবেদন কৰে আৰু যদি সন্দেহ হয় তেন্তে তাৰ তদন্ত কৰক। উচ্চতম ন্যায়ালয়ে কয় যে যদি বিধানসভাৰ চৰ্তত আধাৰ আছে, তেন্তে সেই পৰিধি লংঘন কৰিব নোৱাৰে। নিৰ্বাচন আয়োগে কয় যে আমি আধাৰ পাছপ’ৰ্টৰ দৰে গ্ৰহণ কৰিব নোৱাৰো। বিহাৰত সকলোৱে ১১টা নথি দাখিল কৰিবলৈ সক্ষম।

ন্যায়াধীশ কাণ্টে কয় যে মানুহে সকলো ধৰণৰ নথি জাল কৰিছে, কিন্তু নিৰ্বাচন আয়োগে সেইবোৰ পৰীক্ষা কৰিব পাৰে। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে কয় যে যদি কাৰোবাৰ হাতত ১১ খন নথি-পত্ৰ নাই, তেন্তে তেওঁৰ আধাৰ কাৰ্ড কেনেকৈ থাকিব? অধিবক্তা গ্ৰভাৰে কয় যে দৰিদ্ৰসকলৰ হাতত এইটোৱেই একমাত্ৰ নথি। দ্বীবেদীয়ে কয় যে আমি জানো কোনে দুখীয়াক আঁতৰাব বিচাৰে।

কপিল ছিবালে কয়, “মই কেৱল পৰিচয়ৰ কথা কৈছো। মোৰ পৰিচয় গ্ৰহণ কৰক।” এজন অধিবক্তাই কয় যে ভুল ব্যক্তিজনক অন্তৰ্ভুক্ত কৰাটো পক্ষপাতিত্বমূলক হ’ব। ন্যায়াধীশ কাণ্টে কয় যে যিসকল এই দেশৰ প্ৰকৃত নাগৰিক তেওঁলোকৰ ভোটাধিকাৰ আছে। ভুৱা নথি-পত্ৰৰ ভিত্তিত নাগৰিকত্ব দাবী কৰা সকলৰ ভোটাধিকাৰ নাই।

আধাৰ সন্দৰ্ভত আইনখন অতি স্পষ্ট: উচ্চতম ন্যায়ালয়

ন্যায়াধীশ কান্তে কয় যে আধাৰ সন্দৰ্ভত আইনখন অতি স্পষ্ট। চৰকাৰী নথিৰ ভিতৰত আধাৰ অন্যতম। নিৰ্বাচন আয়োগে লৈ তদন্ত কৰিব। দ্বীবেদীয়ে কয় যে বাসস্থানৰ বাবে আধাৰ দিব পাৰি। ন্যায়াধীশ বাগচীয়ে কয় যে আইনখনৰ এটা বিধানত আধাৰক বিশেষভাৱে বাসস্থানৰ নথি হিচাপে উল্লেখ কৰা হৈছে। ন্যায়াধীশ কাণ্টে কয় যে ক’ৰবাত নিশ্চিতভাৱে কিছু বিভ্ৰান্তি আছে।

দ্বিবেদীয়ে কয় যে আধাৰ ডিজিটেলভাৱে আপলোড কৰিব পৰা যাব। আইনী কৰ্তৃপক্ষক আপলোড কৰিবলৈও অনুমতি দিয়া হৈছে। আমি ইয়াক নাগৰিকত্বৰ প্ৰমাণ বুলি গণ্য কৰা নাই। ভোটাৰ তালিকা সংশোধনৰ বাবে কোনো ব্যক্তি নাগৰিক নে নহয় সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ নিৰ্বাচন আয়োগৰ নাই বুলি আমি একমত নহয়। ভোটাৰ তালিকাৰ প্ৰেক্ষাপটত ইয়াৰ তদন্ত কৰাৰ আমাৰ অধিকাৰ আছে।

আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয় কিন্তু ই এক নথি: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে কয়, আমি বিশ্বাস কৰোঁ যে আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, বৰঞ্চ ই এক নথি যি ৰেচন কাৰ্ড বা ইপিআইচিৰ দৰে। দ্বিবেদীয়ে কয় যে আমি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰু আইন অনুসৰি আধাৰ গ্ৰহণ কৰা হৈছে। কিন্তু আমি ইয়াক নাগৰিকত্বৰ প্ৰমাণ বুলি গণ্য কৰা নাই, অৱশ্যে নাগৰিকত্ব পৰীক্ষা কৰা নাই। ছিবালে কয় যে এই আদালতৰ তিনিটা আদেশ আছে, য’ত আধাৰ মানি ল’ব লাগে বুলি কোৱা হৈছে। বিএলঅ’ৰ নিজা বক্তব্য আছে, য’ত আধাৰ মানি ল’ব নোৱাৰি বুলি কোৱা হৈছে।

ছিবালে কয় যে উচ্চতম ন্যায়ালয়ে আধাৰ মানি ল’ব লাগে বুলি কৈছিল। BLO সকলে অৱজ্ঞা কৰিছে, BLAক জনাইছে যে তেওঁলোকক ১১ টাৰ ভিতৰত এটা নথিৰ প্ৰয়োজন হব, প্ৰমাণ দেখুৱাবলৈ। ১১টা নথি-পত্ৰৰ বাহিৰে আন নথি-পত্ৰ গ্ৰহণ কৰা বিষয়াক শাস্তি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। ১১খন নথি-পত্ৰৰ বাহিৰে আন নথি-পত্ৰ গ্ৰহণৰ বাবে BLO সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। BLO ই স্বাক্ষৰিত বিবৃতি দিছে। ন্যায়াধীশ কাণ্টে কয় যে আমাক শ্ব’ ক’জ নোটিচ দেখুৱাওক।

নাগৰিকত্বৰ সিদ্ধান্ত ল’ব নোৱাৰে BLO- ছিবাল

নিৰ্বাচন আয়োগৰ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে যোৱা নিশা আৰজেডিৰ আৱেদন আমাক দিয়া হৈছিল। ছিবালে কয় অনুগ্ৰহ কৰি চাওকচোন ন্যায়াধীশে আদেশ দিয়াৰ সময়ত তেওঁলোকে কিমান অৱজ্ঞা কৰিছে। ন্যায়াধীশ কান্তে কয় যে আপুনি আধাৰক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰিব বিচাৰে নেকি?

ছিবালে ক’লে, “নহয়, বাসস্থানৰ প্ৰমাণ হিচাপেহে গ্ৰহণ কৰিব পাৰি। BLO ই যিকোনো প্ৰকাৰে নাগৰিকত্বৰ সিদ্ধান্ত ল’ব নোৱাৰে। কেৱল আধাৰ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে। মই মাত্ৰ আধাৰ গ্ৰহণ কৰিব বিচাৰো, যাতে মই ভোট দিব পাৰো।”