পুনৰ ড্ৰামৰ ভিতৰত উদ্ধাৰ ব্যক্তিৰ মৃতদেহ, এতিয়ালৈকে হোৱা নাই চিনাক্ত…
দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এটা নীলা ড্ৰামত উদ্ধাৰ এজন লোকৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ নিকৃষ্ট লোকৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় একাংশই। ইয়াৰ মাজতে পুনৰ এক নৃশংস কাণ্ড পোহৰলৈ আহিছে। এটা নীলা ড্ৰামৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ। উদ্ধাৰৰ সময়ত মৃতদেহটো এটা বস্তাৰ ভিতৰত হাত-ভৰি ৰছীৰে বান্ধি থোৱা অৱস্থাত আছিল, আৰু তেনেকৈয়ে ড্ৰামৰ ভিতৰত ভৰাই থৈছিল দুৰ্বৃত্তই। দীৰ্ঘদিন ধৰি খালী হৈ থকা মাটিৰ পৰা এই ড্ৰামটো উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ লুধিয়ানাৰ শেৰপুৰত।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এতিয়ালৈকে মৃতদেহটো চিনাক্ত হোৱা নাই। উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটো কাৰ, কোনে হত্যা কৰিলে এই সকলোৰে উত্তৰ বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
তথ্য অনুসৰি, বুধবাৰ (২৫ জুন)য়ে খালী প্লটৰ কাষত বসবাস কৰা একাংশ লোকে নীলা ড্ৰামটো সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকে জনাই যে দীৰ্ঘদিন ধৰি সেই ঠাইখিনিৰ পৰা দুৰ্গন্ধ ওলাই আছিল। তাত এটা নীলা ড্ৰামো পৰি আছিল, আৰু সেই ড্ৰামটোৰ পৰাই বেয়া গোন্ধ ওলাই আছিল। ইয়াৰ পাছত স্থানীয় লোকে ড্ৰামটো খুলি চাই আৰু ভিতৰত এটা বস্তা উদ্ধাৰ কৰে। বস্তাটোৰ সৰু ফুটাৰে মানুহৰ ভৰি এখন ওলাই আছিল। লগে লগে এই খবৰ স্থানীয় লোকে আৰক্ষীক দিয়ে।
লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ড্ৰামটো জিম্মাত লয়। আৰক্ষীয়ে ড্ৰামটোৰ ভিতৰৰ পৰা এজন ব্যক্তিৰ মৃতদেহ হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে। স্থানীয় লোকসকলে মানুহজনক চিনি নাপায়। যাৰ বাবে এতিয়ালৈকে মৃতদেহটোৰ চিনাক্ত হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো চিনাক্তকৰণৰ চেষ্টা কৰি আছে। আৰক্ষীয়ে মৃতদেহটো ড্ৰামৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃতদেহটো চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। আৰক্ষীৰ মতে, এই ড্ৰামটো কোনো বাহনৰ সহায়ত এই ঠাইলৈ আনি ইয়াত পেলাই দিছে। এছ এইচ অ’ কুলৱন্ত কৌৰে কয় যে মৃতদেহটোৰ ফটো বিভিন্ন জিলালৈ প্ৰেৰণ কৰি মৃতদেহ সন্দৰ্ভত তথ্য লাভৰ চেষ্টা চলোৱা হৈছে। গতিকে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব মৃতদেহটো কাৰ আৰু কোনে, কি কাৰণে নৃশংসভাবে হত্যা কৰি এনেকৈ পেলাই থৈ যায়।
অন্য খবৰ পঢ়কঃ অনুষ্ঠানৰ মাজতে নিৰ্বিচাৰ গুলীচালনাত নিহত ১২ জন, আহত ২০ জনৰো অধিক…