শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অনুষ্ঠানৰ মাজতে নিৰ্বিচাৰ গুলীচালনাত নিহত ১২ জন, আহত ২০ জনৰো অধিক…

নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱালে ১২ জনকৈ লোকে লগতে আহত হয় ২০ জনৰো অধিক। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সেই সময়ত এটা অনুষ্ঠান চলি আছিল।

অনুষ্ঠানৰ মাজতে নিৰ্বিচাৰ গুলীচালনাত নিহত ১২ জন, আহত ২০ জনৰো অধিক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 26 Jun 2025 10:54 AM

নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ১২ জন লোকৰ, লগতে আহত ২০ জনতকৈ অধিক। মঙলবাৰে নিশা মেক্সিকোৰ গুয়ানাজুয়াটো ৰাজ্যত নিৰ্বিচাৰ গুলীচালনা হোৱাৰ ফলত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, গুলীচালনাৰ সময়ত ইৰাপুয়াটো চহৰত কোনো অনুষ্ঠান চলি আছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ৰ মতে, চেণ্ট জন দ্য বেপ্টিষ্টৰ উদযাপনৰ বাবে ৰাজপথত মানুহে নৃত্য কৰি সুৰাপান কৰি আছিল। তাৰ মাজত হঠাতে এই গুলীচালনা সংঘটিত হয়।

এই ঘটনাৰ লগে লগে সেই স্থানত উপস্থিত থকা লোকসকলে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে আৰু ইফালে সিফালে দৌৰি নিজৰ জীৱন ৰক্ষাৰ চেষ্টা চলায়। কিন্তু তাৰ পাছতো ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো  অধিকৰ মৃত্যু হয়। অৱশ্যে কোনে কি কাৰণে এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

বুধবাৰে এখন সংবাদমেলত ইৰাপুয়াটোৰ বিষয়া ৰ’ডলফ’ গোমেজ চাৰ্ভাণ্টেছে কয় যে এই কাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জন আৰু প্ৰায় ২০ জন লোক আহত হৈছে। মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বিনবামে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে। উদযাপনৰ সময়ত যি ঘটনা সংঘটিত হয় সেই সন্দৰ্ভত এতিয়া তদন্ত চলি থকা বুলি কয় ৰাষ্ট্ৰপতিগৰাকীয়ে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব কোনে কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে।

যোৱা মাহত গুয়ানাজুয়াটোৰ ছান বাৰ্ট’ল ডি বাৰিয়াছত কেথলিক গীৰ্জাই আয়োজন কৰা এটা অনুষ্ঠানত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। সেই সময়ত গুলীচালনাৰ সময়ত নিহত হৈছিল ৭ জনকৈ লোক। সেই সময়ত অনুষ্ঠানটোত উপস্থিত থকা লোকসকলে কৈছিল যে, সেই দিনা অনুষ্ঠানৰ অন্তত তাত থকা লোকসকলৰ ওপৰত আক্ৰমণকাৰীয়ে নিৰ্বিচাৰ গুলী চলাইছিল।

উল্লেখ্য যে, মেক্সিকো চহৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত গুয়ানাজুয়াটো ৰাজ্যত এনে ঘটনা প্ৰায়ে দেখা যায়। দিনক দিনে এই ৰাজ্যখন হিংসাত্মক হৈ পৰিছে। বছৰৰ প্ৰথম ৫ মাহত অৰ্থাৎ জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত এই ৰাজ্যত ১৪০০ৰো অধিক হত্যাকাণ্ড সংঘটিত হৈছে, যিটো নিজৰ বাবে চিন্তাৰ বিষয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।

 

অন্য খবৰ পঢ়কঃ পুনৰ সুৰ সলনি ড’নাল্ড ট্ৰাম্পৰ! ইৰাণক দিলে স্মাৰ্ট আখ্যা, ইফালে ইজৰাইলক ক’লে…