শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমে খাবলৈ দিলে সুৰা, পাছত পৃথক কৰিলে মূৰ…পুনৰ পত্নী আৰু অবৈধ প্ৰেমিকৰ কু-কাণ্ড পোহৰলৈ…

পুনৰ অবৈধ প্ৰেমৰ বাবে এক জঘন্য হত্যাকাণ্ডৰ ঘটনা। পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক। হত্যাৰ কেইটামান দিন পাছতেই স্বামীৰ মুণ্ডহীন মৃতদেহ নলাৰ পৰা উদ্ধাৰ হয়।

প্ৰথমে খাবলৈ দিলে সুৰা, পাছত পৃথক কৰিলে মূৰ…পুনৰ পত্নী আৰু অবৈধ প্ৰেমিকৰ কু-কাণ্ড পোহৰলৈ…
প্ৰতীকী ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Jul 2025 12:40 PM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। খবৰ অনুসৰি, এগৰাকী মহিলাই প্ৰেমিকৰ সহায়ত স্বামীৰ ডিঙি কাটি হত্যা কৰে । ইমানেই নহয়, ইয়াৰ পাছতে মুণ্ডহীন মৃতদেহটো অন্য ঠাইত পেলাই দিয়ে। মহিলাগৰাকীৰ প্ৰেমিক কিছুদিন পূৰ্বে বিদেশৰ পৰা আহিছিল। তাৰ পাছতে তেওঁ বন্ধু আৰু বিবাহিতা প্ৰেমিকাৰ সৈতে মিলি হত্যাকাণ্ড সংঘটিত কৰে। এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাৱত।

এই ঘটনা উন্নাৱৰ বদৰকা অঞ্চলৰ তুৰ্কীহা বদৰকা গাঁৱৰ। এই গাঁওখনত বাস কৰা ইমৰান নামৰ লোকজনৰ পত্নীয়ে শ্বীবাই প্ৰথমে তেওঁক সুৰাপান কৰোৱাই, তাৰ পাছতে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে। অভিযোগ অনুসৰি অভিযুক্ত যুৱক ফৰমানৰ লগত শ্বীবাৰ ৩ বছৰ ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। ফৰমান চৌদি আৰৱত আছিল আৰু প্ৰায় ২৫ দিন পূৰ্বে তেওঁ ভাৰতলৈ আহিছিল।

জানিব পৰা মতে, ইমৰাণ মদৰ প্ৰতি আসক্ত আছিল। প্ৰতিদিনে মদ খাই ঘৰলৈ আহিছিল আৰু শ্বীবাৰ লগত কাজিয়া কৰিছিল। তেওঁ ই-ৰিক্সা চলাই পৰিয়ালটো পোহপাল দিছিল । কিন্তু শ্বীবাৰ সকলো ইচ্ছা তেওঁ পূৰণ কৰিব পৰা নাছিল। এনেকৈ শ্বীবাৰ ফৰমানৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিছুদিন পূৰ্বে ফৰমান ভাৰতলৈ অহাৰ পাছত শ্বীবাক লগ কৰিছিল। কিন্তু এই কথা গম পাই ইমৰানে আৰু শ্বীবাক ঘৰৰ পৰা বাহিৰলৈ যোৱা বন্ধ কৰি দিয়ে।

ইয়াৰ পিছত শ্বীবাই এই কথা ফৰমানত জনায়, আৰু তেতিয়া দুয়ো ইমৰাণক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। পৰিকল্পনা কৰি ইমৰাণক হত্যা কৰে দুয়ো। শ্বীবা আৰু ফৰমানক এই ক্ষেত্ৰত তেওঁৰ বন্ধু ৰফিকে সহযোগ কৰিছিল। ঘটনাৰ বিৱৰণী অনুসৰি,  প্ৰথমে অভিযুক্তই ইমৰাণক মদ খাবলৈ দি বাইকত অন্য ঠাইলৈ লৈ যায়। তাৰ পাছত তাৰ ডিঙি কাটি হত্যা কৰে আৰু মূৰটো পৃথক কৰি মৃতদেহটো নলাত পেলাই দিয়ে।

ঘটনাৰ কেইটামান দিন পাছতেই কাঞ্চনখেডাৰ সমীপৰ চহৰৰ নলাত বোকাৰ মাজত ইমৰাণৰ মুণ্ডহীন মৃতদেহটো উদ্ধাৰ হয়। ইয়াৰ পাছতে মৃতদেহ চিনাক্ত কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰা হয়। মঙলবাৰ (৮জুলাই)য়ে আৰক্ষীয়ে এই গোচৰটো তথ্য প্ৰকাশ কৰে। আৰক্ষীয়ে জনোৱা মতে, ইমৰাণৰ পত্নী শ্বীবা আৰু প্ৰেমিক ফৰমানত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।  ফৰমানৰ বন্ধু ৰফিক বৰ্তমান পলাতক অৱস্থাত আছে। তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ মাতৃ-কন্যাৰ প্ৰেমৰ সম্পৰ্কত বাাধা হৈ পৰিছিল পিতৃ! কৰিলে ডাঙৰ কাণ্ড