শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাতৃ-কন্যাৰ প্ৰেমৰ সম্পৰ্কত বাাধা হৈ পৰিছিল পিতৃ! কৰিলে ডাঙৰ কাণ্ড

পুনৰ এক নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে। মাতৃ আৰু কন্যাই নিজ নিজ প্ৰেমিকৰ সৈতে মিলি প্ৰাণ লয় স্বামীৰ। জানিব পৰা মতে, মহিলাগৰাকীৰ এজন মুছলমান যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।

মাতৃ-কন্যাৰ প্ৰেমৰ সম্পৰ্কত বাাধা হৈ পৰিছিল পিতৃ! কৰিলে ডাঙৰ কাণ্ড
অভিযুক্ত আৰু ভুক্তভোগীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 10 Jul 2025 10:29 AM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে, এগৰাকী মহিলাই নিজ কন্যাৰ সৈতে মিলি স্বামীক হত্যা কৰে। প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে একাংশই। অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে এজন মুছলমান যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল, ইয়াৰ বিপৰীতে কন্যাৰো এজন দলিত সম্প্ৰদায়ৰ যুৱকৰ সৈতে সম্পৰ্ক আছিল। এই সম্পৰ্কৰ বিৰোধী আছিল পিতৃ। যাৰ বাবে মাতৃ-কন্যাই মিলি এই জঘন্য কাণ্ড সংঘটিত কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰাটত।

ঘটনাৰ বিৱৰণী অনুসৰি, মীৰাট ঝানী অঞ্চলৰ কৃষক সুভাষ উপাধ্যায়ৰ হত্যা তেওঁৰ কন্যা সোণমে প্ৰেমিক বিপিন, মাতৃ কবিতা আৰু মাতৃৰ প্ৰেমিক গুলজাৰ সৈতে মিলি কৰে। সুভাষৰ হত্যাৰ মূল কাৰণ আছিল তেওঁৰ কন্যা সোণমৰ প্ৰেমৰ সম্পৰ্ক। দলিত সম্প্ৰদায়ৰ বিপিনৰ প্ৰেমত পৰিছিল সোণম। এই প্ৰেমত বাধা হৈ পৰিছিল পিতৃ।

ইয়াৰ বিপৰীতে সুভাষৰ পত্নী কবিতাৰ এজন মুছলমান যুৱক গুলজাৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁ স্বামীৰ পৰা মুক্তি পাব বিচাৰিছিল। যাৰ বাবে কন্যাৰ লগ দিয়ে কবিতাই। এই হত্যাকাণ্ডত ৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। অভিযুক্তৰ ভিতৰত আছে কবিতা, সোণম, গুলজাৰ, বিপিন আৰু আন এজন যুৱক আছগাৰ।

সুভাষৰ কন্যা সোণম বি এ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আৰু মীৰুটৰ কানোহৰ লাল পি জি কলেজত অধ্যয়ন কৰে। দুবছৰ আগতেই আৰম্ভ হৈছিল সোণম-বিপিনৰ প্ৰেমৰ সম্পৰ্ক। বিপিন এখন দোকানত কাম কৰে। দোকানলৈ অহা যোৱাৰ সময়তে তেওঁৰ সোণমৰ সৈতে সম্পৰ্ক গঢ়ি লৈ উঠিছিল। প্ৰথমে চিনাকী, বন্ধুত্ব আৰু পাছত ই প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল।

কিন্তু সমস্যাটো আছিল যে বিপিন আৰু সোণম বেলেগ বেলেগ সম্প্ৰদায়ৰ। সোণমে জানিছিল যে দলিত যুৱকৰ সৈতে তেওঁৰ পিতৃয়ে কেতিয়াও বিয়া নিদিয়ে। কিয়নো তেওঁৰ বায়েকে ২০২৫ চনৰ মাৰ্চ মাহত পলায়ন কৰি দলিত সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে বিয়া হৈছিল। সুভাষে সেই সম্পৰ্ক মানি লোৱা নাছিল। যাৰ বাবে তেওঁ পিতৃক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে।

২০২৫ চনৰ এপ্ৰিল মাহত সোণমৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পাই পিতৃয়ে। বাৰে বাৰে সোণমক পিতৃয়ে বাধা দিছিল যদিও সোণম মান্তি হোৱা নাছিল। সোণমেও বাৰে বাৰে পিতৃক মান্তি কৰাবলৈ চেষ্টা কৰি বিফল হৈছিল।সোণমে জানিছিল যে মাতৃ কবিতাই এজন মুছলমান যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। এনে অৱস্থাত দুয়ো দুয়োৰে প্ৰেমিকৰ সহায় লৈ এই নৃশংস কাণ্ড সংঘটিত কৰে। বৰ্তমান আটাইকেইজন জেলত আছে।

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ বিৰুদ্ধে সবাতোকৈ ডাঙৰ ষড়যন্ত্ৰ! চীনে তৈয়াৰ কৰি আছে জলবোমা…