বিয়াৰ ১৮ বছৰ! পিছে ৮ বছৰীয়া প্ৰেমিকৰ সৈতে মিলি মহিলাই প্ৰাণ ল’লে স্বামীৰ…
ৰাজা ৰঘুবংশী কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতে পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি এগৰাকী মহিলাই ৮ বছৰীয়া সৰু এজন যুৱকৰ সৈতে মিলি স্বামীক হত্যা কৰে।

বৰ্তমান ৰাজা ৰঘুবংশী হত্যাকাণ্ডই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজাৰ পত্নী সোণমে বিয়াৰ কেইটামান দিন পাছতে পৰিকল্পনা মতে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা চৰ্চিত হৈ থকাৰ মাজতে পুনৰ এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, এগৰাকী মহিলাৰ ১৮ বছৰ পূৰ্বে প্ৰেম বিবাহ হৈছিল। তাৰ পাছতে ২ বছৰ পূৰ্বে তেওঁ এজন যুৱকৰ সৈতে বিবাহ বহিৰ্ভুত সম্পৰ্কত সোমাই পৰে। সেই অবৈধ প্ৰেমিকজনৰ বাবে এতিয়া মহিলাগৰাকীয়ে নিজ স্বামীক হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত।
অভিযোগ অনুসৰি, মহিলাগৰাকী ৮ বছৰীয়া সৰু এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ইয়াৰ মাজতে মহিলাগৰাকীয়ে স্বামীৰ লগত প্ৰেমিকক চিনাকী কৰাই দিয়ে। কিন্তু যেতিয়া স্বামীৰ দুয়োৰে ওপৰত সন্দেহ হয় তেতিয়া চিনেমাৰ কাহিনীৰ দৰে তেওঁৰ হত্যা কৰে। তাৰ পাছতে ৩ দিন পৰ্যন্ত মহিলাগৰাকী আৰু প্ৰেমিকে ঘূৰি ফুৰি সময় কটায়।
অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে প্ৰথমে স্বামীক মন্দিৰলৈ লৈ যায়। তাতেই মহিলাগৰাকীয়ে প্ৰসাদত বিহ মিহলাই স্বামীক খাব দিয়ে। যেতিয়া বিহ খাই স্বামী অচেতন হৈ পৰে তেতিয়া মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে মহিলি স্বামীক এটা নদীত পেলাই দিয়ে। ইয়াৰ পাছত আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ মহিলাগৰাকীয়ে স্বামী নিৰুদ্দেশ হোৱাৰ নাটক কৰে। কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সকলো । ঘটনাৰ ৮ দিন পাছত আৰক্ষীয়ে নদীৰ পাৰৰ পৰা মৃতকৰ কংকাল উদ্ধাৰ কৰে।
মৃতকৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জালত পৰিছে মহিলাগৰাকীৰ প্ৰেমিকো। তথ্য অনুসৰি ধেবৰুৱা থানা এলেকাৰ ৰেহকাট নাজাৰগড়ৱা গাঁৱত ৪৮ বছৰীয়া কান্নান বাস কৰিছিল। ১৮ বছৰ পূৰ্বে ৩৫ বছৰীয়া সংগীতাৰ সৈতে তেওঁৰ প্ৰেম বিবাহ হৈছিল। বিয়াৰ পিছত সকলো ঠিকেই চলি আছিল। দুয়োৰে এটা ১২ বছৰীয়া পুত্ৰ আছিল। কিন্তু প্ৰায় দুবছৰ পূৰ্বে সংগীতাই বলৰামপুৰৰ নিবাসী অনিল শুক্লা ওৰফে বিবেক (২৭)ক লগ পায়। এখন ৰে’লত দুয়োৰে চিনাকী হৈছিল আৰু পাছলৈ এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়।
সংগীতাই অনিলৰ সৈতে তেওঁৰ স্বামীকো চিনাকী কৰাই দিছিল। তাৰ পাছতে সঘনাই অনিল তেওঁলোকৰ ঘৰলৈ অহা আৰম্ভ কৰিছিল। ইয়াৰ মাজতে দুয়োৰে সম্পৰ্কৰ কথা মহিলাগৰাকীৰ স্বামীয়ে জানিব পাৰে। স্বামীয়ে এই সন্দৰ্ভত মহিলাগৰাকীক প্ৰশ্ন কৰিছিল যদিও এয়া তেওঁ বন্ধুত্ব বুলি কৈ আহিছিল।
কিন্তু যেতিয়া স্বামীয়ে মহিলাগৰাকীক বাৰে বাৰে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সংগীতাই কান্নানক হত্যা কৰাৰ পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰি ২ জুনত সংগীতাই ভ্ৰমণৰ পৰিকল্পনা কৰে । পৰিকল্পনা মতে অনিল,সংগীতা আৰু তেওঁৰ স্বামী এটা মন্দিৰলৈ যায়। কিন্তু মন্দিৰত সংগীতাই তেওঁৰ স্বামীক প্ৰসাদৰ সৈতে মিহলি কৰি বিহ দিয়ে। তাৰ পাছতে কান্নানক গাড়ীত লৈ আহে আৰু ২৫ ফুট ওখ দলঙৰ পৰা নদীত পেলাই দিয়ে। ইয়াৰ পাছত মহিলাগৰাকীয়ে স্বামী নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত সন্দেহ হয় কান্নানৰ ভাতৃৰ। যাৰ বাবে ৯ জুনত তেওঁ আৰক্ষীৰ ওচৰত সংগীতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ত এই ঘটনা পোহৰলৈ আহে আৰু গ্ৰেপ্তাৰ হয় সংগীতাৰ লগতে তেওঁৰ প্ৰেমিক অনিল। দুয়ো ইতিমধ্যে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ ৰাজ নহয়, সোণমৰ আছে অন্য এজন প্ৰেমিক! কোন এই নতুন যুৱক, যাৰ বাবে মেলিলে প্ৰতাৰণাৰ জাল…