এগৰাকী যুৱতী, দুজন প্ৰেমিক! সুধীৰক লৈ গ’ল জংঘললৈ আৰু পাছত এক গাৰ নোম শিয়ৰা ঘটনা…
এগৰাকী যুৱতীৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন যুৱকে। জানিব পৰা মতে, এগৰাকী যুৱতীৰ সৈতে দুই যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল। এনে পৰিস্থিতিত এজন প্ৰেমিকে আন এজনক অতি নৃশংসভাৱে হত্যা কৰে।
প্ৰেমেই কাল হৈ পৰিল এজন যুৱকৰ বাবে! এগৰাকী যুৱতীৰ প্ৰেমত পৰিল দুজনকৈ যুৱক। যাৰ পৰিণতিত এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়। জানিব পৰা মতে, সুধীৰ নামৰ যুৱকজন ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। যেতিয়া তেওঁৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে তেতিয়া পোহৰলৈ আহে এক ডাঙৰ কাণ্ড। আৰক্ষীৰ তদন্তত দেওবাৰে সুধীৰৰ মৃতদেহ মাটিত পুঁতি থোৱা অৱস্থাত উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাৱত।
তথ্য অনুসৰি, ২২ বছৰীয়া সুধিৰ ১২ ডিচেম্বৰত বন্ধুৰ সৈতে ৰঞ্জিতৰ সৈতে বাইকেৰে ওলাই গৈছিল। কিন্তু নিশা হোৱাৰ পাছতো ঘৰলৈ উভতি অহা নাছিল। পুত্ৰ ঘৰলৈ উভতি নহা দেখি চিন্তিত হৈ পৰে পৰিয়াল আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখি কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে মাটিত পুঁতি থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰে। পাছলৈ সেই মৃতদেহটো সুধীৰৰ বুলি চিনাক্ত হয়।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, যুৱকজনক ডিঙিত ৰছী বান্ধি হত্যা কৰা হৈছিল। লগতে তেওঁৰ মুখত আঘাতৰ চিন স্পষ্ট হৈ আছিল। লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে ৰঞ্জিত আৰু আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত ৰঞ্জিত আৰু সন্দীপে হত্যা কাণ্ডৰ কথা স্বীকাৰ কৰে। সন্দীপে কয় যে, তেওঁৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সেইগৰাকী যুৱতীৰ সৈতে সুধীৰৰো সম্পৰ্ক আছিল।
এই কথা সহ্য হোৱা নাছিল সন্দীপৰ। যাৰ বাবে বন্ধু ৰঞ্জিতৰ সৈতে মিলি তেওঁ সুধীৰক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। সেই অনুসৰি, ঘটনাৰ দিনা ৰঞ্জিতে সুধীৰক হাবিৰ মাজলৈ লৈ আনে আৰু তাতেই তেওঁক হত্যা কৰে। এই সমগ্ৰ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে দুই অভিযুক্তক।
অন্য খবৰ পঢ়কঃ স্বামী-পুত্ৰক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত! মহিলাৰ সৈতে বিলালৰ ভয়ংকৰ কাণ্ড…