Nitin Nabin, BJP News: নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হ'ল নীতিন নবীন। পিছে কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে।
বহু অপেক্ষাৰ অন্তত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হ’ল নীতিন নবীন। পিছে কোন হ’ব বিজেপিৰ সৰ্বভাৰতীয় সভাপতি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। এনে পৰিস্থিতিত বিজেপিৰ সংসদীয় ব’ৰ্ডে বিজেপিৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতিৰ নাম ঘোষণা কৰিছে। নীতিন নবীন বিজেপি শিবিৰৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি। তেওঁ বিহাৰৰ কেবিনেট মন্ত্ৰীও। দেওবাৰে বিজেপিয়ে এক বিবৃতিত দলটোৰ সংসদীয় ব’ৰ্ডে নীতিন নবীনক সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি হিচাপে বাছনি কৰা বুলি উল্লেখ কৰে।
শেহতীয়াকৈ সমাপ্ত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত পাটনাৰ বাংকিপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল নীতিন নবীনে। তেওঁ ৫১ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে আৰজেডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীক। নীতিশ কুমাৰৰ বৰ্তমানৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী নীতিন নবীন।
Latest Videos
EPFOৰ পৰা কিমান বাৰ ধন উলিয়াব পাৰি? সবিশেষ জানক...
বিজেপিৰ অসমৰ প্ৰভাৰী নিযুক্তিৰ পৰা আই পি এলৰ নিলামলৈ দিনটোৰ খবৰ
নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…
ৰূপনগৰলৈ স্থানান্তৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়...
