বিজেপিৰ অসমৰ প্ৰভাৰী নিযুক্তিৰ পৰা আই পি এলৰ নিলামলৈ দিনটোৰ শীৰ্ষ খবৰ…
Top9 News: সমাগত অসম বিধানসভা নিৰ্বাচন। ইতিমধ্যে ইয়াকে লৈ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে। পিছ পৰি ৰোৱা নাই বিজেপি। শাসকীয় দলটোৱে শেহতীয়াকৈ অসমৰ বাবে নিৰ্বাচন তত্বাৱধায়ক নিযুক্তি দিছে।
মাজত মাত্ৰ কেইটামান মাহ। অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা প্ৰস্তুতি আৰম্ভ কৰিছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই শাসকীয় পক্ষ বিজেপি। শেহতীয়াকৈ দলটোৱে বৈজয়ন্ত জয় পাণ্ডাক অসমৰ নিৰ্বাচন তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। লগতে নিয়োগ কৰিছে দুই সহকাৰী নিৰ্বাচন তত্বাৱধায়ক। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই নিযুক্তি দিছে।
মেৰাপানীত পুনৰ নগা দুৰ্বৃত্তৰ তাণ্ডৱ। অভিযোগ অনুসৰি, একাংশ নগা দুৰ্বৃত্তই চৰাই চিকাৰ কৰিবলৈ আহি অসমৰ লোকক আক্ৰমণ কৰে। যত আহত হয় ৪ জন লোক। নগা দুৰ্বৃত্তৰ দলটোৰ ২ জনক আটক গাঁওবাসীয়ে আটক কৰাৰ বিপৰীতে বাকীসকলে পলায়ন কৰে।
কাইলৈ হ’ব আই পি এলৰ নিলাম। আবুধাবিত বিয়লি ২.৩০ বজাৰ পৰা হ’ব নিলামৰ কাৰ্যসূচী। এই নিলাগত অংশগ্ৰহণ কৰিব ১০টাকৈ দলে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
EPFOৰ পৰা কিমান বাৰ ধন উলিয়াব পাৰি? সবিশেষ জানক...
বিজেপিৰ অসমৰ প্ৰভাৰী নিযুক্তিৰ পৰা আই পি এলৰ নিলামলৈ দিনটোৰ খবৰ
নীতিন নবীনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পাছতে আৰম্ভ চৰ্চা…
ৰূপনগৰলৈ স্থানান্তৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়...
