শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
EPFOৰ পৰা কিমান বাৰ ধন উলিয়াব পাৰি? সবিশেষ জানক...

EPFOৰ পৰা কিমান বাৰ ধন উলিয়াব পাৰি? সবিশেষ জানক…

trishna-kalita
Trishna Kalita | Published: 15 Dec 2025 22:46 PM

যদি হঠাৎ বহুত টকাৰ প্ৰয়োজন হয়, তেন্তে বহুতে ধাৰ লোৱাৰ পৰিৱৰ্তে পি এফৰ পৰা টকা উলিওৱাটো ভাল বুলি ভাবে। বিয়াৰ বাবে পি এফৰ পৰা কিমান টকা উলিয়াব পাৰি জানেনে?

চৰকাৰী আৰু ব্যক্তিগত কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰভিডেণ্ট ফাণ্ড (Provident Fund)ৰ ব্যৱস্থা কৰা হৈছে। যদিও ই ভৱিষ্যতৰ বাবে বিত্তীয় পুঁজি, তথাপিও যিকোনো বিশেষ প্ৰয়োজনৰ বাবে অৱসৰৰ পূৰ্বে প্ৰভিডেণ্ট ফাণ্ড বা পি এফ একাউণ্টৰ পৰা ধন উলিয়াব পাৰি। সেয়া চিকিৎসাৰ খৰচ হওক বা ঘৰ নিৰ্মাণৰ খৰচ হওক বা বিয়াৰ খৰচ হওক।  যদি হঠাৎ বহুত টকাৰ প্ৰয়োজন হয়, তেন্তে বহুতে ধাৰ লোৱাৰ পৰিৱৰ্তে পি এফৰ পৰা টকা উলিওৱাটো ভাল বুলি ভাবে। বিয়াৰ বাবে পি এফৰ পৰা কিমান টকা উলিয়াব পাৰি জানেনে?

শেহতীয়াকৈ ইপিএফঅ’ৰ নিয়মবোৰ বহুত সৰল কৰা হৈছে। বিয়াৰ বাবে পি এফৰ ধন উলিওৱাটোও সহজ হৈ পৰিছে। ইয়াৰ পূৰ্বে পি এফ একাউণ্টত জমা হোৱা এক নিৰ্দিষ্ট পৰিমাণৰ ধনহে উলিয়াব পৰা হৈছিল। এতিয়া কৰ্মচাৰীয়ে নিজৰ আৰু কোম্পানী দুয়োটাৰে ধন উলিওৱাৰ লগতে প্ৰয়োজন হ’লে বিবাহৰ বাবে একাধিকবাৰ ধন উলিয়াব পাৰিব।