শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰেৰণা! থৰক-বৰক খোজেৰে স্নাতক পৰীক্ষা দিবলৈ যায় এজন ৭৬ বছৰীয়া বৃদ্ধই…

শিক্ষা গ্ৰহণৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। এই কথা পুনৰ প্ৰমাণ কৰি দিলে এগৰাকী ৭৬ বছৰীয়া বৃদ্ধই। অন্য ছাত্ৰ-ছাত্ৰীৰ দৰে এই লোকজনে কলেজলৈ যায়।

প্ৰেৰণা! থৰক-বৰক খোজেৰে স্নাতক পৰীক্ষা দিবলৈ যায় এজন ৭৬ বছৰীয়া বৃদ্ধই…
বৃদ্ধজনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 10 Jul 2025 13:15 PM

শিকাৰ কোনো সময় নাথাকে বুলি কোৱা হয়। তাৰ প্ৰমাণ দিলে ৭৬ বছৰীয়া এজন বৃদ্ধই। কিয়নো এই বয়সত তেওঁৰ পঢ়া-শুনা কৰি আছে। অন্য ছাত্ৰ-ছাত্ৰীৰ দৰে কলেজলৈ যায়, পৰীক্ষা দিয়ে। এই লোকজনে স্নাতক পৰীক্ষা দি আছে। বিহাৰৰ ভাগলপুৰত ৭৬ বছৰীয়া এই ব্যক্তিজনৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিছে বহুতক। জানিব পৰা মতে, তেওঁ ভাগলপুৰৰ মাৰোৱাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে।

তিলকামঝি ভাগলপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাৰোৱাৰী মহাবিদ্যালয়ত অৱস্থিত IGNOU চেণ্টাৰত বি এ পৰীক্ষা দি আছে এইগৰাকী ৭৬ বছৰীয়া ছাত্ৰই। প্ৰতিদিনে থৰক বৰক খোজেৰে মহাবিদ্যালয়ত উপস্থিত হৈ আন ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁ। যিয়ে যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। এই লোকজন ভাগলপুৰ নিবাসী অনন্ত শৰ্মা।

অনন্ত শৰ্মাই নিজৰ ইচ্ছা অনুসৰি ডিগ্ৰী লাভ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে এই বিষয়ে অনন্ত শৰ্মাক প্ৰশ্ন সোধাত তেওঁ কোনো মন্তব্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পাছতো তেওঁৰ পঢ়াৰ প্ৰতি থকা ধাউতি তথা একাগ্ৰতাই আকৰ্ষিত কৰিছে বহুতক।

IGNOU ৰ সমন্বয়ক ভৱেশ কুমাৰে কয় যে তেওঁক দেখি আমিও আচৰিত হৈছিলো। ভৱেশ কুমাৰে আৰু কয় যে অনন্তই পঢ়া-শুনা কৰি পৰীক্ষা দিবলৈ ইচ্ছুক।  তেওঁ নিজকে জীয়াই ৰাখিবলৈ পঢ়ে। সকলোৰে বাবে তেওঁ এক প্ৰেৰণা। তেওঁৰ খোজ কঢ়াত অসুবিধা হয়। তেওঁ যথেষ্ট বয়সীয়াল। কিন্তু তেওঁ পৰীক্ষাত সময়মতে হাজিৰ হয়। আমি তেওঁক সন্মানেৰে বহিবলৈ দিওঁ। অনন্ত শৰ্মাক দেখি যুৱক-যুৱতীসকলে তেওঁৰ পদাংক অনুসৰণ কৰিব লাগে। শিক্ষাৰ প্ৰতি তেওঁৰ সমৰ্পণ দেখি আমাৰ মনোবল বাঢ়ি যায়।

উল্লেখ্য যে, এইদৰেই এজন বৃদ্ধই ৭৬ বছৰ বয়সত পঢ়া-শুনা কৰি মহাবিদ্যালয়খনৰ বাকী যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে। তেওঁ এতিয়া স্নাতক ডিগ্ৰী লোৱাৰ সিদ্ধান্ত লৈছে, যাৰ বাবে পৰীক্ষা দি আছে। আশা, অনন্তই পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব।

 

অন্য খবৰ পঢ়কঃ প্ৰথমে খাবলৈ দিলে সুৰা, পাছত পৃথক কৰিলে মূৰ…পুনৰ পত্নী আৰু অবৈধ প্ৰেমিকৰ কু-কাণ্ড পোহৰলৈ…