শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাইকত উঠাই নি প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড! পাছত প্ৰেমিকে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত…

দেশত বৃদ্ধি পাইছে প্ৰেমজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। এজন প্ৰেমিকে প্ৰথমে প্ৰেমিকাৰ প্ৰাণ লয়, পাছত নিজে চৰম পন্থা গ্ৰহণ কৰে।

বাইকত উঠাই নি প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড! পাছত প্ৰেমিকে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত…
প্ৰেমিক-প্ৰেমিকা
barasha-sarma
Barasha Sarma | Published: 02 Oct 2025 15:10 PM

কোৱা হয়, প্ৰেম এক স্বৰ্গীয় অনুভূতি! কিন্তু আজিকালি প্ৰেমৰ লগত জড়িত বিভিন্ন অপৰাধজনিত ঘটনা বিভিন্ন সময়ত পোহৰলৈ অহা দেখা যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে, য’ত এজন যুৱকে প্ৰথমে প্ৰেমিকাৰ প্ৰাণ লয় আৰু পাছত নিজে চৰম পন্থা গ্ৰহণ কৰে। মৃত্যু হোৱাৰ যুৱকজনৰ বয়স ১৯ আৰু কিশোৰীগৰাকীৰ বয়স ১৭ বছৰ বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কাকিনাডা জিলাৰ সমৰলাকোটাত।

ঘটনাৰ বিৱৰণী  অনুসৰি কিশোৰীগৰাকী বজাৰ কৰিবলৈ ওলাই যোৱাৰ সময়তে যুৱকজনে তেওঁক হত্যা কৰে। পাছত ৰে’লৰ আগত জপিয়াই জীৱনৰ চৰম সিদ্ধান্ত লয়। নিহত যুৱকজন গোল্লাপ্ৰলু সংমণ্ডলৰ দুৰ্গাডাৰ নিবাসী অশোক বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীও সেই একেই অঞ্চলৰ বাসিন্দা। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, কিশোৰীগৰাকী এখন মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। প্ৰতিদিনে তেওঁ বাছেৰে কলেজলৈ অহা যোৱা কৰিছিল। সেই কিশোৰীগৰাকীৰ নৱম শ্ৰেণীৰ পৰাই যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। দুটা দিন পূৰ্বে কিশোৰীগৰাকীয়ে পৰীক্ষা দিবলৈ বুলি মোমায়েকৰ ঘৰলৈ গৈছিল। কিন্তু ৩০ ছেপ্টেম্বৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল।

পৰিয়ালে বিভিন্ন ঠাইত কিশোৰীগৰাকীক বিচাৰিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল। তাৰ পাছতে বুধবাৰে পুৱা পৰিয়ালৰ লোকে কন্যাৰ হত্যাৰ খবৰ লাভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, মঙলবাৰে কিশোৰীগৰাকী বজাৰ কৰিবলৈ আহিছিল। তেতিয়াই প্ৰেমিক সেই স্থানত উপস্থিত হৈ প্ৰেমিকাক এটা নিৰ্জন ঠাইলৈ লৈ যায়। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক প্ৰেমিকে ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰে। তাৰ পাছত নিজে চৰম পন্থা লয়। কি কাৰণে অশোকে এই পদক্ষেপ লয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পক আঘাত! গাজা শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত নতুন বন্ধু পাকিস্তানে নকৰে সমৰ্থন…