শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অজিত পাৱাৰৰ শেষকৃত্য, অন্তিম যাত্ৰাৰ বহু লোকৰ সমাগম…

বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। চিতাৰ বাবে নিৰ্মাণ কৰা হৈছে মঞ্চ। ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিৰাপদে অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ সাক্ষী হ’ব পৰাকৈ খেলপথাৰখনত বেৰিকেড লগোৱা হৈছে।

আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অজিত পাৱাৰৰ শেষকৃত্য, অন্তিম যাত্ৰাৰ বহু লোকৰ সমাগম…
অজিত পাৱাৰ শেষ যাত্ৰা
Trishna Kalita
Trishna Kalita | Published: 29 Jan 2026 08:46 AM

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্তিম যাত্ৰা। তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সম্গ্ৰ দেশবাসী। অজিত পাৱাৰৰ মৃত্যু তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আজি পুৱা ১১ বজাত বাৰামাটিৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৰাজপথলৈ ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সহস্ৰাধিক সমৰ্থক আৰু জনসাধাৰণে।

বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। চিতাৰ বাবে নিৰ্মাণ কৰা হৈছে মঞ্চ। ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিৰাপদে অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ সাক্ষী হ’ব পৰাকৈ খেলপথাৰখনত বেৰিকেড লগোৱা হৈছে। বিভিন্ন স্থানত বৃহৎ পৰ্দাও স্থাপন কৰা হৈছে যাতে দূৰৈৰ দেশৰ পৰা অহা লোকসকলে শেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেকে ধৰি কেইবাজনো বিশিষ্ট নেতাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

এই উপলক্ষে পাঁচখনকৈ বৃহৎ পেণ্ডেল নিৰ্মাণ কৰা হৈছে। য’ত বহিব দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট নেতা আৰু অজিত পাৱাৰৰ পৰিয়ালৰ সদস্য। এই পেণ্ডেলবোৰত অজিত পাৱাৰৰ এখন বৃহৎ ফটো প্ৰদৰ্শিত হৈছে। অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। খেলপথাৰত হাজাৰ হাজাৰ ভক্ত আৰু সমৰ্থক উপস্থিত থকাৰ সম্ভাৱনা আছে, সেয়েহে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিস্তৃত প্ৰস্তুতি চলাইছে।

উল্লেখ্য যে বুধবাৰে পুৱাৰ ভাগত অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰে যাত্ৰা কৰা বিমানখন। ২৮ জানুৱাৰীৰ পুৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ বাৰামাটিলৈ গৈ আছিল অজিত পাৱাৰ। তেওঁৰ বিমানখন বাৰামাটি বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়াবহ দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি পাঁচজন লোকৰ মৃত্যু হয়। ইফালে বাৰামাটি বিমান দুৰ্ঘটনাত মৃত্যু হোৱা কেপ্তেইন সুমিতৰ অন্ত্যেষ্টিক্ৰিয়া আজি পুৱা ১০ বজাত ৰাজৌৰী গাৰ্ডেন শ্মশানত সম্পন্ন কৰা হ’ব।

লগতে পঢ়ক: নিঃশেষ হ’ল এটি সম্ভাৱনা! অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত নিহত পাইলত সম্ভৱী পাঠক কোন?