শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিঃশেষ হ’ল এটি সম্ভাৱনা! অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত নিহত পাইলত সম্ভৱী পাঠক কোন?

বাৰামটি বিমানবন্দৰৰ সমীপত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই হৃদয়বিদাৰক দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি জাহাজত থকা ৫ জন লোকৰ মৃত্যু হয়।

নিঃশেষ হ’ল এটি সম্ভাৱনা! অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত নিহত পাইলত সম্ভৱী পাঠক কোন?
বিমান দুৰ্ঘটনাত নিহত পাইলত সম্ভৱী পাঠক
Trishna Kalita
Trishna Kalita | Updated On: 28 Jan 2026 15:03 PM

বুধবাৰৰ দিনটো মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এক কলা অধ্যায় হিচাপে খোদিত হ’ল। বাৰামটি বিমানবন্দৰৰ সমীপত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই হৃদয়বিদাৰক দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি বিমানত থকা ৫ জন লোকৰ মৃত্যু হয়। বিমানখনত আছিল অভিজ্ঞ পাইলট কেপ্তেইন সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভৱী পাঠক, আনহাতে পিংকি মালী আছিল বিমান পৰিচাৰিকা।

এইখন আছিল ভিএছআৰ ভেঞ্চাৰছৰ মালিকানাধীন 45 (Learjet 45) বিমান, যাৰ পঞ্জীয়ন নম্বৰ আছিল VT-SSK । বিমানখনৰ মুঠ ওজন আছিল ৯৭৫২ কিলোগ্ৰাম। ২০২২ চনৰ পৰা কোম্পানীটোৰ সৈতে থকা সম্ভৱীয়ে মুম্বাই বিশ্ববিদ্যালয়ত বিমান পৰিবহণ বিষয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত ২০১৮ চনৰ পৰা ২০১৯ চনলৈকে নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পাইলট একাডেমীত প্ৰশিক্ষণ লয়।

VSR Ventures Pvt Ltd হৈছে দিল্লীস্থিত ব্যক্তিগত বিমান পৰিবহণ কোম্পানী, ২০১১ চনত গঠন হোৱা।বিমান ভাড়াত লোৱাৰ উপৰিও ই বিমান পৰামৰ্শদাতাৰ কামো কৰে। মালিক কেপ্তেইন বিজয় সিং আৰু কেপ্তেইন ৰোহিত সিং। ২০২৩ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁলোকৰ এখন বিমান মুম্বাই বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

পুৱা ৮:৪৫ৰ পৰা ৯:১৫ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। জিলা পৰিষদ নিৰ্বাচনৰ বাবে ৰাজহুৱা সভাত ভাষণ দিবলৈ মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ আছিল অজিত পাৱাৰ। বাৰামটি ৰাণৱেত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিমানখনৰ কাৰিকৰী বিজুতি ঘটে। ৰাণৱেত অৱতৰণ কৰাৰ সলনি ওচৰৰ পথাৰত খুন্দা মাৰে। খুন্দা মৰাৰ লগে লগে বিমানখন ছিন্নভিন্ন হৈ পৰে আৰু জুই লাগে। মৃত যাত্ৰী কেইজনৰ ভিতৰত অজিত পাৱাৰ আৰু বিদীপ যাধৱ আছে।

ডিজিচিএই নিশ্চিত কৰিছে মৃত্যু

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত তেওঁৰ ব্যক্তিগত সহায়ক (পি এ), এজন নিৰাপত্তাৰক্ষী অজিত পাৱাৰ আৰু দুয়োজন পাইলটকে ধৰি মুঠ পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে। সম্পূৰ্ণৰূপে ধ্বংস হৈছে বিমানখন। ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ডি জি চি এয়ে।

ইফালে, অজিত পাৱাৰে আজি বাৰামটিত চাৰিটা বৃহৎ সমাৱেশত ভাষণ দিয়াৰ কথা আছিল। যাৰ বাবে পুৱাৰে পৰা সমৰ্থকৰ এক বৃহৎ ভিৰ গোট খাইছিল। কিন্তু সমাৱেশৰ পূর্বেও তেওঁৰ মৃত্যুৰ খবৰে ৰাজ্যজুৰি শোকৰ ঢৌ তুলিছে ৷

লগতে পঢ়ক: বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু! অজিত পাৱাৰে কিমান ধন-সম্পত্তি এৰি থৈ গ’ল?