শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিয়াৰ ১০ দিন পাছত মেঘালয় ভ্ৰমণলৈ আহিছিল মধ্যপ্ৰদেশৰ দম্পতী, প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত উদ্ধাৰ মৃতদেহ…

মেঘালয়লৈ ফুৰিবলৈ আহি নিৰুদ্দেশ হৈছিল এহাল যুৱতী। কিন্তু নিৰুদ্দেশ হোৱাৰ প্ৰায় ১০ টা দিন পাছত ৰাজা নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ বিপৰীতে নিৰুদ্দেশ অৱস্থাত আছে তেওঁৰ পত্নী।

বিয়াৰ ১০ দিন পাছত মেঘালয় ভ্ৰমণলৈ আহিছিল মধ্যপ্ৰদেশৰ দম্পতী, প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত উদ্ধাৰ মৃতদেহ…
স্বামী-স্ত্ৰীImage Credit source: Free press journal
barasha-sarma
Barasha Sarma | Published: 02 Jun 2025 17:30 PM

প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উদ্দেশ্যে মেঘালয়ত উপস্থিত হৈছিল এহাল দম্পতী। কিন্তু তাৰ মাজতে নিৰুদ্দেশ হৈ পৰে দুয়ো। যোৱা  ১০ টা দিন ধৰি নৱ-বিবাহিত দম্পতীহালক বিচাৰি অভিযান চলাই থকা হৈছিল যদিও সোমবাৰে পোহৰলৈ আহে এক বেয়া খবৰ। জানিব পৰা মতে, সোমবাৰ (২জুন)য়ে ৰাজা ৰংঘুবংশী নামৰ লোকজনৰ মৃতদেহ এটা দ’ খাৱৈৰ পৰা উদ্ধাৰ হয়। ইয়াৰ বিপৰীতে তেওঁৰ পত্নী সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। সম্প্ৰতি ড্ৰ’নৰ সহায়ত সংশ্লিষ্ট এলেকাত এক অনুসন্ধান অভিযান চলাই আছে যদিও ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে বাৰে বাৰে অভিযান বন্ধ কৰিবলগীয়া হৈছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰাজা নামৰ যুৱকজনে সোণম ৰঘুবংশীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত দুয়ো হানিমুনৰ বাবে মেঘালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি দুয়ো উপস্থিত হৈছিল শ্বিলঙত। কিন্তু ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থকাৰ মাজতে চেৰাপুঞ্জীৰ চহৰাৰ পৰা দুয়ো নিৰুদ্দেশ হয়।  ইয়াৰ পাছতে আৰক্ষীয়ে দুয়ো বুক কৰি লৈ যোৱা স্কুটীখন উদ্ধাৰ কৰিছিল যদিও সন্ধান পোৱা নাছিল দুয়োৰে। কেইবাদিন ধৰি চলা অভিযানৰ অন্তত আজি ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়।

তথ্য অনুসৰি, পৰিবহণ বিভাগৰ কৰ্মচাৰী আছিল ৰাজা ৰঘুবংশী। বিগত মাহৰ ১১ মে’ত তেওঁৰ বিবাহ সোণম ৰঘুবংশীৰ সৈতে হৈছিল। তাৰ পাছতে দুয়ো ২০ মে’ত হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। প্ৰায় প্ৰতিটো দিনে দুয়ো পৰিয়ালৰ সৈতে যোগাযোগত আছিল যদিও ২৩ মে’ৰ পৰা দুয়োৰে ফোন অহা বন্ধ হৈ পৰে। বাৰে বাৰে ফোন কৰিও দুয়োৰে খবৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে আৰু পাছত আৰক্ষীক খবৰ দিয়ে।

দুয়োকে বিচাৰ খোচৰ কৰি অভিযান চলাই আছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল আৰক্ষীয়ে। এই বিষয়টোত হস্তক্ষেপ কৰিছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহনে যাদৱেও। ঘটনা সন্দৰ্ভত ৰাজাৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে এই ঘটনাৰ বাবে দায়ী মেঘালয় চৰকাৰ। কিয়নো যি স্থানৰ পৰা দুয়ো নিৰুদ্দেশ হৈছিল সেই স্থানত কোনো ধৰণৰ বিপদৰ সাংকেতিক চিহ্ন নাছিল। গতিকে তেনে অঞ্চলত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা সদায় থাকে। এই ঘটনাৰ পাছতে এতিয়া মেঘালয়ৰ পৰ্যটন উদ্যোগটিৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, যিজন গাইডৰ সহায়ত দুয়ো ফুৰিবলৈ গৈছিল তেওঁক মেঘালয় আৰক্ষীয়ে আটক কৰিছিল। কিন্তু কোনো সোধা-পোছা নকৰাকৈ তেওঁক এৰি দিছিল। পৰিয়ালৰ মতে, গাইডজনে ক’ব পাৰিব দুয়ো ক’ৰ পৰা আৰু কেনেকৈ নিৰুদ্দেশ হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্ততহে জানিব পৰা যাব দুয়োৰে লগত প্ৰকৃততে কি হৈছিল।

 

অন্য খবৰ পঢ়কঃ কাৰ বাবে সেন্দূৰ লয় ৰেখাই? আঁৰত আছে নেকি ৫ বছৰ সৰু এজন অভিনেতা, জানক…