শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাৰ বাবে সেন্দূৰ লয় ৰেখাই? আঁৰত আছে নেকি ৫ বছৰ সৰু এজন অভিনেতা, জানক…

বলীউডৰ এসময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰেখা। অৱশ্যে আজিৰ দিনটো ৰেখাৰ জনপ্ৰিয়তা কমা নাই। ৰেখাৰ বিভিন্ন দিশৰ লগতে তেওঁৰ লোৱা সেন্দূৰ সন্দৰ্ভতো চৰ্চা হয়। পিছে এই সেন্দূৰ ৰেখাই কাৰ বাবে লয়?

কাৰ বাবে সেন্দূৰ লয় ৰেখাই? আঁৰত আছে নেকি ৫ বছৰ সৰু এজন অভিনেতা, জানক…
ৰেখাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Jun 2025 13:48 PM

বলীউডৰ পৰা বহু সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। এই খবৰ প্ৰেম, বিবাহ, অবৈধ প্ৰেম আদিৰ লগতো কেতিয়াবা জড়িত হয়। এনে এক চৰ্চিত প্ৰেম কাহিনী অমিতাভ বচ্চন আৰু ৰেখাৰ।  বলীউডৰ প্ৰেম বুলি ক’লেই যেন অমিতাভ আৰু ৰেখা। দুয়োৰে প্ৰেমে পূৰ্ণতা নাপালেও আজিৰ সময়তো ৰেখাই মুকলিকৈ প্ৰেমৰ বিষয়ে কয়। এটা সময়ত এই বিবাহ বহিৰ্ভূত প্ৰেমে বহু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। ইয়াৰোপৰি কেতিয়াবা ৰেখাৰ বিস্ফোৰত মন্তব্য আৰু কেতিয়াবা শিৰত থকা সেন্দূৰখিনিয়েও বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

কিন্তু আপুনি জানেনে, এই অভিনেত্ৰীগৰাকীৰ অভিনেতা সঞ্জয় দত্তৰ সৈতেও বিশেষ সম্পৰ্ক আছিল। শুনিলে আচৰিত লাগিব পাৰে, কিন্তু এয়াই সঁচা। অৱশ্যে এই কথা আজিৰ নহয়, বহু পুৰণি। ‘জমীন আশমান’ ছবিখনত দুয়োজনে একেলগে কাম কৰিছিল।  সেই সময় আছিল ১৯৮৪ চনৰ। বিভিন্নজনৰ মতে, তেতিয়াৰ পৰা দুয়োৰে সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল, আৰু তাৰ পাছৰ পৰাই ৰেখাই শিৰত সেন্দূৰ লোৱা আৰম্ভ কৰিছিল। ইয়াকে লৈ বিভিন্নজনে মন্তব্যও কৰি আহিছে।

বিভিন্নজনৰ লগতে এই খবৰটো সঞ্জয় দত্তৰ মাতৃ নাৰ্গছিৰ কাণত পৰে। কিন্তু এই কথাটো নাৰ্গিছে ভাল পোৱা নাছিল। বৰঞ্চ ইয়াৰ বাবে নাৰ্গিছে ৰেখাক ঠাট্টা-মস্কৰা কৰিছিল। ইয়াৰ মাজতে খবৰ পোহৰলৈ আহিছিল যে, সঞ্জয় দত্তই গোপনে ৰেখাক বিয়া কৰাইছিল। জমীন আশমান নামৰ ছবিখনৰ চেটতে দুয়ো প্ৰেমত পৰিছিল আৰু বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে আজি পৰ্যন্ত এই সন্দৰ্ভত দুয়ো মুখ খোলা নাই।

এই ছবিখনৰ কাম শেষ হোৱাৰ পাছতে ৰেখাই সেন্দূৰ লগাবলৈ আৰম্ভ কৰিছিল। কিন্তু পাছত দুই অভিনেতা-অভিনেত্ৰীৰ বিষয়ে এই সন্দৰ্ভত বিশেষ কোনো খবৰ পোহৰলৈ অহা নাছিল। একাংশই কয় যে, ৰেখাৰ অমিতাভ বচ্চনৰ সৈতে সম্পৰ্ক আছিল আৰু অমিতাভৰ বাবে তেওঁ সেন্দূৰ লয়। আনকি মাজে মাজে ৰেখাই অমিতাভৰ বাবে পৰোক্ষভাৱে হ’লেও প্ৰেম প্ৰদৰ্শন কৰে। কিন্তু আজি পৰ্যন্ত ৰেখাই তেওঁ লোৱা সেন্দূৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ৰেখা আৰু তেওঁৰ প্ৰেম সন্দৰ্ভত আজিও এক ডাঙৰ ৰহস্য।

 

 

অন্য খবৰ পঢ়কঃ মোৰ মাহেকীয়া চলি আছিল, তেতিয়া অক্ষয়ে টানি নিছিল আৰু…উচুপি উঠিল ৰবিনা টেণ্ডন