শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিজকে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলালে যুৱতীক! পাছত ফটো ভাইৰেলৰ ভাবুকি আৰু…

পুনৰ পোহৰলৈ আহিছে এক লাভ জেহাদৰ ঘটনা। এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু পাছত বিভিন্ন ভাবুকি দিয়ে।

নিজকে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলালে যুৱতীক! পাছত ফটো ভাইৰেলৰ ভাবুকি আৰু…
যুৱকজন
barasha-sarma
Barasha Sarma | Published: 12 Aug 2025 10:59 AM

বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাভ জেহাদৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন মুছলমান যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন হৈছে। বজৰং দলে কৰা অভিযোগ অনুসৰি, অফৰোজ নামৰ যুৱকজনে নিজৰ পৰিচয় লুকুৱাই এগৰাকী হিন্দু যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ নিজকে সমীৰ আৰ্য বুলি চিনাকী দিছিল।

জানিব পৰা মতে, যুৱকজনে নিজকে হিন্দু বুলি পৰিচয় দিয়াৰ বাবে সকলো কৰিছিল। যুৱতীগৰাকী আছিল বিটিচিৰ ছাত্ৰী। অভিযোগ অনুসৰি অফৰোজে যুৱতীগৰাকীক প্ৰেমৰ জালত আৱদ্ধ কৰিছিল আৰু পাছত ধৰ্ষণ কৰিছিল। ছাত্ৰীগৰাকীৰ মাতৃয়ে কয় যে, যেতিয়া যুৱতীগৰাকীয়ে যুৱকজনৰ আচল পৰিচয় জানিব পাৰিছিল তেতিয়া তেওঁৰ পৰা আঁতৰি আহিব খুজিছিল। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সী জিলাৰ মৌৰাণীপুৰ চহৰত। ঘটনা সন্দৰ্ভত ইতিমধ্যে মৌৰাণীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

অভিযোগ অনুসৰি, যেতিয়া যুৱতীগৰাকীয়ে যুৱকজনৰ পৰা আঁতৰিব বিচাৰিছিল তেতিয়া তেওঁৰ ব্লেকমেইলিং আৰম্ভ হৈছিল। যুৱকজনে যুৱতীগৰাকীৰ ব্যক্তিগত ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল। আনকি অফৰোজে যুৱতীগৰাকীক বলপূৰ্বকভাৱে বিয়া পতাৰ চেষ্টা কৰিছিল। যদি এনে নকৰে তেন্তে হত্যা কৰাৰ ভাবুকি দিছিল। যুৱতীগৰাকীয়ে কয় যে, যুৱকজনে তেওঁক এয়াও কৈছিল যে যদি তেওঁ বিয়াত নবহে তেন্তে যুৱকজনে চৰম পন্থা গ্ৰহণ কৰিব আৰু সমগ্ৰ পৰিয়ালটোক জগৰীয়া কৰিব।

ইয়াৰ মাজতে ১১ আগষ্টত যুৱকজনে যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয়। পাছত তেওঁ বিহ পান কৰাৰ চল কৰে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ আগত যুৱকজনে বিহপান কৰে। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেতিয়া চিকিৎসকে কয় যে, যুৱকজনে বিহপান কৰা নাছিল, এয়া আছিল তেওঁৰ নাটক।

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে লগতে বজৰংগ দলক অৱগত কৰে। ঘটনা সন্দৰ্ভত বজৰং দলে কয় যে,এয়া কোনো প্ৰেমৰ ঘটনা নহয়। এয়া এক ষড়যন্ত্ৰ আৰু লাভ জেহাদৰ ঘটনা। যুৱকজনে নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীগৰাকীৰ লগত সম্পৰ্ক গঢ়িছে আৰু পাছত শোষণ কৰে। আনকি যুৱকজনে  নিজকে হিন্দু বুলি পৰিচয় দিবলৈ কপালত তিলক লগাইছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে। বৰ্তমানলৈকে এই ঘটনাত কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰতৰ! স্থলপথেৰে কৰিব নোৱাৰিব আমদানি…