শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কলকাতা কাণ্ডঃ কোনে নষ্ট কৰিলে সকলো প্ৰমাণ? ষড়যন্ত্ৰৰ আঁৰত কোন আছিল…

এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰয় নাম এজনক। তাৰ পাছতেই শনিবাৰে আন দুজনক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। তদন্তৰ সময়ত ১০০ জনৰো অধিকলোকক চিবিআইয়ে জেৰা কৰিছে।

কলকাতা কাণ্ডঃ কোনে নষ্ট কৰিলে সকলো প্ৰমাণ? ষড়যন্ত্ৰৰ আঁৰত কোন আছিল…
কলকাতা কাণ্ড
Barasha Sarma
Barasha Sarma | Published: 15 Sep 2024 17:32 PM

কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু এই বৃহৎ ষড়যন্ত্ৰ’ৰ আঁৰত আছে কোন?  এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে তালা থানাৰ প্ৰাক্তন অচি অভিজিত মণ্ডল আৰু আৰ জি কৰ হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক। দেওবাৰে অভিজিত মণ্ডল আৰু সন্দীপ ঘোষক ছিলদাহ আদালতৰ দ্বিতীয় ন্যায়িক দণ্ডাধীশ ন্যায়াধীশ পামেলা গুপ্তাৰ সন্মুখত হাজিৰ কৰোৱা হয়। আদালতে দুয়োতে ৩ দিনৰ চিবিআইৰ জিম্মাত প্ৰেৰণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসক এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৰণোত্তৰ পৰীক্ষাত চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি প্ৰকাশ পাইছিল। এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰয় নাম এজনক। তাৰ পাছতেই শনিবাৰে আন দুজনক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। তদন্তৰ সময়ত ১০০ জনৰো অধিকলোকক চিবিআইয়ে জেৰা কৰিছে।

আদালতত চিবিআইয়ে দাবী কৰা মতে, ঘটনাৰ নিশা আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা থানাৰ প্ৰাক্তন অ’চি অভিজিৎ মণ্ডলৰ মাজত কথা- বতৰা হৈছিল। ইয়াৰ প্ৰমাণ পাইছে চিবিআইয়ে। যাৰ বাবে দুয়োকে গ্ৰেপ্তাৰ কৰে। এই গোচৰত চিবিআইয়ে সন্দীপ ঘোষকে ধৰি ১০ জন মানৰ পলিগ্ৰাফ টেষ্টো কৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, অভিজিত মণ্ডলে এই কথা অস্বীকাৰ কৰিছে কিন্তু তেওঁৰ চিডিআৰত সন্দীপৰ সৈতে হোৱা কথা- বতৰাৰ প্ৰমাণ লাভ কৰিছে। আদালতত চিবিআইৰ অধিবক্তাই কৈছিল যে, অচিৰ ভূমিকা অতি সন্দেহজনক। সত্যক পোহৰলৈ অনাতো আমাৰ দায়িত্ব। এটা কথা সঁচা যে তেওঁ এগৰাকী আৰক্ষী বিষয়া হিচাপে নিজৰ দায়িত্ব পালন কৰা নাছিল। ঘটনা সন্দৰ্ভত তেওঁ যিমান সাৱধান হ’ব লাগিছিল সিমান হোৱা নাছিল। প্ৰমাণ সকলো নষ্ট হৈ গ’ল। মৰণোত্তৰ পৰীক্ষা, আঙুলিৰ ছাপ, ভৰিৰ ছাপ আদি সকলো নোহোৱা কৰি পেলোৱা হ’ল।

অৱশ্যে চিবিআইয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে অভিজিতক মুখ্য অভিযুক্ত বুলি নাভাৱে। জেৰাৰ সময়ত সকলো কথা পোহৰলৈ আহিব। চিবিআই আৰু আৰক্ষীৰ মাজত কিবা বিভেদ আছে বুলি বহুতে ভাৱে। কিন্তু তেনেকুৱা নহয়। আমি সঁচাকৈয়ে জানিব বিচাৰো প্ৰকৃততে কি হৈছিল।  প্ৰথম অৱস্থাত এই ঘটনাক আত্মহত্যা বুলি অভিহিত কৰা হৈছিল যদিও সেয়া শাৰীৰিক নিৰ্যাতন বুলি স্পষ্ট হৈ পৰিছিল। বহু দেৰিকৈ প্ৰমাণ জব্দ কৰা হ’ল। চিকিৎসালয়খনৰ মুৰব্বী হিচাপে সন্দীপ ঘোষে নিয়মাৱলী সঠিকভাৱে পালন কৰা নাছিল। গতিকে এনেবোৰ কাৰকে তেওঁৰ প্ৰতি সন্দেহ বৃদ্ধি কৰে।

উল্লেখ কৰা প্ৰয়োজন কলকাতা আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ঘটনা সংঘটিত হোৱাৰ পৰাই এই গোচৰত বিভিন্ন বেমেজালি পোহৰলৈ আহিছে।  ভুক্তভোগীৰ পিতৃ- মাতৃয়ে দাবী কৰি আহিছে যে এই ঘটনাত বহুলোক জড়িত হৈ আছে আৰু একাংশই দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰি আহিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰতো বহুতে ক্ষোভিত হৈ পৰিছে। একাংশৰ মতে মমতাই ঘটনা সন্দৰ্ভত একো কৰা নাই। একাংশক তেওঁ বচাবলৈ চেষ্টা কৰি আছে। যি নহওক, বৰ্তমান এই গোচৰৰ তদন্ত চিবিআইয়ে কৰি আছে। এই কঠিন গোচৰৰ তদন্ত চলাই চিবিআইয়ে  ভুক্তভোগীক ন্যায় দিব পাৰেনে নাই সেয়া সময়ত হ’ব লক্ষণীয়।