কলকাতা কাণ্ডঃCCTV ফুটেজ পোহৰলৈ, অভিযুক্তৰ নাই কোনো অনুশোচনা, আছে জীৱ-জন্তুৰ প্ৰৱণতা
চিবিআইয়ে সঞ্জয়ক ঘটনাস্থলীলৈ লৈ গৈছিল আৰু সমগ্ৰ কাণ্ডটো পুনৰ সৃষ্টিও কৰিছিল। শুকুৰবাৰে চিবিআইয়ে সঞ্জয়ক আদালতত হাজিৰ কৰাই আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।
 
                                কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত ৯ আগষ্টৰ দিনা সংঘটিত হোৱা কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। উক্ত দিনটোতেই হাস্পাতালখনৰ চেমিনাৰ হলত উদ্ধাৰ হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ। চিকিৎসকগৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। এই কাণ্ড ইমানেই জঘন্য আছিল যে মৃতদেহৰ চাৰিওফালে তেজ পৰি আছিল, যুৱতীগৰাকীৰ দেহৰ কেইবাঠাইতো আঘাতৰ চিন স্পষ্ট আছিল। এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাস্পাতালখনৰ চিভিক ভলেন্টিয়াৰ সঞ্জয় ৰয়ক।
অভিযোগ অনুসৰি ঘটনাৰ দিনা সঞ্জয় ৰয় মদ্যপান কৰি চিকিৎসালয়ত উপস্থিত হৈছিল আৰু চেমিনাৰ হলত শুই থকা প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যা কৰিছিল। ভঙা হেডফোন আৰু চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰয়ক। আৰক্ষীৰ জেৰাৰ সময়ত ইতিমধ্যে সঞ্জয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে।
বৰ্তমান চিবিআইয়ে এই বিষয়ত তদন্ত কৰি আছে। চিবিআইয়ে সঞ্জয়ক ঘটনাস্থলীলৈ লৈ গৈছিল আৰু সমগ্ৰ কাণ্ডটো পুনৰ সৃষ্টিও কৰিছিল। শুকুৰবাৰে চিবিআইয়ে সঞ্জয়ক আদালতত হাজিৰ কৰাই আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। বৰ্তমান তেওঁ কলকাতাৰ প্ৰেচিডেন্সি জেলত আছে।
এই ধৰ্ষণ আৰু হত্যাকাণ্ড হোৱাৰ দিনাৰ চিচিটিভি ফুটেজ ইতিমধ্যে চিবিআইয়ে লাভ কৰিছে। ফুটেজত পোহৰলৈ আহে যে অভিযুক্ত সঞ্জয় দাস ঘটনাৰ কিছু সময় পূৰ্বৰ পৰাই ভুক্তভোগী যুৱতীগৰাকীৰ আশে পাশে আছিল। সূত্ৰ অনুসৰি জানিব পৰা মতে ৩৩ বছৰীয়া সঞ্জয় ৰয়ে ঘটনাৰ কিছু সময় পূৰ্বৰ পৰাই ভুক্তভোগীৰ ওপৰত নজৰ ৰাখিছিল। এই কথা ইতিমধ্যে চিচিটিভি ফুটেজতো দেখা গৈছে। চিচিটিভি ফুটেজলত সঞ্জয়ে ভুক্তভোগীগৰাকীক ভয়ংকৰ চাৱনিৰে চাই থকা দেখিবলৈ পোৱা যায়।
তথ্য অভিযুক্তই অভিযুক্তই চিবিআইৰ জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। লগতে তেওঁ কয় যে আক্ৰমণৰ পূৰ্বে তেওঁ ৮ আগষ্টত টেষ্ট মেডিচিন ৱাৰ্ডত থকা ৩১ বছৰীয়া ভুক্তভোগীগৰাকীৰ ওপৰত চকু ৰাখিছিল। চিচিটিভি ফুটেজে তেওঁৰ এই দাবী সত্য বুলি প্ৰমাণ হৈছে। চিবিআইৰ সূত্ৰই জনোৱা মতে অভিযুক্তগৰাকী যৌন বিকৃতিত ভুগি আছে আৰু তেওঁৰ দেহত জীৱ-জন্তুৰ প্ৰৱণতা আছে। এই ঘটনাক লৈ ভুক্তভোগীৰ কোনো অনুশোচনা নাই বুলি সূত্ৰই জনায়।
উল্লেখ্য যে, সমগ্ৰ দেশে এই ঘটনাৰ উচিত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ লগত নাম সাঙোৰ খাইছে হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰো। তেওঁ এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বহু কু কৰ্মৰ অভিযোগ আছে। এই সকলো অভিযোগ সন্দৰ্ভত চিবিআইয়ে তদন্ত চলাই আছে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      