কলকাতা কাণ্ডঃ CBI ৰ নজৰত ২৫ টা চৰিত্ৰ, প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে বিস্ফোৰক তথ্য…
এই ধৰ্ষণ আৰু হত্যাকাণ্ডক পাছতেই সন্দীপ ঘোষৰ বহু ক'লা অধ্যায় পোহৰলৈ আহিছে। অভিযোগ অনুসৰি চিকিৎসালয়খনত বহু কেলেংকাৰী সন্দীপ ঘোষৰ নেতৃত্বতে চলি আছিল। সন্দীপ ঘোষৰ গেঙে সিদ্ধান্ত লৈছিল কোনে পৰীক্ষাত উত্তীৰ্ণ হ'ব।
 
                                কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত কনিষ্ঠ চিকিৎসকৰ লগত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত চিবিআইয়ে তদন্ত চলাই আছে। বৃহস্পতিবাৰে এই গোচৰ সন্দৰ্ভত চিবিআইয়ে বিস্তৃত বিৱৰণৰ ৰিপোৰ্ট উচ্চতম ন্যায়ালয়ত দাখিল কৰে। এটা বন্ধ খামৰ ভিতৰত আছে এই বৰ্বৰ কাণ্ডৰ সকলো তথ্য। চিবিআইয়ে ষ্টেটাছ ৰিপোৰ্টত কলকাতা আৰক্ষীৰ গাফিলতিৰ কথা উল্লেখ কৰাৰ লগতে ঘটনাস্থলী সুৰক্ষিত নাছিল বুলিও উল্লেখ কৰিছে। তদন্তকাৰী সংস্থাটোৰ ষ্টেটাছ ৰিপোৰ্টত ২৫ টা এনে চৰিত্ৰ আছে যাৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱা হৈছে। এইখিনি লোককে জেৰা কৰি চিবিআইয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।
এইসকল ক্ৰমে-এই ঘটনাৰ মুখ্য অভিযুক্ত সঞ্জয় ৰয়, সন্দীৰ ঘোষ (৬ বাৰ জেৰা), যিজনে প্ৰথমে মৃতদেহটো দেখিছিল, ভুক্তভোগীৰ পিতৃ- মাতৃ, প্ৰথমবাৰৰ বাবে পৰিয়াললৈ ফোন কৰি চিকিৎসকৰ মৃত্যুক আত্মহত্যা বুলি ঘোষণা কৰা অধীক্ষকগৰাকী,ভুক্তভোগীৰ লগত খাদ্য গ্ৰহণ কৰা ৪ চিকিৎসক, খাদ্য ডেলিভাৰী কৰা যুৱকজন, এ এছ আই অৰূপ দত্ত (এইগৰাকী আৰক্ষীৰ বেৰকত হত্যাকাণ্ডৰ পাছত সঞ্জয় শুইছিল), সৌৰভ (সঞ্জয়ৰ বন্ধু, যাৰ লগত ঘটনাৰ দিনা মদ খাইছিল), ভুক্তভোগীৰ ঘনিষ্ঠ ৪ চিকিৎসক, মৰণোত্তৰ পৰীক্ষা কৰা ৫ জন চিকিৎসক, হাস্পাতালৰ অধিকাৰী বুলবুল আৰু চেষ্ট বিভাগৰ বিষয়া।
ইয়াৰোপৰি ঘটনাৰ সময়ত কৰ্তব্যত থকা চিকিৎসালয়খনৰ গ্ৰাউণ্ড ষ্টাফ, ৰিনোভেশ্যন কৰা দল আদি সকলোকে চিবিআইয়ে জেৰা কৰিছে। অৱশ্যে এই ৰিপোৰ্টত কি কি আছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।
উল্লেখ্য যে, ৯ আগষ্টৰ দিনা কনিষ্ঠ চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ দেশে এই ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। এই ঘটনাত নাম সাঙোৰ খাই পৰিছে হাস্পাতাখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ। অভিযোগ অনুসৰি এই সন্দীপ ঘোষে এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল। কেৱল ইমানেই নহয়, ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীক খবৰ দিয়াৰ পৰিবৰ্তে এক বৈঠক অনুষ্ঠিত কৰিছিল।
এই ধৰ্ষণ আৰু হত্যাকাণ্ডক পাছতেই সন্দীপ ঘোষৰ বহু ক’লা অধ্যায় পোহৰলৈ আহিছে। অভিযোগ অনুসৰি চিকিৎসালয়খনত বহু কেলেংকাৰী সন্দীপ ঘোষৰ নেতৃত্বতে চলি আছিল। সন্দীপ ঘোষৰ গেঙে সিদ্ধান্ত লৈছিল কোনে পৰীক্ষাত উত্তীৰ্ণ হ’ব।ফেইল কৰা শিক্ষাৰ্থীকো টকা লৈ সন্দীপ ঘোষে পাছ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ঘোষৰ বিৰুদ্ধে অভিযোগ উত্থাপন আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ প্ৰাক্তন উপ অধীক্ষক আখতাৰ আলীয়ে কয় যে সন্দীপ ঘোষে মেডিকেল কলেজ চৌহদত ৰেকেট চলাইছিল আৰু সেই ৰেকেটৰ লগত বহু ছাত্ৰ-ছাত্ৰীও জড়িত আছিল। টকা লৈ তেওঁৰ গেঙে ল’ৰা-ছোৱালীক ফেইল পাছ কৰাইছিল। মৃতদেহ বিক্ৰী কৰিও ধন ঘটে এই গেঙে। সন্দীপ ঘোষৰ বিৰুদ্ধে জৈৱ-চিকিৎসা আৱৰ্জনা সৰবৰাহৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ বাহিৰেও কৰ’ণাৰ সময়ছোৱাত অক্সিজেন মেচিন ক্ৰয়-বিক্ৰয়, ইউজি-পিজি কাউন্সেলিঙত ৰিগিং, নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আদি বহু অভিযোগ উত্থাপন হৈছে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      