কলকাতা কাণ্ডঃঘটনা গাপ দিয়াৰ চেষ্টা,মৃতদেহৰ ওচৰত আপত্তিজনক সামগ্ৰী! উচ্চতম ন্যায়ালয়ে কি কি ক’লে?
বৃহস্পতিবাৰে এই গোচৰ সন্দৰ্ভত বিস্তৃত বিৱৰণৰ ৰিপোৰ্ট উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। এটা বন্ধ খামৰ ভিতৰত আছে এই বৰ্বৰ কাণ্ডৰ সকলো তথ্য। চিবিআইয়ে ষ্টেটাছ ৰিপোৰ্টত কলকাতা আৰক্ষীৰ গাফিলতিৰ কথা উল্লেখ কৰাৰ লগতে ঘটনাস্থলী সুৰক্ষিত নাছিল বুলিও উল্লেখ কৰিছে।
 
                                কলকাতা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালক সংঘটিক হোৱা ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ শুনানিৰ সময়ত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিম বংগ চৰকাৰক কঠোৰ ধমক দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে ৩০ বছৰত এনে গোচৰ দেখা পোৱা নাই। ন্যায়ালয়ে কয় যে তদন্তৰ নিয়ম আওকান কৰি এই গোচৰটো শুদ্ধ কৰাৰ চেষ্টা কৰাৰ হৈছে। এই সমগ্ৰ ঘটনা ঢাকি ৰখাৰ চেষ্টা কৰা হৈছিল। আনকি এই গোচৰৰ ক্ষেত্ৰত চিকিৎসালয় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ডায়েৰীৰ হাৰ্ড কপি বিচৰাৰ লগতে অস্বাভাৱিক মৃত্যু সন্দৰ্ভতো সবিশেষ বিচাৰিছে।
ন্যায়ালয়ে কয় যে, এই গোচৰটোত যথেষ্ঠ গাফিলতি কৰা হৈছে। এনে লাগে গোচৰ নম্বৰ পিছত দিয়া হৈছিল। অস্বাভাৱিক মৃত্যুৰ কথা গোচৰত পুৱা উল্লেখ কৰা হৈছিল। এই গোচৰৰ ক্ষেত্ৰত কলকাতা আৰক্ষীয়ে যি কাম কৰিছে সেয়া একেবাৰে শুদ্ধ নহয়। আৰক্ষীয়ে আইনৰ অধীনত কাম কৰা নাই যাৰ বাবে তেওঁলোকৰ কৰ্মকাণ্ড সন্দেহৰ আঁৰত আছে। ন্যায়াধীশ পাদৰিৱালাই কয় যে, যোৱা ৩০ বছৰত এনে ঘটনা দেখা নাই। এয়া এক চাঞ্চল্যকৰ ঘটনা। ইয়াৰোপৰি আৰক্ষী আৰু চিবিআইৰ ৰিপোৰ্টৰ মাজত কিয় পাৰ্থক্য আছে বুলি ন্যায়ালয়ে প্ৰশ্ন কৰে।
শুনানিৰ সময়ৰ সবিশেষ
- ছলিচিটিক জেনেৰেল তুষাৰ মেহতাই কয় যে, গোচৰৰ বিষয়ে ১০.১০ বজাত ডিজি (জেনেৰেল ডায়েৰী)ত আছে, ইয়াৰ পাছত নিশা ২৩.৩০ বজা আৰু পাছত ২৩.৪৫ বজাত এজাহাৰ দাখিল কৰা হৈছিল। ন্যায়ালয়ে কয় যে হাস্পাতালে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাছিল। ভুক্তভোগীৰ পৰিয়াল তথা বন্ধু বান্ধৱে গোচৰ ৰুজু কৰিছিল।
- ন্যায়ালয়ে অস্বাভাৱিক মৃত্যুৰ সবিশেষ বিচাৰে। লগতে প্ৰশ্ন কৰে যে ১১.৩০ বজাত কি হৈছিল? উত্তৰত অধিবক্তাই কয় যে, এই সময়তে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছিল। ন্যায়ালয়ে কয় যে, এনে লাগে যে গোচৰ নম্বৰ পাছত দিয়া হৈছল আৰু পুৱা অস্বাভাৱিক মৃত্যুৰ এন্ট্ৰি কৰিছিল। ন্যায়ালয়ে গোচৰ ৰুজু কৰা ডায়েৰীৰ হাৰ্ড কপি বিচাৰে।
- ন্যায়ালয়ে কয়, এ এছ পিৰ আচৰণ সন্দেহজনক। মৃতদেহৰ ওচৰত আপত্তিজনক সামগ্ৰীও উদ্ধাৰ হৈছিল।
- উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে পঞ্চনামা কেতিয়া কৰা হ’ল? এই বিষয়ে অধিবক্তা কপিল ছিবালে ক’লে যে সন্ধিয়া ৪.২০ বজাৰ পিছত হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ন্যায়ালয়ে কয় যে, কলকাতা আৰক্ষীৰ স্থিতি শুদ্ধ নহয়। বহু গাফিলতি কৰিছে।
- ন্যায়ালয়ে চিবিআইৰ মহিলা বিষয়া যুটীয়া সঞ্চালকক প্ৰশ্ন কৰে, চিবিআইৰ নথি-পত্ৰ আৰু কলকাতা আৰক্ষীৰ নথি-পত্ৰৰ মাজত কিয় পাৰ্থক্য আছে?
- চিবিআইৰ হৈ হাজিৰ থকা তুষাৰ মেহতাই কয় যে, গোচৰটো ঢাকি ৰখাৰ চেষ্টা কৰা হৈছিল। মৃতদেহ সৎকাৰৰ পাছত এজাহাৰ দাখিল কৰা হৈছিল। মনে মনে থাকি হাস্পাতাল কৰ্তৃপক্ষই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰি থাকিলে। আনকি ঘটনা সন্দৰ্ভত বহু পলমকৈ পৰিয়ালক অৱগত কৰা হয়। পৰিয়ালক কোৱা হৈছিল এয়া আত্মহত্যা বুলি।
- এই কথাক লৈ ন্যায়ালয়ে পশ্চিম বংগ চৰকাৰক ধমক দিয়ে। প্ৰশ্ন কৰে, ঘটনাস্থলী কিয় সংৰক্ষণ কৰা নহ’ল? কিয় পলমকৈ এজাহাৰ দাখিল কৰা হ’ল? হাস্পাতাল কৰ্তৃপক্ষই কিয় কোনো ব্যৱস্থা নল’লে বুলি প্ৰশ্ন কৰে ন্যায়ালয়ে।
- ন্যায়ালয়ে প্ৰশ্ন কৰে যে, অভিযুক্তৰ চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন ক’ত? এছ জিয়ে কয় যে আমাক এয়া দাখিল কৰা নাই। ইয়াৰোপৰি অপৰাধস্থলী সলনি কৰা হৈছে বুলিও এছজিয়ে কয়।
কিয় চিকিৎসকসকলে ৩৬-৪৮ ঘন্টা ডিউটি কৰিব লাগে
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ শুনানিৰ সময়ত চিকিৎসকসকলক কামলৈ ঘূৰি আহিবলৈ আবেদন জনায়। ন্যায়ালয়ে কয় যে, কামলৈ ঘূৰি নাহিলে কামবোৰ কেনেকৈ হ’ব? মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে চিকিৎসকৰ বাবে ৩৬-৪৮ ঘন্টা কৰ্তব্য পালন কৰাটো সঠিক নহয়।
উল্লেখ্য যে বৃহস্পতিবাৰে এই গোচৰ সন্দৰ্ভত বিস্তৃত বিৱৰণৰ ৰিপোৰ্ট উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। এটা বন্ধ খামৰ ভিতৰত আছে এই বৰ্বৰ কাণ্ডৰ সকলো তথ্য। চিবিআইয়ে ষ্টেটাছ ৰিপোৰ্টত কলকাতা আৰক্ষীৰ গাফিলতিৰ কথা উল্লেখ কৰাৰ লগতে ঘটনাস্থলী সুৰক্ষিত নাছিল বুলিও উল্লেখ কৰিছে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      