শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এডজবাষ্টন টেষ্টৰ পূৰ্বে চিন্তাত ভাৰতীয় শিবিৰঃ বুমৰাহৰ লগতে অনিশ্চিত এইগৰাকী তাৰকাও

অহা ২ জুলাইৰ পৰা বাৰ্মিংহামৰ এডজবাষ্টন খেলপথাৰত অনুষ্ঠিত হ’ব ভাৰত-ইংলেণ্ডৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। এই মেচখনত ভাৰতীয় দলে প্ৰত্যাৱৰ্তনৰ আশা কৰিছে যদিও তাৰ পূৰ্বে আহিছে চিন্তাৰ খবৰ। মেচখনত যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ সন্দৰ্ভত চলি থকা চৰ্চাৰ মাজতে আন এগৰাকী সদস্যৰ অংশগ্ৰহণো অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

এডজবাষ্টন টেষ্টৰ পূৰ্বে চিন্তাত ভাৰতীয় শিবিৰঃ বুমৰাহৰ লগতে অনিশ্চিত এইগৰাকী তাৰকাও
এডজবাষ্টন টেষ্টৰ পূৰ্বে চিন্তাত ভাৰতীয় শিবিৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 27 Jun 2025 19:47 PM

ইংলেণ্ডৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দল। লীডছত অনুষ্ঠিত হোৱা মেচখনত এক শক্তিশালী স্থিতিত থকাৰ পিছতো শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ৫ উইকেটত পৰাস্ত হয়। এই পৰাজয়ৰ পিছত এতিয়া শৃংখলাত প্ৰত্যাৱৰ্তনৰ পণ লৈছে ভাৰতীয় ক্ৰিকেট দলে। ভাৰতীয় দলৰ বাবে এই প্ৰত্যাৱৰ্তনৰ যুঁজ হ’ব অহা ২ জুলাইৰ পৰা। বাৰ্মিংহামৰ এডজবাষ্টন খেলপথাৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন টেষ্ট। এই মেচখনত ভাৰতীয় দলে প্ৰত্যাৱৰ্তনৰ আশা কৰিছে যদিও তাৰ পূৰ্বে আহিছে চিন্তাৰ খবৰ।

এডজবাষ্টন টেষ্টত ভাৰতীয় দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ এতিয়াও নিশ্চিত হোৱা নাই। তাৰকা পেচাৰগৰাকীয়ে এই টেষ্টখনত অংশ নল’ব পাৰে বুলি যোৱা কিছুদিনত যথেষ্ট চৰ্চা চলিছে। বুমৰাহক লৈ এই চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক চিন্তনীয় খবৰ। প্ৰকাশিত খবৰ অনুসৰি লীডছ টেষ্টৰ প্ৰথম ইনিংছত ৩টা উইকেট দখল কৰা ভাৰতীয় পেচাৰ প্ৰসিদ্ধ কৃষ্ণও দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ব পাৰে।

ভাৰতীয় দলৰ অনুশীলনস্থলীৰ পৰা প্ৰকাশ পোৱা দৃশ্যৰ পিছত এনে সম্ভাৱনা প্ৰকাশ পাইছে। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ তত্বাৱধানত ভাৰতীয় দলটোৱে এডজবাষ্টনত প্ৰস্তুতি আৰম্ভ কৰিছে। ৰেভ স্প’ৰ্টছৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এডজবাষ্টনত ভাৰতীয় দলৰ অনুশীলনৰ সময়ত প্ৰায় সকলো খেলুৱৈয়ে ফিটনেছ আৰু ফিল্ডিং প্ৰশিক্ষণৰ পিছত বেটিং বা বলিং অনুশীলত ব্যস্ত হয়।

পিছে এইসময়ত দলৰ পেচাৰ প্ৰসিধ কৃষ্ণ এই অনুশীলনৰ পৰা আঁতৰি থাকে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তাৰকা পেচাৰ বুমৰাহ আৰু প্ৰসিধ কৃষ্ণই অনুশীলনৰ সময়ত নেটত বল কৰা নাছিল। এই দুয়োগৰাকী খেলুৱৈয়ে কেৱল ফিটনেছ অনুশীলনতহে ব্যস্ত আছিল। এই দুগৰাকী সদস্যৰ লগতে পেচাৰ মহম্মদ চিৰাজও বলিঙৰ পৰা আঁতৰি থাকে। অৱশ্যে চিৰাজে কিছু সময় বেটিঙৰ অনুশীলন কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

অনুশীলনস্থলীৰ এই দৃশ্যই এতিয়া বুমৰাহৰ লগতে প্ৰসিধ কৃষ্ণও দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ব নেকি, এই প্ৰশ্নৰ উত্থাপন কৰিছে। লক্ষণীয়ভাৱে বুমৰাহে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁৰ ওপৰত হেঁচা হোস কৰাৰ উদ্দেশ্যে আটাইকেইখন মেচত অংশ নলয় বুলি উল্লেখ কৰিছিল। সেই অনুসাৰেই এতিয়া বুমৰাহে এডজবাষ্টন টেষ্টত অংশ নল’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। যদি তেনে হয়, মেচখনত ভাৰতীয় দলৰ বলিং বিভাগৰ ওপৰত স্বাভাৱিকতেই বিশেষ দৃষ্টি থাকিব।