শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়াৰ পৰা সহজে নাপাব আধাৰ কাৰ্ড, সলনি হ’ব নিয়ম ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

জটিল হ'ব পাৰে আধাৰ কাৰ্ড প্ৰদানৰ নিয়ম! বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। শুকুবাৰে এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এতিয়াৰ পৰা সহজে নাপাব আধাৰ কাৰ্ড, সলনি হ’ব নিয়ম ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 27 Jun 2025 18:41 PM

এতিয়াৰ পৰা সহজে নাপাব আধাৰ কাৰ্ড। জটিল হ’ব পাৰে আধাৰ কাৰ্ড প্ৰদানৰ নিয়ম! বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। শুকুবাৰে এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম চৰকাৰে প্ৰাপ্তবয়স্কৰ বাবে আধাৰ কাৰ্ড প্ৰদানৰ কঠোৰ নিয়মৰ ওপৰত চিন্তা-চৰ্চা কৰিছে। আধাৰ কাৰ্ড প্ৰদানৰ কঠোৰ নিয়মে অবৈধ বিদেশী ধৰা পেলোৱা আৰু বিতাড়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক আগুৱাই নিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, “আজি আমি এটা প্ৰস্তাৱ আলোচনা কৰিলোঁ, য’ত পুংখানুপুংখ পৰীক্ষণৰ পিছতহে প্ৰাপ্তবয়স্কৰ বাবে আধাৰ কাৰ্ড জাৰি কৰা হ’ব। এই সন্দৰ্ভত কেবিনেটে শীঘ্ৰে সিদ্ধান্ত ল’ব।”

অসমৰ প্ৰায় ১০০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ ইতিমধ্যে আধাৰ কাৰ্ড আছে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয়,”যদি কোনো প্ৰাপ্তবয়স্কই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰে তেন্তে আমি সম্পূৰ্ণ পৰীক্ষা কৰিম। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত কেৱল জিলা উপায়ুক্তকহে আধাৰ জাৰি কৰাত অনুমোদন দিবলৈ কৰ্তৃত্ব দিয়া হ’ব।”

ইয়াৰ দ্বাৰা কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব আৰু তেওঁলোকক সহজে চিনাক্ত কৰি বিতাড়ন কৰিব পৰা যাব বুলি কয় মুখ্যমন্ত্ৰীয়ে। নিয়ম কঠোৰ কৰিলে বিতাড়নৰ প্ৰচেষ্টাত সহায়ক হ’ব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কয়, “যোৱা নিশা আমি আৰু ২০ জন বাংলাদেশীক বিতাড়িত কৰিলোঁ। আধাৰ জাৰি কৰাৰ নিয়ম কঠোৰ কৰাৰ সিদ্ধান্তই এই দিশত আমাৰ প্ৰচেষ্টাক সহায়হে কৰিব।”