শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কলকাতা কাণ্ডঃ আৰ জি কৰ হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষৰ ৰহস্য ফাদিল…

কলকাতা আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। প্ৰায় ১৫ দিন ধৰি জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ হোৱা সন্দীপ ঘোষৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে।

কলকাতা কাণ্ডঃ আৰ জি কৰ হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষৰ ৰহস্য ফাদিল…
কলকাতা কাণ্ড
Barasha Sarma
Barasha Sarma | Updated On: 08 Sep 2024 13:38 PM

কলকাতা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পাছতেই সন্দেহৰ আৱৰ্তত আহিছিল হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। প্ৰায় ১৫ দিন ধৰি জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ হোৱা সন্দীপ ঘোষৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে।  শুকুৰবাৰে ইডিয়ে প্ৰাক্তন অধ্যক্ষগৰাকীৰ কেইবাটাও স্থানত তালাচী চলায়। দক্ষিণ ২৪ পৰগনা দিলাৰ কৈনিংগত সন্দীপ ঘোষৰ বিলাসী বাংলো পোৱাৰ লগতে ইডিয়ে তেওঁ দুটাকৈ ফ্লেট থকাৰ তথ্যও লাভ কৰে।

ইয়াৰোপৰি সন্দীপ ঘোষৰ কলকাতাৰ বেলেঘাটাতো চাৰিমহলীয়া এটা অট্টালিকা আছে বুলিও জানিব পৰা গৈছে। ইমানেই নহয়, এই ঘৰটোত ইডিয়ে নতুন এছ ইউ ভিও বিচাৰি পাইছে। উল্লেখ কৰা প্ৰয়োজন যে,  কলকাতা ধৰ্ষণ আৰু হত্যাৰ  গোচৰত প্ৰাক্তন অধ্যক্ষগৰাকীৰ ভূমিকা সম্পৰ্কে চিবিআইয়ে তদন্ত কৰি আছে। আনহাতে চি বি আইৰ লগতে ইডিয়ে আৰ জি কৰ হাস্পাতালৰ বিত্তীয় অনিয়মৰ গোচৰৰ তদন্ত চলাই আছে।

বেলেঘাটা আইডি হাস্পতালৰ গাতে লাগি থকা এটা অট্টালিকাৰ কেয়াৰটেকাৰৰ মতে, নতুনকৈ চিনাক্ত হোৱা দুয়োটা ফ্লেট ঘোষৰ। কেয়াৰটেকাৰ জনৰ মতে সন্দীপ ঘোষে তলৰ মহলাৰ এটা ফ্লেটক কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল আৰু তৃতীয় মহলাত আন এটা ফ্লেট ব্যৱহাৰ কৰিছিল। জানিব পৰা মতে সন্দীপ ঘোষে মাজে মাজে ফ্লেটলৈ গৈছিল। পাৰ্কিঙত থকা এছ ইউ ভি খন প্ৰায় ৩-৪ মাহ আগত ক্ৰয় কৰিছিল। অৱশ্যে এই ফ্লেটসমূহত কোনো চিনাক্তকৰণ নাই।

ইডিৰ বিষয়াসকলৰ মতে সন্দীপ ঘোষে নিজৰ পৰিচয় লুকুৱাবলৈ ইচ্ছাকৃতভাৱে এই ফ্লেটসমূহত নাম প্লেট দিয়া নাছিল। সন্দীপ ঘোষৰ সম্পত্তিৰ পৰিমাণ দেখি আচৰিত হৈ পৰিছে ইডিৰ বিষয়াসকল। ইয়াৰোপৰি বৃহৎ চাহ বাগিচা, চুইমিং পুল আদিকে ধৰি  বহুত সম্পত্তি আছে তেওঁৰ। ২ ছেপ্টেম্বৰত আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ সৈতে জড়িত সন্দীপ ঘোষক আন তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পাতালত কনিষ্ঠ চিকিৎসক এগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই তদন্তৰ আওতাত আহিছিল হাস্পাতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। অভিযোগ অনুসৰি ঘোষে হাস্পাতালখনত বহু কেলেংকাৰী সংঘটিত কৰিছিল। জাবৰ নিষ্কাষণৰ পৰা আৰম্ভ কৰি টকাৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়ালৈকে, বহু কেলেংকাৰীত নাম সাঙোৰ খাইছিল সন্দীপ ঘোষৰ। বৰ্তমান কাৰাগাৰত থকা সন্দীপ ঘোষৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰু অধিত তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।