দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত, অসমৰ নাগৰিকত্ব ভিত্তি বৰ্ষৰ সৈতে কি সম্পৰ্ক?
ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। কেন্দ্ৰীয় চৰকাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ ল’ব। সূত্ৰ অনুসৰি শুকুৰবাৰৰ ভিতৰত চৰকাৰে গাভাইলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰাধিকাৰীৰ পৰামৰ্শ দিব।
অহা মাহত ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে। তেওঁৰ এই যাত্ৰা নতুন প্ৰজন্মৰ বাবে অতি প্ৰেৰণাদায়ক। হাৰিয়ানাৰ হিছাৰৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি দেশৰ সৰ্বোচ্চ ন্যায়িক পদবীলৈকে তেওঁৰ প্ৰতিটো খোজেই আইনী বৃত্তিৰ বাবে এক আদৰ্শ সেৱা হিচাপে কাম কৰি আহিছে। ন্যায়াধীশ সূৰ্যকান্ত হাৰিয়ানাৰ কনিষ্ঠতম মহাধিবক্তা (Advocate General) আছিল।
১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হিছাৰ জিলাৰ পেটৱাৰ গাঁৱত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তে। গাঁৱৰ বিদ্যালয়ত অধ্যয়ন কৰি ১৯৮১ চনত হিছাৰৰ চৰকাৰী পি জি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী (এল এল বি) সম্পূৰ্ণ কৰে।
সেই বছৰতে তেওঁ হিছাৰৰ জিলা আদালতত আইনী চৰ্চা আৰম্ভ কৰে আৰু ১৯৮৫ চনত চণ্ডীগড়ৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে জীৱন আৰম্ভ কৰে। সাংবিধানিক, সেৱা আৰু অসামৰিক বিষয়ত গভীৰ বুজাবুজি আৰু শক্তিশালী যুক্তিৰ বাবে তেওঁ দ্ৰুতগতিত সুনাম অৰ্জন কৰিছিল।
সামাজিক বিষয়ৰ সৈতে জড়িত এক ন্যায়িক যাত্ৰা
ন্যায়াধীশ সূৰ্যকান্তৰ ন্যায়িক কেৰিয়াৰ সামাজিক বিষয়ত গভীৰভাৱে শিপাই আছিল। ৰাজহুৱা সম্পদৰ সুৰক্ষা, ভূমি অধিগ্ৰহণ, ক্ষতিপূৰণ, ভুক্তভোগীৰ অধিকাৰ, সংৰক্ষণ, সাংবিধানিক ভাৰসাম্য আদি বিষয়ত তেওঁ স্পৰ্শকাতৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল। তেওঁৰ সিদ্ধান্তই সামাজিক ন্যায়, সাংবিধানিক মৰ্যাদা, নাগৰিক অধিকাৰ আৰু শক্তিশালী কৰি তুলিছিল।
হাৰিয়ানাৰ কনিষ্ঠতম মহাধিবক্তা
২০০০ চনৰ ৭ জুলাইত তেওঁ হাৰিয়ানাৰ মহাধিবক্তা হিচাপে নিযুক্তি লাভ কৰি এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়। পিছৰ বছৰত তেওঁক জ্যেষ্ঠ অধিবক্তা পদলৈ উন্নীত কৰা হয়। ২০০৪ চনৰ ৯ জানুৱাৰীত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হয়। পৰৱৰ্তী সময়ত ২০১৮ চনৰ ৫ অক্টোবৰত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তাত তেওঁৰ প্ৰশাসনিক দক্ষতা আৰু ন্যায়িক বুদ্ধিমত্তাৰ বহুল প্ৰশংসা কৰা হৈছিল।
এই গোচৰসমূহৰ শুনানিৰ লগত জড়িত আছিল ন্যায়াধীশ সূৰ্যকান্ত
ন্যায়াধীশ সূৰ্যকান্তে দুটা দশকৰো অধিক সময় ন্যায়াধীশ হিচাপে অভিজ্ঞতা অৰ্জন কৰি উচ্চতম ন্যায়ালয়লৈ আহে। তেওঁ অনুচ্ছেদ ৩৭০, মত প্ৰকাশৰ স্বাধীনতা, গণতন্ত্ৰ, দুৰ্নীতি, পৰিৱেশ আৰু লিংগ সমতাৰ ওপৰত গুৰুত্বপূৰ্ণ ৰায়দান কৰি বিচাৰপীঠত কাৰ্যনিৰ্বাহ কৰি আহিছে।
ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনখন স্থগিত ৰখা বিচাৰপীঠৰ অংশ হিচাপে ন্যায়াধীশ সূৰ্যকান্তো আছিল আৰু চৰকাৰী পৰ্যালোচনাৰ অপেক্ষাত ইয়াৰ অধীনত কোনো নতুন এফআইআৰ দাখিল নকৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত আঁতৰোৱা ৬৫ লাখ ভোটাৰৰ সবিশেষ ৰাজহুৱা কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে।
২০২২ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত সংঘটিত হোৱা নিৰাপত্তা ভংগৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠন কৰা পাঁচজনীয়া বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ সূৰ্যকান্ত। সেইসময়ত তেওঁ কৈছিল যে যে এনে গোচৰৰ তদন্তৰ বাবে “ন্যায়িকভাৱে প্ৰশিক্ষিত মন”ৰ প্ৰয়োজন। আনহাতে অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ সময়ত বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ সূৰ্যকান্ত।
দেশৰ ৫৩ সংখ্যক চিজেআই হ’ব সূৰ্যকান্ত
ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। কেন্দ্ৰীয় চৰকাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ ল’ব। সূত্ৰ অনুসৰি শুকুৰবাৰৰ ভিতৰত চৰকাৰে গাভাইলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰাধিকাৰীৰ পৰামৰ্শ দিব।
নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২৪ নৱেম্বৰত দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকিব। ন্যায়াধীশৰ নিযুক্তি আৰু বদলিৰ স্মাৰকপত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ আৰু উপযুক্ত ন্যায়াধীশক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।
মুখ্য ন্যায়াধীশ গাভাইৰ পিছত ন্যায়াধীশ সূৰ্য কান্ত উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ। আইন মন্ত্ৰীগৰাকীয়ে অৱসৰৰ প্ৰায় এমাহ পূৰ্বে বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ বিচাৰে।