পতঞ্জলিৰ ক্ৰেডিট কাৰ্ডে দিয়ে অনেক সুবিধা, দেশৰ দুই ডাঙৰ বেংকৰ সৈতে কৰিছে টাইআপ
ক্ৰমাৎ ব্যৱসায়িক ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিছে কোম্পানীটোৱে। এতিয়া পতঞ্জলিয়ে গ্ৰাহকক ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থাও কৰিছে। এই কাৰ্ডসমূহৰ লক্ষ্য হৈছে প্ৰতিটো সামগ্ৰী ক্ৰয়ৰ সময়ত গ্ৰাহকক অতিৰিক্ত সুবিধা প্ৰদান কৰা আৰু ডিজিটেল পেমেণ্টৰ প্ৰচাৰ কৰা।
এতিয়া কেৱল আয়ুৰ্বেদিক সামগ্ৰীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই পতঞ্জলি। ক্ৰমাৎ ব্যৱসায়িক ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিছে কোম্পানীটোৱে। এতিয়া পতঞ্জলিয়ে গ্ৰাহকক ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থাও কৰিছে। পতঞ্জলিয়ে পঞ্জাৱ নেচনেল বেংক (PNB) আৰু আৰবিএল বেংকৰ সহযোগত কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তন কৰিছে। কোম্পানীটোৰ এই ক্ৰেডিট কাৰ্ডে গ্ৰাহকক বিশেষ ৰেহাই, কেছবেক আৰু ৰিৱাৰ্ড অৰ্থাৎ পুৰস্কাৰ প্ৰদান কৰিছে। এই কাৰ্ডসমূহৰ লক্ষ্য হৈছে প্ৰতিটো সামগ্ৰী ক্ৰয়ৰ সময়ত গ্ৰাহকক অতিৰিক্ত সুবিধা প্ৰদান কৰা আৰু ডিজিটেল পেমেণ্টৰ প্ৰচাৰ কৰা।
আৰ বি এল বেংক পতঞ্জলি ক্ৰেডিট কাৰ্ড
আৰ বি এল বেংকে দুই প্ৰকাৰৰ পতঞ্জলি কাৰ্ড আগবঢ়াইছে- গোল্ড আৰু প্লেটিনাম। পতঞ্জলিৰ দোকানত বজাৰ কৰাসকলৰ বাবে দুয়োখন কাৰ্ডে উৎকৃষ্ট সুবিধা প্ৰদান কৰে। পতঞ্জলি গোল্ড ক্ৰেডিট কাৰ্ডে গ্ৰাহকক পতঞ্জলিৰ দোকানত প্ৰতিমাহে ১০% কেছবেক প্ৰদান কৰে। সৰ্বোচ্চ ৭৫০ টকা পৰ্যন্ত কেছবেক লাভ কৰিব পাৰে গ্ৰাহকসকলে। ইয়াৰ উপৰিও প্ৰথম লেনদেনত ‘ৱেলকাম ৰিৱাৰ্ড পইণ্ট’ লাভ কৰে গ্ৰাহকসকলে।
সমান্তৰালকৈ বিমানবন্দৰৰ লাউঞ্জৰ ব্যৱহাৰ, হোটেলত ৰেহাই, চিনেমাৰ টিকটৰ ৰেহাই আদি অতিৰিক্ত সুবিধাও লাভ কৰে গ্ৰাহকসকলে। ইফালে পতঞ্জলি প্লেটিনাম ক্ৰেডিট কাৰ্ডেও ১০% কেছবেক প্ৰদান কৰে। কেছবেকৰ ক্ষেত্ৰত মাহিলী সীমা ৫,০০০ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। এই কাৰ্ডখনৰ বাৰ্ষিক মাচুল থাকে, বাৰ্ষিক ব্যয়ৰ নিৰ্দিষ্ট সীমা পূৰণ কৰিলে এইক্ষেত্ৰত ৰেহাইৰ সুবিধা লাভ কৰে।
পঞ্জাৱ নেচনেল বেংকৰ পতঞ্জলি ক্ৰেডিট কাৰ্ড
পঞ্জাৱ নেচনেল বেংকে পতঞ্জলিৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিছে RuPay Select আৰু RuPay Platinum কাৰ্ড। এই কাৰ্ডসমূহে কেৱল পতঞ্জলিৰ দোকানতে নহয়, অন্যান্য ব্যৱসায়িক স্থানতো ৰিৱাৰ্ড আৰু কেছবেক প্ৰদান কৰে। এই কাৰ্ডসমূহৰ সহায়ত গ্ৰাহকে তেওঁলোকৰ প্ৰথম লেনদেনত ৩০০ৰো অধিক ৰিৱাৰ্ড পইণ্ট, বিস্তৃত বীমা কভাৰেজ, আৰু ৩০০ৰো অধিক ব্যৱসায়িক অফাৰ লাভ কৰে। ইয়াৰ উপৰিও পতঞ্জলি ষ্ট’ৰত ২,৫০০ টকাতকৈ অধিক সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকে ২% কেছবেক লাভ কৰে।
স্বদেশী সমৃদ্ধি কাৰ্ডধাৰীৰ বাবে অতিৰিক্ত সুবিধা
পতঞ্জলিৰ স্বদেশী সমৃদ্ধি কাৰ্ড ব্যৱহাৰ কৰা গ্ৰাহকে PNB-পতঞ্জলি ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰা ৰিচাৰ্জ বা লেনদেনত অতিৰিক্ত ৫-৭% কেছবেক লাভ কৰে। এই সুবিধা বিশেষভাৱে নিয়মীয়া পতঞ্জলি গ্ৰাহকৰ বাবে প্ৰদান কৰা হৈছে, ইয়াৰ ফলত তেওঁলোকে প্ৰতিটো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতে অধিক সুবিধা লাভ কৰিব পাৰে।