শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড! থিতাতে মৃত্যু প্ৰায় ২০ জনৰ, আছিল ৪০ গৰাকীকৈ যাত্ৰী…

Andhra Pradesh road accident: পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। চলন্ত বাছত জুই লগাৰ ফলত এতিয়ালৈকে ২০ জনৰো অধিক লোকৰ মৃত্যু হয়। ইফালে আহত হয় বহুতো। এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড! থিতাতে মৃত্যু প্ৰায় ২০ জনৰ, আছিল ৪০ গৰাকীকৈ যাত্ৰী…
চলন্ত বাছত জুই
barasha-sarma
Barasha Sarma | Published: 24 Oct 2025 07:10 AM

শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী চলন্ত বাছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। তথ্য অনুসৰি, বৰ্তমানলৈকে এই ঘটনাত প্ৰায় ২০ জন লোকৰ মত্যু হৈছে। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল। ঘটনা সংঘটিত হোৱাৰ পাছতে ১০ ৰ পৰা ২০ জন যাত্ৰী খিৰিকীৰে জপিয়াই পলায়ন কৰে যদিও বাকী যাত্ৰীসকল জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। এই ঘটনা কল্লুৰ মণ্ডলৰ চিন্নাটেকুৰু গাঁৱৰ সমীপত হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী বাছ এখনত সংঘটিত হয়। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, বাছখনে মটৰ চাইকেল এখনত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, খুন্দা মৰাৰ পাছত বাইকখন বাছৰ তলত সোমাই যায় আৰু পাছত ভয়ংকৰ বিস্ফোৰণ হয়। এনে অৱস্থাত মুহূৰ্ততে সমগ্ৰ বাছখন জুইৰ লেলিহান শিখাই আৱৰি ধৰে।

বাছৰ তীব্ৰবেগ আৰু বৰষুণৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। স্থানীয় লোকৰ মতে, আজি (২৪ অক্টোবৰ) পুৱতি নিশা প্ৰায় ৩ বজাত বাছখন বেংগালুৰু অভিমুখে গৈ থকা অৱস্থাত এই ভয়ংকৰ তথা মৰ্মান্তিক ঘটনা সংঘটিত হয়।

৪০ জন যাত্ৰী

বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল। অৱশ্যে বাছখনত জুই লগাৰ পাছত কমেও ১২ জন যাত্ৰী জৰুৰীকালীন দুৱাৰেৰে জপিয়াই প্ৰাণ ৰক্ষা কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও উদ্ধাৰকাৰী দল আহি পোৱাৰ আগতে বাছখন সম্পূৰ্ণ জ্বলি যায়।

এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে মৃতদেহসমূহ চিনাক্ত কৰা এতিয়া কঠিন হৈ পৰিছে। ইফালে আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হয়। বাছখনত থকা অধিকাংশ লোক হায়দৰাবাদ আৰু বেংগালুৰুৰ বুলি আশংকা কৰা হৈছে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে মৃতদেহ চিনাক্ত কৰি পৰিয়ালক খবৰ দিয়াৰ ব্যৱস্থাও কৰি আছে।

 

অন্য খবৰ পঢ়কঃ বিচাৰিছিল ১কোটি টকা, পুত্ৰ সন্তান আৰু গাড়ী! দিব নোৱাৰাৰ বাবে মহিলাৰ সৈতে বৰ্বৰ কাণ্ড…