৯ বছৰ জেল, ওলাই আহিয়েই বিয়া! দুই পত্নীৰ সৈতে স্বামীৰ গাৰ নোম শিয়ৰি উঠা কাণ্ড…
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, এজন লোকে অতি সাধাৰণ কথাত নিজৰ পত্নীক অতি নৃশংসভাৱে হত্যা কৰে। ইয়াৰ পূৰ্বেও তেওঁ অনুৰূপ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ পোহৰলৈ আহিছে জঘন্য ঘটনা। এগৰাকী স্বামীয়ে অতি নৃশংসভাৱে হত্যা কৰে পত্নীক। জানিব পৰা মতে, সামান্য কথাতে পত্নীৰ ওপৰত তেওঁৰ খং উঠে, পাছত নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি তেওঁ বৰ্বৰভাৱে পত্নীক হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ডুমকা জিলাত।
তথ্য অনুসৰি প্ৰথম পত্নীৰ হত্যাৰ অপৰাধত লোকজন ৯ বছৰ কাৰাগাৰত আছিল। কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হয়। কিন্তু সেই অপৰাধী তথা পাষণ মনোভাৱ সলনি নহ’ল। বুধবাৰ (২২ অক্টোবৰ)য়ে নিশা পুনৰ তেওঁ দ্বিতীয় পত্নীক হত্যা কৰে। জানিব পৰা মতে, কালী পূজাৰ মেলালৈ স্বামীৰ সৈতে যাবলৈ মহিলাগৰাকীয়ে অস্বীকাৰ কৰিছিল। যাৰ বাবে স্বামী ৰাখিশাল বেছৰাই এই কাণ্ড সংঘটিত কৰে।
স্থানীয় লোকে জনোৱা অনুসৰি, ঘটনাৰ দিনা তেওঁ মদ্যপান কৰিছিল। সেই সময়ত লোকজনে পত্নীক মেলালৈ যোৱাৰ বাবে আহ্বান কৰি আছিল। কিন্তু পত্নীয়ে বাৰে বাৰে স্বামীৰ আহ্বান নাকচ কৰিছিল। এই সাধাৰণ কথাতে স্বামী ক্ষোভিত হয় আৰু কুঠাৰেৰে মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰে। যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে তেওঁ পত্নীক আক্ৰমণ কৰিয়েই থাকে। হত্যাকাণ্ডৰ পাছত অভিযুক্ত পলাবলৈ চেষ্টা কৰিছিল যদিও গাঁওবাসীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু পাছত তেওঁ গ্ৰেপ্তাৰ হয়।
জানিব পৰা মতে, ইয়াৰ পূৰ্বে লোকজনে পাৰিবাৰিক বিবাদৰ পৰিণতিত প্ৰথম পত্নীক হত্যা কৰিছিল। সেই গোচৰৰ অপৰাধত ৰাখিশাল বেছৰা ৯ বছৰ জেলত আছিল। কিন্তু তাৰ পাছতো তেওঁৰ অপৰাধী মনোভাৱ ঠিক নহ’ল। এইবাৰ পুনৰ ৰাখিশালে দ্বিতীয় পত্নীক হত্যা কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড! থিতাতে মৃত্যু প্ৰায় ২০ জনৰ, আছিল ৪০ গৰাকীকৈ যাত্ৰী…