১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ২৫ নৱেম্বৰত বিধানসভাত নেলী হত্যাকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।
অসম বিধানসভাৰ আগন্তুক অধিৱেশনত ১৯৮৩ চনৰ নেলী হত্যাকাণ্ড সন্দৰ্ভত বহু প্ৰত্যাশিত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ অসম কেবিনেটে অনুমোদন জনাইছে। এই লোমহৰ্ষক কাণ্ডৰ চাৰি দশকৰো অধিক সময়ৰ পাছত আয়োগৰ তথ্যসমূহ ৰাজহুৱা ক্ষেত্ৰলৈ অনাৰ দিশত এই সিদ্ধান্তই এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।
১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা নেলী হত্যাকাণ্ডটোৱেই আছিল বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে অসম আন্দোলনৰ আটাইতকৈ হিংসাত্মক পৰিঘটনা। কেইবা ঘণ্টা ধৰি চলিছিল এই নাৰকীয় কাণ্ড। আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৮০০, বেছিভাগেই আছিল বংগমূলীয় মুছলমান। কিন্তু বেচৰকাৰী তথ্য মতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল প্ৰায় ৩,০০০। ইয়াৰ পিছৰ দুমাহৰ ভিতৰত হিংসাৰ সৈতে জড়িত ৬৬৮ খন এফআইআৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

নেলীকাণ্ডৰ পাছৰ ছবি
হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ১৯৮৩ চনৰ ১৪ জুলাইত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধ্যক্ষতাত এক আয়োগ গঠন কৰিছিল। ১৯৮৩ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত অসমত সংঘটিত হোৱা অশান্তিকৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ, এই অশান্তিৰ আগজাননী, প্ৰতিৰোধ আৰু মোকাবিলা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰীক্ষা কৰিবলৈ, কোনো কৰ্তৃপক্ষ বা ব্যক্তিৰ কোনো ব্যৰ্থতা হৈছে নে নাই তাক সূচাবলৈ আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ বাধ্যবাধকতা প্ৰদান কৰা হৈছিল তিৱাৰী আয়োগক।
১৯৮৪ চনৰ মে’ মাহত অসম চৰকাৰক ৬০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। কিন্তু তাৰ পাছত এই প্ৰতিবেদন চৰকাৰে গাপ দি ৰাখিছিল। ইয়াৰ ফলত ভুক্তভোগীসকল ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগৰ ভিত্তিত ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল।
সংবাদ প্ৰতিষ্ঠান বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা নেলী হত্যাকাণ্ডটো ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত দেশৰ ভিতৰতে আটাইতকৈ ভয়াৱহ ৰক্তপাত আছিল। সেইদিনা ৩০০০ লোকৰ মৃত্যু হৈছিল বুলি অনুমান কৰা হৈছে।

নেলীকাণ্ডৰ পৰৱৰ্তী সময়ৰ ছবি
বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ২৫ নৱেম্বৰত বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।
‘‘অসম চৰকাৰৰ হাতত যিবোৰ প্রতিবেদন উপলব্ধ আছিল, সেইবোৰৰ প্ৰতিলিপিত তিৱাৰীৰ স্বাক্ষৰ নাছিল, যাৰ বাবে প্রতিবেদনৰ প্রমাণ আছিল নে নাই সেই সন্দর্ভত প্ৰশ্ন উত্থাপন হোৱাৰ অনুমান কৰা হৈছে ৷ আমি সেই সময়ৰ বিভিন্ন কেৰাণীৰ সাক্ষাৎকাৰ লৈ ফৰেনছিক টেষ্ট কৰি দেখিবলৈ পাইছোঁ যে ই প্রকৃত প্ৰতিবেদন ৷ পূর্বৰ চৰকাৰে এই সন্দর্ভত এক সাহসী পদক্ষেপ লোৱাৰ বাবে ভয় কৰিছিল ৷ কিন্তু কোনো এখন চৰকাৰে ইয়াক উপস্থাপন কৰিব লাগে, ই আমাৰ ইতিহাসৰ এক অধ্যায়।’’ তেওঁ উল্লেখ কৰে।
অসমত ২০২৬ চনত ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ কেইমাহমান পূৰ্বে তথা বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশ আৰু ৰাজ্যখনত বসবাস কৰা বঙালী মুছলমানসকলৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ মাজতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ওলাইছে।