শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিজেপিৰ সমদলৰ পৰা মুখ্যমন্ত্ৰীৰ ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ...

বিজেপিৰ সমদলৰ পৰা মুখ্যমন্ত্ৰীৰ ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ…

barasha-sarma
Barasha Sarma | Updated On: 22 Oct 2025 21:55 PM

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ হাজাৰ হাজাৰ মহিলাক ১০ হাজাৰকৈ টকা প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত এই ধন প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুক ৰাজনীতিকৰণ কৰিব বিচাৰিছে একাংশই, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এক শক্তিয়ে ৰাজ্যত উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা কৰি আছে। […]

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ হাজাৰ হাজাৰ মহিলাক ১০ হাজাৰকৈ টকা প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত এই ধন প্ৰদান কৰে।

জুবিন গাৰ্গৰ মৃত্যুক ৰাজনীতিকৰণ কৰিব বিচাৰিছে একাংশই, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এক শক্তিয়ে ৰাজ্যত উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা কৰি আছে। কিন্তু বিজেপিয়ে জুবিনৰ সকলো “প্ৰকৃত অনুৰাগী”ক একত্ৰিত কৰি ৰাজ্যখনক “ভুৱা অনুগামী”ৰ যিকোনো অশান্তিৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰি আছে।

ইফালে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। এই সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ।

পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে গ্ৰহণ কৰিছে এক নতুন কৌশল। শেহতীয়া এক তথ্য় মতে জৈছ-ই-মহম্মদে মহিলা নিযুক্তিৰ বাবে টুফাত আল-মমিনাত নামৰ অনলাইন জেহাদী পাঠ্যক্ৰম আৰম্ভ কৰিছে।