TV9 ASSAM
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত হৈছে ভাৰত। পাৰ্থৰ পাছত কালি এডিলেইডতো ভাৰত পৰাস্ত হোৱাৰ লগে লগে শৃংখলা হেৰুৱায়।
আপুনি জানি আচৰিত হ’ব যে সুদীৰ্ঘ ৬৭১ দিন ধৰি, অৰ্থাৎ প্ৰায় দুই বছৰ ভাৰতে বিদেশৰ মাটিত এখনো এদিনীয়া মেচত জয়ী হোৱা নাই।
ভাৰতে বিদেশৰ মাটিত অন্তিমবাৰ জয় লাভ কৰিছিল ২০২৩ চনৰ ২১ ডিচেম্বৰত। পাৰ্লত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল উক্ত মেচখন।
বিদেশৰ মাটিত ভাৰতে বিগত পাঁচখন এদিনীয়া মেচত জয়ী হোৱা নাই। ইয়াৰে এখন মেচ বিগত বৰ্ষৰ ২ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে টাই হৈছিল।
তেতিয়াৰ পৰা ভাৰতে শ্ৰীলংকাৰ বিপক্ষে দুখন আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিপক্ষে দুখন এদিনীয়াত পৰাস্ত হৈছে। এইদৰে বিদেশত একেৰাহে চাৰিখন এদিনীয়াত পৰাস্ত হৈছে ভাৰত।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় বেটাৰৰ প্ৰদৰ্শন হতাশাজনক। দুয়োখন মেচতে ব্যৰ্থ হৈছে শুভমন গিল আৰু বিৰাট কোহলীৰ দৰে তাৰকা। বলিঙো বিশেষ সফল বুলিব নোৱাৰি।
পঢ়িবলৈ ক্লিক কৰক
পাকিস্তানী তাৰকাক পিছ পেলাই অভিলেখ ৰোহিতৰ