মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ঘৰুৱা উপায়...

24  OCT 2025

TV9 ASSAM

বহু মানুহে মুখৰ দুৰ্গন্ধৰ সমস্যাত ভোগে। এই ক্ষেত্ৰতে মানুহে অস্বস্তিত ভোগা দেখা যায়। মুখৰ দুৰ্গন্ধ ওলাই থাকিলে নিজে বা আনেও অশান্তি লাভ কৰে।

মুখৰ দুৰ্গন্ধ

কেতিয়াবা দুবাৰ ব্ৰাছ কৰাৰ পাছতো মুখৰ দুৰ্গন্ধ ওলাই থাকে। এনে ক্ষেত্ৰত কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা মুখৰ দুৰ্গন্ধ দূৰ কৰিব পাৰে। কেমিকেল ব্যৱহাৰ নকৰাকে সমাধান পাব পাৰে।

ব্ৰাছ

আপুনি চফ বা ইলাচি খাব পাৰে। মুখত অলপ চফ বা ইলাচি লৈ থাকিলে ই মুখৰ দুৰ্গন্ধ হ্ৰাস কৰাত যথেষ্ঠ পৰিমাণে হ্ৰাস কৰে। ই মুখত সতেজ কৰি ৰাখে।

চফ বা ইলাচি

পখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে পদিনা পাত ভাল। আপুনি পদিনা পাত এটা মুখত লৈ থাকিব পাৰে। খাদ্য খোৱাৰ পাছত পদিনা পাত চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়।

পদিনা

লং মুখৰ গোন্ধ দূৰ কৰাৰ বাবে উপকাৰী। প্ৰায় সকলোৰে পাকঘৰত লং থাকে।  লঙত এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে মুখৰ বেয়া বেক্টেৰিয়া দূৰ কৰি গোন্ধ আঁতৰ কৰাত সহায় কৰে।

লং

ডালিম শৰীৰৰ বাবে ভাল। কিন্তু ইয়াৰ বাকলিয়ে মুখৰ গোন্ধ দূৰ কৰাত সহায় কৰিব পাৰে।  এই বাকলি পানীত দি সেয়া উতলাই ল'ব। পাছত ঠাণ্ডা কৰি গাৰ্গল কৰিব। এনে কৰিলে দুৰ্গন্ধ আঁতৰ হ'ব।

ডালিমৰ বাকলি

তুলসী পাতেও মুখৰ দুৰ্গন্ধ কম কৰাত সহায় কৰিব পাৰে। খাদ্য গ্ৰহণৰ পাছত এটা পাত চোবাই থাকিব। ইয়াৰোপৰি আপুনি প্ৰতিদিনে নিমখ পানীৰে গাৰ্গল কৰিলে এই সমস্যা নাইকীয়া হ'ব পাৰে।

তুলসী পাত

পঢ়িবলৈ ক্লিক কৰক 

মুখৰ ঘাঁৰ কাৰণ