শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বন্ধুত্বই নিদিয়ে যৌন আতিশয্যৰ অনুমতি, কিশোৰীৰ অভিযোগক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মহিলাৰ সৈতে বন্ধুত্ব সন্দৰ্ভত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ মত। আদালতে কয়, এগৰাকী মহিলাৰ সৈতে বন্ধুত্ব কৰিলে অভিযুক্তক বাৰে বাৰে ধৰ্ষণ আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অনুমতি দিয়া নহয়।

বন্ধুত্বই নিদিয়ে যৌন আতিশয্যৰ অনুমতি, কিশোৰীৰ অভিযোগক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ
উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 24 Oct 2025 13:47 PM

বন্ধুত্বই কোনো লোককে বাৰে বাৰে ধৰ্ষণ বা প্ৰহাৰ কৰিবলৈ অনুমতি নিদিয়ে। এক গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায় দিল্লী উচ্চ ন্যায়ালয়ে। শেহতীয়াকৈ এক POCSO গোচৰত আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এগৰাকী ব্যক্তি। বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল আদালতে। ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই আবেদনৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰে আৰু আবেদন খাৰিজ কৰে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মহিলাৰ সৈতে বন্ধুত্ব সন্দৰ্ভত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ মত। আদালতে কয়, এগৰাকী মহিলাৰ সৈতে বন্ধুত্ব কৰিলে অভিযুক্তক বাৰে বাৰে ধৰ্ষণ আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অনুমতি দিয়া নহয়। অৱশ্যে এই গোচৰত অভিযুক্তই বান্ধৱীৰ সৈতে যৌন সম্পৰ্ক সন্মতিসূচক আছিল বুলি উল্লেখ কৰিছে।

ইফালে ভুক্তভোগী ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে উল্লেখ কৰা মতে অভিযুক্ত তেওঁৰ বন্ধু আছিল। অভিযুক্তক কেইবাবছৰ ধৰি চিনি পোৱা বুলিও এজাহাৰত উল্লেখ কৰিছে কিশোৰীগৰাকীয়ে। অভিযুক্তই তেওঁক প্ৰায়ে বন্ধুৰ ঘৰলৈ লৈ গৈছিল আৰু বহুবাৰ যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰিছে অভিযোগকাৰী কিশোৰীগৰাকীয়ে।

অভিযোগকাৰীয়ে লগতে প্ৰথমে ভয়ৰ বাবে এই বিষয়ে আৰক্ষীক অৱগত কৰা নাছিল বুলিও উল্লেখ কৰিছে। ভয়তে নিজৰ চিকিৎসা পৰীক্ষাও কৰা নাছিল বুলি কিশোৰীগৰাকীয়ে লগতে কয়। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে।

তথ্য অনুসৰি অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, ২০২৩ৰ ৬৪(২), ১১৫(২), ১২৭(২) আৰু ৩৫১ ধাৰাত আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছতে অভিযুক্তই আগতীয়া জামিনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।