শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কৰ্মৰত অৱস্থাতে উলিয়াব পাৰি PF একাউণ্টৰ ধন? নিয়ম জানক..

কৰ্মৰত অৱস্থাতে উলিয়াব পাৰি PF একাউণ্টৰ ধন? নিয়ম জানক..

trishna-kalita
Trishna Kalita | Published: 23 Oct 2025 20:43 PM

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা কিমানবাৰ টকা উলিয়াব পাৰিব তাৰ কোনো উচ্চ সীমা নাই। কিন্তু পি এফ একাউণ্টৰ পৰা কেতিয়াও সম্পূৰ্ণ ধন উলিয়াব নোৱাৰি। আকৌ যদি কোনোবাই ৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ আগতে পি এফ ৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়ায় তেন্তে টিডিএছ কৰ্তন কৰা হয়।

আমি কেৱল আজিৰ কথা ভাবিলেই নহ’ব, ভৱিষ্যতৰ কথা ভবাটোও আৱশ্যক ৷ কেৱল উপাৰ্জন কৰিলেই নহ’ব, টকা সঞ্চয়ো কৰিব লাগিব। কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ প্ৰভিডেণ্ট ফাণ্ডত (PF) জমা হয়। অৱসৰৰ পিছত সেই ধন উলিয়াব পাৰি। কিন্তু অৱসৰৰ পূৰ্বেও গ্ৰাহকে PF একাউণ্টৰ পৰা ধন উলিয়াব পাৰে।  সেই ধন কিমানবাৰ উলিয়াব পাৰি? কি কি কাৰণত আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ধন উলিয়াব পাৰে? জানো আহক…

কাম কৰি থকা সময়টো এই ধন উলিয়াব পাৰিব। ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সীমা নাই। অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ডৰ পৰা কিমানবাৰ টকা উলিয়াব পাৰিব তাৰ কোনো উচ্চ সীমা নাই। কিন্তু পি এফ একাউণ্টৰ পৰা কেতিয়াও সম্পূৰ্ণ ধন উলিয়াব নোৱাৰি। আকৌ যদি কোনোবাই ৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ আগতে পি এফ ৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়ায় তেন্তে টিডিএছ কৰ্তন কৰা হয়।