শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল

এই সংবাদমেলত মুন্না প্ৰসাদ গুপ্তাই কয়, "এই তদন্তত গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য লোৱাটো দৰকাৰ, SIT ৰ সন্মুখত আহিছে, তেওঁৰো ভাষ্য লৈ থকা হৈছে। এতিয়ালৈকে প্ৰায় ৭০ জনৰো অধিক লোকৰ ভাষ্য লোৱা হৈছে।"

ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
barasha-misra
Barasha Misra | Updated On: 24 Oct 2025 16:23 PM

১ মাহ সম্পূৰ্ণ হৈ গৈছে জুবিন গাৰ্গৰ মৃত্যু হোৱা। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। ইতিমধ্য আৰক্ষীয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰবা মহন্তক জে’ললৈ প্ৰেৰণ কৰিছে। এই ৰহস্য পাদিলৰ বাবে দিনে নিশাই কষ্ট কৰি গৈছে SIT এ। কিছুদিন পূৰ্বে ছিংগাপুৰলৈ উৰা মাৰিছিল SITৰ দুজনীয়া দল। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত জুবিনৰ ঘটনাৰ তদন্তৰ বাবে যায় দলটো।

ছিংগাপুৰত গৈ কি কি অনুসন্ধান কৰিলে SITৰ দলে? এই সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰি সকলো অৱগত কৰিলে মুন্না প্ৰসাদ গুপ্তাই। তেওঁ কয়, ‘SIT য়ে ২০ অক্টোবৰত ছিংগাপুৰত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে বৈঠক বহি আইনী সহায় বিচাৰিছিল। তাৰ পিছত ২১ তাৰিখে ছিংগাপুৰৰ পাঁচ জনীয়া আৰক্ষীৰ সৈতে SIT ৰ বৈঠক হৈছিল। সেই বৈঠকতে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SIT ক দিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনা স্থলীও SIT য়ে পৰিদৰ্শন কৰিছে। ছিংগাপুৰ আৰক্ষীকো খৰটকীয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ কৰা হৈছে SIT ৰ ফালৰ পৰা।’

ইয়াৰোপৰিও তেওঁ কয়, ‘হোটেল পান পেচিফিকৰ CCTV VISUALS সংগ্ৰহ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে SITয়ে। ছিংগাপুৰত থকা কেইবাগৰাকীও অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITক দিব। ১০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে CCTV, ছিংগাপুৰত থকা অসমীয়া লোকৰ সাক্ষ্য লৈ পঠিয়াব SIT ক। ছিংগাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ঠ তথ্য পোৱা গৈছে।’

এই সংবাদমেলত মুন্না প্ৰসাদ গুপ্তাই কয়, “এই তদন্তত গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য লোৱাটো দৰকাৰ, আজি দেখিছে SIT ৰ সন্মুখত আহিছে, তেওঁৰো ভাষ্য লৈ থকা হৈছে। এতিয়ালৈকে প্ৰায় ৭০ জনৰো অধিক লোকৰ ভাষ্য লোৱা হৈছে।”

ইফালে জুবিন গাৰ্গৰ দুই PSOৰ একাউন্টত পোৱা গৈছিল বৃহৎ পৰিমাণৰ ধন। দুৰ্নীতি অন্য এক গোচৰ আৰোপ কৰা হৈছে এতিয়া দুয়োজনৰ ওপৰত। সংবাদমেলত এই কথা স্পষ্ট কৰে মুন্না প্ৰসাদ গুপ্তাই। তেওঁলোকৰ প্ৰতিটো লেনদেনৰ পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আজি  জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ ঘৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলায়। এই অভিযানত পৰেশ বৈশ্যৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ সহ কিছু সামগ্ৰী জব্দ কৰে দলটোৱে ।