Women’s World Cup 2025: দ্বিতীয় ছেমিত কোন হ’ব ভাৰতৰ প্ৰতিদ্বন্দী! চাওক সমীকৰণ…
আমোদজনকভাৱে এই তিনিওটা দলৰ বিপক্ষেই লীগ পৰ্যায়ত একেৰাহে তিনিখন মেচত পৰাস্ত হৈছিল ভাৰত। এতিয়া ছেমিফাইনেলতো এই দলকেইটাৰ ভিতৰতে কোনো এটা দলৰ সন্মুখীন হ’ব হৰমনপ্ৰীত বাহিনী। এতিয়া প্ৰশ্ন হয়, মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত ভাৰতীয় দল কোন দলৰ মুখামুখি হ’ব?
চলিত মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ত নিশ্চিত হৈছে ছেমিফাইনেলৰ চাৰিটা দল। বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ লীগ মেচত নিউজিলেণ্ডক পৰাস্ত কৰি অন্তিমটো দলৰ ৰূপত ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলে। ইতিপূৰ্বে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। আমোদজনকভাৱে এই তিনিওটা দলৰ বিপক্ষেই লীগ পৰ্যায়ত একেৰাহে তিনিখন মেচত পৰাস্ত হৈছিল ভাৰত। এতিয়া ছেমিফাইনেলতো এই দলকেইটাৰ ভিতৰতে কোনো এটা দলৰ সন্মুখীন হ’ব হৰমনপ্ৰীত বাহিনী।
অপৰিৱৰ্তিত থাকিব ভাৰতৰ স্থিতি
এইপৰ্যন্ত পইণ্ট তালিকাত ছয়খন মেচ খেলাৰ পাছত অষ্ট্ৰেলিয়া ১১ পইণ্টেৰে শীৰ্ষস্থানত আছে। সমসংখ্যক মেচ খেলি ১০ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। আনহাতে ইংলেণ্ডেও ৬খন মেচত ৯ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। ইফালে, ছয়খন মেচৰ পৰা ৬ পইণ্ট লাভ কৰি ভাৰত তালিকাৰ চতুৰ্থ স্থানত আছে।
ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰাৰ পিছতো প্ৰতিটো দলৰ লীগ পৰ্যায়ত আৰু এখনকৈ মেচ বাকী আছে। গ্ৰুপৰ অন্তিমখন মেচত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব। ইংলেণ্ডে নিজৰ অন্তিমখন মেচ খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে, আনহাতে ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে খেলিব।
ভাৰতীয় দল নিজৰ অন্তিম মেচত জয়ী হ’লেও পইণ্ট তালিকাত স্থিতি অপৰিৱৰ্তিত হৈ থাকিব। বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰিলেও ভাৰতৰ হাতত থাকিব ৮ পইণ্ট আৰু দলৰ স্থান চতুৰ্থতে থাকিব। অৱশ্যে লীগ পৰ্যায় অন্ত পৰালৈ শীৰ্ষ তিনিটা স্থানত পৰিৱৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
শীৰ্ষ স্থানৰ যুঁজ
যদিহে অষ্ট্ৰেলিয়াই গ্ৰুপৰ অন্তিমখন মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে, তেতিয়া ১৩ পইণ্টেৰে প্ৰথম স্থানত থাকিব। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হ’লে দ্বিতীয় স্থানলৈ নামিব অষ্ট্ৰেলিয়া আৰু ১২ পইণ্ট সংগ্ৰহেৰে দক্ষিণ আফ্ৰিকা শীৰ্ষস্থানলৈ উন্নীত হ’ব। অৱশ্যে এইক্ষেত্ৰত সম্ভাৱনা যথেষ্ট কম দেখা গৈছে।
এতিয়ালৈকে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ১৮ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে। এই ১৮ বাৰৰ মুখামুখিত দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলে মাত্ৰ এবাৰহে জয়ৰ মুখ দেখিছে। আনহাতে অষ্ট্ৰেলিয়াৰ হাতত ১৬ বাৰেই পৰাজয়ৰ সন্মুখীন হৈছে দলটো। ইয়াৰ বিপৰীতে এখন মেচ ড্ৰ’ হৈছে।
ইফালে ইংলেণ্ডৰ হাততো দ্বিতীয় স্থান দখল কৰাৰ সুযোগ আছে। মহিলা বিশ্বকাপৰ গ্ৰুপৰ অন্তিমখন খেলত নিউজিলেণ্ডক পৰাস্ত কৰিলে ১১ পইণ্ট লাভ কৰি দ্বিতীয় স্থানলৈ আগবাঢ়িব ইংলেণ্ড। অৱশ্যে তেতিয়া দক্ষিণ আফ্ৰিকাও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ’ব লাগিব। যদি দক্ষিণ আফ্ৰিকা জয়ী হয়, তেতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ী হ’লেও ইংলেণ্ড বৰ্তমানৰ ৩ নম্বৰ স্থানত থাকিব।
ছেমিফাইনেলৰ সময়সূচীঃ কাৰ মুখামুখি হ’ব ভাৰত?
এতিয়া প্ৰশ্ন হয়, মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত ভাৰতীয় দল কোন দলৰ মুখামুখি হ’ব? প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল ২৯ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৩০ অক্টোবৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত। এই মেচখনত চতুৰ্থ স্থানত থকা ভাৰত মুখামুখি হ’ব তালিকাৰ শীৰ্ষস্থানৰ দলটোৰ সৈতে।
অৰ্থাৎ ছেমি ফাইনেলত অষ্ট্ৰেলিয়া বা দক্ষিণ আফ্ৰিকা ভাৰতীয় দলৰ প্ৰতিদ্বন্দী হ’ব। অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’বলগা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ লীগ মেচখনৰ ফলাফলৰ জৰিয়তে ভাৰতীয় দলৰ প্ৰতিদ্বন্দী কোন হ’ব সেয়া নিশ্চিত হৈ পৰিব।