International Yoga Day 2025: ডিঙিত ফুলাম গামোচা লৈ বিশাখাপট্টনমত যোগাসন প্ৰধানমন্ত্ৰী মোদীৰ
বিশাখাপট্টনমত যোগাভ্যাসৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ ডিঙিত দেখা গ'ল অসমৰ ফুলাম গামোচা। অসমীয়াৰ গামোচাখনক দিয়া আদৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি সমগ্ৰ দেশতে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এইবাৰ বিষয়বস্তু হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”। এই বিশেষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনমত ৩ লাখ লোকৰ সৈতে যোগাসন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে যোগে মানুহক বিশ্বৰ সৈতে ঐক্যলৈ লৈ যায়, য’ত আভ্যন্তৰীণ শান্তি বিশ্ব নীতিত পৰিণত হয়। মানৱতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰাচীন প্ৰথাৰ আৰম্ভণি।
১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱ দিছিল তেতিয়া ভাৰতে ১৭৫খন দেশৰ সমৰ্থন লাভ কৰিছিল। ১১ বছৰৰ পাছত এতিয়া যোগাসন বিশ্বৰ কোটি কোটি মানুহৰ জীৱনৰ অংগ হৈ পৰিছে। তেওঁ আৰু কয় যে সেয়া ছিডনী অপেৰা হাউচ হওক, মাউণ্ট এভাৰেষ্ট হওক বা সাগৰৰ উপকূল হওক, বাৰ্তাটো হ’ল যে যোগাসন সকলোৰে বাবে। সমগ্ৰ বিশ্বতে কিছুমান মানসিক চাপৰ দৰে ঘটনা ঘটি আছে।
“এভাৰেষ্টৰ শিখৰ হওক বা সাগৰ, যোগ সকলোৰে বাবেই” এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই যোগ দিৱসক মানৱতাৰ বাবে যোগ ২.০ৰ আৰম্ভণি হিচাপে পালন কৰিবলৈ বিশ্ববাসীক অনুৰোধ জনাইছো, য’ত আভ্যন্তৰীণ শান্তি এক বিশ্বজনীন নীতিত পৰিণত হয়, যোগে আমাক বিশ্বৰ সৈতে ঐক্যলৈ লৈ যায়। যোগাসন সীমা, পটভূমি, বয়স বা সামৰ্থ্য অনুযায়ী সকলোৰে বাবে।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোগাসন হৈছে এক মহান ব্যক্তিগত অনুশাসন, ই এনে এক ব্যৱস্থা যিয়ে মানুহক “মই”ৰ পৰা “আমি”লৈ লৈ যায় আৰু ই হৈছে মানৱতাই উশাহ ল’বলৈ, ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু পুনৰ উজ্জীৱিত হ’বলৈ প্ৰয়োজনীয় বিৰতিৰ বুটাম। স্বেচ্ছাসেৱকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়েও যোগাসন কৰা দেখা যায়। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পোষ্ট কৰি কয়, যোগ কেৱল এক ব্যায়াম নহয়। প্ৰধানমন্ত্ৰীয়ে যোগক জীৱনৰ এক পদ্ধতি বুলি অভিহিত কৰে।
“প্ৰধানমন্ত্ৰীয়ে যোগক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিলে”
এই বিশেষ অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকে। এন চন্দ্ৰবাবু নাইডুৱে এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোগক কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিলে আৰু ইয়াক বিশ্বব্যাপী সুস্থতাৰ আন্দোলনলৈ ৰূপান্তৰিত কৰিলে। নাইডুৱে আৰু কয় যে ১৭৫ খনতকৈও অধিক দেশত, ১২ লাখ ঠাইত যোগ দিৱস পালন কৰা হৈছে, য’ত ১০ কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে।
তেওঁ আৰু কয়, “অকল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে যোগক জনপ্ৰিয় কৰি তোলাৰ বাবে আমাৰ দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো। তেওঁ ৰাষ্ট্ৰসংঘৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ কৰি যোগক বিশ্ব স্বাস্থ্য আন্দোলন হিচাপে গঢ়ি তুলিছিল।”
বিশাখাপট্টনমত যোগাভ্যাসৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ ডিঙিত দেখা গ’ল অসমৰ ফুলাম গামোচা। অসমীয়াৰ গামোচাখনক দিয়া আদৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্টত কয়, “আমাৰ মৰম আৰু চেনেহৰ গামোচাখন মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হৃদয়ত সদায়ে বিৰাজমান। ইয়ে বুজায় অসম তেখেতৰ অন্তৰত, চিন্তন তথা মননত। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত যেতিয়া প্ৰায়ে আমাৰ স্বাভিমান গামোচাখনে শোভা পায় অসমবাসীৰ প্ৰাণ গৌৰৱেৰে উথলি উঠে। তেখেতে যিদৰে অসমৰ গৌৰৱৰ প্ৰতীকসমূহ বিশ্ববাসীৰ সন্মুখত তুলি ধৰিছে, দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও সেইধৰণে দাঙি ধৰা নাছিল। সেইবাবে আমি মোদী ডাঙৰীয়ালৈ অযুত কৃতজ্ঞতা সদায়ে জ্ঞাপন কৰিম।”
আনহাতে যোগক বিশ্ব স্তৰত জনপ্ৰিয় কৰি তোলাৰ কৃতিত্ব প্ৰধানমন্ত্ৰীক প্ৰদান কৰি মুখ্য়মন্ত্ৰী শৰ্মাই আন এটা পোষ্টত কয়, “যোগাভ্যাসে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনেৰে আমাৰ জীৱনশৈলী উন্নত কৰাত বিশেষভাৱে অৰিহণা যোগায়। এক সুস্থ-সবল জীৱনৰ অধিকাৰী হ’বলৈ যোগাভ্যাসৰ গুৰুত্ব অপৰিসীম। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগাভ্যাসৰ প্ৰচাৰৰ জৰিয়তে সমগ্ৰ বিশ্বতে মানৱ কল্যাণৰ এক বাণী বিয়পাইছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই বাণীৰে অনুপ্ৰাণিত হৈ আমিও যোগাভ্যাসৰ এক পৰিৱেশ গঢ়ি তোলোঁ আহক। নিজক ভালে ৰখাটো অত্যন্ত প্ৰয়োজনীয়। আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছাৰে…”।